নিউজ ডেস্ক, ২২ জুলাই : ১৯ জুলাইত পোহৰলৈ অহা মণিপুৰৰ মানৱতা ভূলুণ্ঠিত কৰা ভিডিঅ'টোৰ সন্দৰ্ভত পঞ্চমজন অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ । উল্লেখ্য যে বুধবাৰে ভাইৰেল হৈ পৰা ভিডিঅ'টোত সংঘৰ্ষগ্ৰস্ত মণিপুৰত দুগৰাকী মহিলাক এদল জনতাই উলংগ কৰি সমদল কৰা দেখা গৈছে ।
আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তজনক এজন ১৯ বছৰীয়া যুৱক বুলি চিনাক্ত কৰা হৈছে । উল্লেখ্য যে ৪ মে'ত মণিপুৰত দুগৰাকী মহিলাক বিবস্ত্ৰ কৰি সমদল কৰা ঘটনাৰ বাবে ইতিমধ্যে আটক কৰা চাৰিজন অভিযুক্তক শুকুৰবাৰে ১১ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে ।
১৯ জুলাইত ২৬ ছেকেণ্ডৰ ভিডিঅ'টো পোহৰলৈ অহাৰ এদিন পিচতে বৃহস্পতিবাৰে অভিযুক্তকেইজনক গ্ৰেপ্তাৰ কৰা হয় । আনহাতে, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ কেইঘণ্টামান পিচতে বৃহস্পতিবাৰে গোচৰটোৰ মূল অভিযুক্তজনৰ ঘৰটো জ্বলাই দিয়ে । আৰক্ষীয়ে জনোৱা অনুসৰি, ভিডিঅ'টোত তেওঁক কাংপোকপি জিলাৰ বি ফেইনোম গাঁৱত জনতাক সন্মুখত থাকি নিৰ্দেশ দিয়া দেখা গৈছিল ।
উল্লেখ্য যে ভিডিঅ'টোত দেখা মহিলা দুগৰাকীৰ ভিতৰত এগৰাকী হৈছে প্ৰাক্তন সেনা জোৱানৰ পত্নী । তেওঁ অসম ৰেজিমেণ্টৰ চুবেদাৰ হিচাবে ভাৰতীয় সেনাত সেৱা আগবঢ়াইছিল আৰু আনকি কাৰ্গিল যুদ্ধতো যুঁজিছিল । স্মৰ্তব্য যে ভাইৰেল ভিডিঅ'টোৰ সন্দৰ্ভত অভিযোগ প্ৰায় এমাহ পূৰ্বে ২১ জুনৰ পূৰ্বেই কাংপোকপি জিলাৰ চাইকুল আৰক্ষী থানাত দাখিল কৰা হৈছিল ।
পিটিআয়ে প্ৰত্যক্ষ কৰা এই গোচৰটোৰ এজাহাৰখনত জনজাতীয় মহিলাসকলক অপহৰণ কৰা আৰু তেওঁলোকৰ সৈতে লজ্জাজনক আচৰণৰ পূৰ্বে সংঘটিত হোৱা হাহাকাৰজনক পৰিস্থিতিৰ কথাও উল্লেখ কৰা হৈছিল । এজাহাৰখনত দাবী কৰা হৈছিল যে ৪ মে'ত দুয়োকে উলংগ কৰি ৰাজহুৱাভাৱে উৎপীড়ন কৰাৰ আগতে ভগ্নীক ধৰ্ষণৰ পৰা সুৰক্ষিত কৰিবলৈ চেষ্টা কৰাৰ সময়ত জনতাই এজন লোকক হত্যা কৰিছিল ।
উল্লেখ্য যে ৩ মে'ত ৰাজ্যখনত জাতিগত হিংসা আৰম্ভ হোৱাৰ পিচত ১৬০ জনৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে আৰু কেইবাজনো লোক আহত হৈছে । মেইটেই সম্প্ৰদায়ৰ অনুসূচিত জনজাতিৰ (এছটি) মৰ্যাদাৰ দাবীৰ বিৰুদ্ধে পাহাৰীয়া জিলাখনত 'জনজাতীয় সংহতি সমদল' আয়োজন কৰা হৈছিল । ইয়াৰ পাচতেই মণিপুৰত বৰ্তমানৰ অগ্নিগৰ্ভা পৰিস্থিতিৰ উদ্ভৱ হয় ।