আগৰতলা, 28 জুন: ত্ৰিপুৰাৰ আইন-শৃংখলাজনিত পৰিস্থিতি পৰিচালনাৰ ক্ষেত্ৰত ত্ৰিপুৰা আৰক্ষীৰ ভূমিকাক তীব্ৰ ভাষাৰে সমালোচনা কৰি দেওবাৰে বিৰোধী নেতা আৰু পলিটব্যুৰ' সদস্য মানিক সৰকাৰে কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰে ৷ শাসকীয় বিজেপিলৈ আঙুলি টোৱাই যোৱা তিনি বছৰত গণপ্ৰহাৰত হত্যাৰ ঘটনাৰ লগতে আইনী জিম্মাত হোৱা মৃত্যৰ ঘটনা যথেষ্ট বৃদ্ধি পাইছে বুলি সৰকাৰে অভিযোগ উত্থাপন কৰে ৷ গণপ্ৰহাৰত হোৱা মৃত্যুৰ উচ্চস্তৰীয় তদন্তৰ দাবী জনাই অহা সৰকাৰে আনকি সংবাদ মাধ্যমৰ সন্মুখত এনে ঘটনাসমূহৰ এখন তালিকা উপস্থাপন কৰে ৷
এই ঘটনাসমূহৰ এক পুংখানুপুংখ তদন্তৰ প্ৰয়োজন আছিল যদিও ৰাজ্যৰ আইন প্ৰৱৰ্তনকাৰী সংস্থাসমূহৰ পৰা পৰ্যাপ্ত মনোযোগ আকৰ্ষণ কৰাত ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছিল ৷ বিগত দুটা বছৰত ৰাজ্যখনত মুঠ 9টা গণপ্ৰহাৰৰ ঘটনা আৰু আইনী জিম্মাত 5টা মৃত্যুৰ ঘটনা সংঘটিত হোৱা বুলি দাবী কৰি সৰকাৰে এই সন্দৰ্ভত চৰকাৰৰ স্থিতিক লৈ প্ৰশ্ন উত্থাপন কৰিছে ৷
সৰকাৰৰ অভিযোগ অনুসৰি 2019ৰ 28 জুনৰ পৰা 2021ৰ 25 জুন পৰ্যন্ত ৰাজ্যখনত 9টাকৈ গণপ্ৰহাৰৰ ঘটনা সংঘটিত হৈছে আৰু উদয়পুৰ কাৰাগাৰ, বিশালগড়, অমৰপুৰ, কমলপুৰত আইনী জিম্মাত থকা অৱস্থাত 5টা মৃত্যুৰ ঘটনা সংঘটিত হৈছে ৷ সমাজ বিৰোধী কাৰ্যকলাপ সমূহ ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ হেমাহিৰ বাবে দুখ প্ৰকাশ কৰি তেওঁ কয় যে, "এই ঘটনাসমূহ সংঘটিত কৰা অপৰাধীক গ্ৰেপ্তাৰ কৰাতো বাদেই ঘটনা সন্দৰ্ভত চলি থকা তদন্তৰ বিকাশ সন্দৰ্ভত এই পৰ্যন্ত আমি একো নাজানো ৷"
লগতে পঢ়ক: মন্ত্ৰীসভা সম্প্ৰসাৰণ: ৩ ঘণ্টীয়া বৈঠক বিজেপি বিধায়কৰ
দলৰ মুখ্য কাৰ্যালয়ত সংবাদ মাধ্যমক সম্বোধন কৰি তেওঁ কয় যে, সংখ্যাৰ ফালৰ পৰা চাবলৈ গ'লে এই ঘটনাসমূহ সঁচাকৈয়ে উদ্বেগজনক ৷ কিন্তু, ৰাজ্যখনৰ গৃহমন্ত্ৰীৰো দায়িত্বত থকা মুখ্যমন্ত্ৰীগৰাকীৰ ফালৰ পৰা এই ঘটনাসমূহক লৈ কোনো বিবৃতি অহা নাই ৷ কেৱল মুখ্যমন্ত্ৰীয়ে নহয় আৰক্ষী , প্ৰশাসন সকলোৱে একো নোহোৱাৰ দৰে নিৰৱতা অৱলম্বন কৰাটো যথেষ্ট আশ্চৰ্যজনক বুলিও সৰকাৰে মন্তব্য কৰে ৷
বিৰোধীৰ ওপৰত সংঘটিত আক্ৰমণ সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰি তেওঁ কয় যে, "মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱ আৰু ৰাজ্যপাল ৰমেশ বাইছে বিৰোধী দলসমূহৰ বিৰুদ্ধে হিংসাৰ প্ৰতি শূণ্য সহনশীলতাৰ আশ্বাস দিয়া দৃঢ় মন্তব্যৰ পাচতো বিৰোধী দলসমূহৰ ওপৰত আক্ৰমণ অবিৰতভাৱে চলি আছে ৷ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱৰ আশ্বাসৰ পাচত, 200 টা শাৰীৰিক আক্ৰমণৰ ঘটনা, 152 টা লণ্ড-ভণ্ড কৰাৰ ঘটনা, 17 টা দলীয় কাৰ্যালয় আক্ৰমণৰ ঘটনা সংঘটিত হৈছে ৷"
লগতে পঢ়ক: আগৰতলা ৰে’ল ষ্টেচনত উদ্ধাৰ অসমৰ ৫ বছৰীয়া কিশোৰ
আকৌ ৰাজ্যপালে দিয়া আশ্বাসৰ পাচত 70ৰ পৰা 75 টা শাৰীৰিক আক্ৰমণৰ ঘটনা, 60ৰ পৰা 62 টা লুণ্ঠনৰ ঘটনা সংঘটিত হোৱাৰ লগতে প্ৰায় ছটা কাৰ্যালয় আক্ৰমণৰ ঘটনা সংঘটিত হৈছে দাবী কৰি সৰকাৰে কয় যে, এই ঘটনাসমূহে কেৱল আইন-শৃংখলা পৰিস্থিতিৰ বৰ্ণনা কৰাই নহয় ৰাজ্য চৰকাৰৰ বিফলতাকো প্ৰতিফলিত কৰিছে
আৰক্ষীৰ ভূমিকা সন্দৰ্ভতো কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰি সৰকাৰে আৰক্ষীক শাসকীয় দলৰ হাতৰ পুতলা বুলি অভিহিত কৰে ৷ ৰাজনৈতিক হেঁচাৰ দ্বাৰা আৰক্ষীৰ হাত বন্ধা বুলি কটাক্ষ কৰি বিৰোধী নেতাগৰাকীয়ে এই শাসনৰ অধীনত দুৰ্বৃত্তই দিনবোৰ উপভোগ কৰি আছে বুলিও এক কটাক্ষসূচক মন্তব্য কৰে ৷
লগতে পঢ়ক: ইন্দিৰা গান্ধীৰ পৰাজয়ৰ পৰা মোডীয়ে শিক্ষা লোৱা উচিত: মানিক সৰকাৰ