ETV Bharat / bharat

বাঁওপন্থীক শক্তিশালী কৰাৰ আহ্বান মাণিক সৰকাৰৰ

author img

By

Published : Apr 1, 2021, 8:06 AM IST

এখন সঁচা আৰু কাৰ্যকৰী চৰকাৰৰ বাবে বাঁওপন্থীক শক্তিশালী কৰাৰ আহ্বান জনাইছে ত্ৰিপুৰাৰ বিৰোধী নেতা মাণিক সৰকাৰে ৷ বিজেপিৰ মিথ্যাচাৰক লৈ সৰৱ সৰকাৰ ৷ এডিচিৰ নিৰ্বাচনত বাঁওপন্থীৰ পক্ষত ভোট প্ৰদান কৰাৰ আহ্বান সৰকাৰৰ ৷

manik sarkar appeals tripura people to strengthen left for an effective government
বাঁওপন্থীক শক্তিশালী কৰাৰ আহ্বান মাণিক সৰকাৰৰ

ত্ৰিপুৰা,1 এপ্ৰিল: টিটিএএডিচি (ত্ৰিপুৰা ট্ৰাইবেল এৰিয়া অট'নমাছ ডিষ্ট্ৰিক্ট কাউঞ্চিল) ত শক্তিশালী তথা কাৰ্যকৰী শাসনৰ বাবে বাঁওপন্থীক অধিক শক্তিশালী কৰিব লাগে বুলি বুধবাৰে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে বিৰোধী নেতা মাণিক সৰকাৰে ৷ কমলপুৰ মহকুমাৰ অধীনৰ শান্তিৰবাজাৰ অঞ্চলত এক নিৰ্বাচনী সভা সম্বোধন কৰাৰ সময়ত এই মন্তব্য কৰাৰ লগতে সৰকাৰে শাসনাধীষ্ঠ বিজেপি-আইপিএফটি চৰকাৰক ভূৱা প্ৰতিশ্ৰুতিসমূহৰ বাবে সমালোচনাৰে থকা-সৰকা কৰে ৷

চৰকাৰৰ ভূৱা স্বৰূপ সম্পৰ্কে এতিয়া ত্ৰিপুৰাৰ ৰাইজ ভালদৰে অৱগত বুলি মন্তব্য কৰি সৰকাৰে লগতে এইবুলি কয়, "বিজেপি চৰকাৰে বহুত প্ৰতিশ্ৰুতি প্ৰদান কৰিলে ৷ ত্ৰিপুৰাক এক নতুন ৰূপত সজাই তোলাৰ প্ৰতিশ্ৰুতিৰে তেওঁলোকে ভোটাৰ ৰাইজৰ মনত এইক্ষেত্ৰত বিশ্বাস জন্মোৱাৰ উদ্দেশ্যে তেওঁলোকে চেষ্টাৰ কোনো ক্ৰুটি ৰখা নাছিল ৷ কিন্তু, আজিৰ তাৰিখলৈকে তেওঁলোকে এটাও প্ৰতিশ্ৰুতি নাৰাখিলে" ৷ লগতে কয় যে, "এতিয়া ত্ৰিপুৰাত খাদ্য আৰু কাম একোৰে নিশ্চয়তা নাই ৷ যাৰ ফলস্বৰূপে ৰাজ্যখনৰ শিক্ষিত যুৱক বিশেষকৈ জনজাতীয় অঞ্চলৰ যুৱকসকল কাম তথা জীৱিকাৰ সন্ধানত ৰাজ্যৰ বাহিৰলৈ গুচি যাবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে" ৷

সৰকাৰৰ মতে, ৰাজ্যখন বৰ্তমান এক যথেষ্ট সংকটজনক অৱস্থাত আছে ৷ য'ত শাসনত অধিষ্ঠিত দল সমূহ ৰাজ্যখনৰ নাগৰিকসকলক সংবিধান প্ৰদত্ত অধিকাৰ সমূহ প্ৰদান কৰাৰ ক্ষেত্ৰত একেবাৰে ইচ্ছুক নহয় ৷ ৰাজ্যখনত বৰ্তমান গণতান্ত্ৰিক সংস্কৃতি পুনৰ স্থাপন কৰাটো প্ৰধান অগ্ৰাধিকাৰ হ'ব লাগে বুলি মন্তব্য কৰি সৰকাৰে লগতে এই কথাও উল্লেখ কৰে যে, ইয়াৰ বাবে এডিচি নিৰ্বাচনত বাঁওপন্থীয়েই একমাত্ৰ বিকল্প ৷

লগতে পঢ়ক: আগৰতলাত ১০,৩২৩ গৰাকী শিক্ষকৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.