ETV Bharat / bharat

Tripura new govt oath taking: প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীৰ উপস্থিত শপত ল’লে ত্ৰিপুৰাৰ নতুন চৰকাৰে - মানিক সাহা

প্ৰধানমন্ত্ৰীৰ উপস্থিতিত শপত গ্ৰহণ কৰিলে ত্ৰিপুৰাৰ নতুন চৰকাৰে (Tripura new govt oath taking) ৷ মানিক সাহাৰ লগতে আন 8 গৰাকী বিধায়কে শপত ল’লে কেবিনেট মন্ত্ৰী হিচাবে ৷ প্ৰধানমন্ত্ৰীৰ লগতে শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ৷

Tripura new govt oath taking
প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীৰ উপস্থিত শপত ললে ত্ৰিপুৰাৰ নতুন চৰকাৰে
author img

By

Published : Mar 8, 2023, 3:31 PM IST

Updated : Mar 8, 2023, 3:37 PM IST

নেশ্যনেল ডেস্ক, 8 মাৰ্চ: ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰূপে একেৰাহে দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰিলে মানিক সাহাই (Manik Saha takes oath as Tripura CM) ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত ত্ৰিপুৰাৰ বিবেকানন্দ খেলপথাৰত বুধবাৰে অনুষ্ঠিত হ’ল ত্ৰিপুৰা চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে এই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে গৃহমমন্ত্ৰী অমিত শ্বাহ আৰু ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা (Tripura new govt oath taking) ৷ মানিক সাহাৰ লগতে বুধবাৰে ৰতন লাল নাথ, প্ৰাণজিৎ সিনহা ৰায়, সান্তনা চাকমা, সুশান্ত চৌধুৰী, টিংকু ৰায়, বিকাশ দেৱ বাৰ্মা, সুধাংশু দাস, সুক্লা চৰণ নোআটিয়াকে ধৰি আন আঠজন কেবিনেট মন্ত্ৰীয়েও শপত গ্ৰহণ কৰে ৷

উল্লেখ্য যে, কংগ্ৰেছৰ দলৰ পৰা 2016 চনত বিজেপিত যোগদান কৰা মানিক সাহাই ত্ৰিপুৰাত বিজেপিৰ ভাৱমূৰ্তি যথেষ্ট বৃদ্ধি কৰিবলৈ সক্ষম হৈছে ৷ ইফালে, বিপ্লৱ দেৱৰ পদত্যাগৰ পাছত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাবে দ্বায়িত্ব গ্ৰহণ কৰি পুনৰবাৰ বিজেপিক জয়ৰ দিশেৰে লৈ যোৱাৰ বাবে মানিক সাহাক বিজেপিয়ে সমস্যা-নিৰাময়ক হিচাবেও গণ্য কৰে (Tripura assembly election results) ৷

বিগত সোমবাৰে মানিক সাহাই ৰাজ্যপাল সত্যদেও নাৰায়ণ আৰ্যক ওচৰত চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰে ৷ বিজেপিৰ সকলো নৱ নিৰ্বাচিত বিধায়কৰ এখন সাধাৰণ সভা অনুষ্ঠিত কৰি মানিক সাহাক সৰ্বসন্মতিক্ৰমে বিধায়িনী দলৰ নেতা হিচাবে প্ৰস্তাৱ আগবঢ়োৱা হৈছিল ৷ অৱশ্যে এই সাধাৰণ সভাত বিৰোধী বাওঁপন্থী আৰু কংগ্ৰেছ দলে অংশগ্ৰহণৰ পৰা বিৰত আছিল (Tripura swearing in ceremony) ৷ উল্লেখ্য যে, ত্ৰিপুৰা বিগত কেইবাদশক ধৰি বাওঁপন্থীৰ দুৰ্গ আছিল ৷

16 অনুষ্ঠিত হোৱা 60 খন আসন থকা ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত বিজেপিয়ে 32খন আসন লাভ কৰিছিল আৰু মিত্ৰদল IPFT য়ে এখন আসন লাভ কৰিছিল ৷

লগতে পঢ়ক: Prime Minister’s two day NE visit : মেঘালয় চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Last Updated : Mar 8, 2023, 3:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.