নেশ্যনেল ডেস্ক, ২২ ডিচেম্বৰ: COVID-১৯ৰ দ্বিতীয় পৰ্যায়ৰ সংক্ৰমণে ব্ৰিটেইনত ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে দেশখনৰ পৰা আন দেশলৈ যাত্ৰা কৰা যাত্ৰীয়ে ভয়াৱহ বিপদ মাতি আনিছে । ভাৰততো মঙলবাৰে লণ্ডনৰ পৰা অহা এগৰাকী লোকৰ দেহত ধৰা পৰিছে COVID-১৯ৰ উপস্থিতি । লণ্ডনৰ পৰা দিল্লী হৈ চেন্নাইলৈ আহিছিল লোকজন ।
লণ্ডনৰ পৰা অহা লোকজন মহামাৰীত আক্ৰান্ত হোৱাৰ কথা প্ৰমাণিত হোৱাৰ পিছতে ভাৰতত COVID-১৯ৰ দ্বিতীয় পৰ্যায়ৰ সংক্ৰমণ আৰম্ভ হোৱাৰ আশংকা বৃদ্ধি পাইছে । বৰ্তমান চেন্নাইস্থিত কিং ইনষ্টিটিউট অৱ প্ৰিভেনটিভ মেডিচিন এণ্ড ৰিচাৰ্চ চেণ্টাৰত চিকিৎসাধীন হৈ আছে । ঘটনা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি তামিলনাডু স্বাস্থ্য বিভাগে লণ্ডনৰ পৰা অহা সকলো ভাৰতীয়কে ১৪ দিনৰ বাবে কোৱাৰেণ্টাইনত থাকিবলৈ আহ্বান জনাইছে ।
যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে নে নাই সেই বিষয়ে পৰ্যবেক্ষণ কৰাৰ বাবে স্বাস্থ্য বিভাগৰ সচিব জে ৰাধাকৃষ্ণনে চেন্নাই বিমানবন্দৰ পৰিদৰ্শন কৰে । মহামাৰীৰ সংক্ৰমণৰ ভয়াৱহতাৰ বিষয়ে প্ৰকাশ কৰি তেওঁ কয় যে, COVID-১৯ৰ নতুন সংক্ৰমণক লৈ মানুহে অধিক চিন্তিত হোৱাৰ প্ৰয়োজন নাই । বিগত দুই-এদিনত লণ্ডনৰ পৰা চেন্নাইলৈ অহা আটাইকেইগৰাকী লোককে বিচাৰি উলিওৱা হ'ব আৰু তেওঁলোকৰ COVID-১৯ৰ পৰীক্ষা সম্পন্ন কৰা হ'ব ।
পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও মত প্ৰকাশ কৰে স্বাস্থ্য বিভাগৰ সচিবগৰাকীয়ে । বুধবাৰৰ পৰা অহা ৩১ ডিচেম্বৰ পৰ্যন্ত ভাৰত আৰু ব্ৰিটেইনক সংযোগ কৰা সকলো বিমান বাতিল কৰা হৈছে । মঙলবাৰে নিশা পৰ্যন্ত ব্ৰিটেইনৰ পৰা ভাৰতলৈ অহা যাত্ৰীসকলৰ COVID-১৯ৰ পৰীক্ষা সম্পন্ন বিমানবন্দৰতে কৰা হ'ব ।
কানাডা, তুৰ্কী, বেলজিয়াম, ইটালী, ইজৰাইলকে ধৰি কেইবাখনো দেশে নিজ নিজ দেশলৈ ব্ৰিটেইনৰ পৰা বিমান যাত্ৰা কৰাৰ ক্ষেত্ৰত নিশেধাজ্ঞা জাৰি কৰিছে । ব্ৰিটিছ চৰকাৰে মহামাৰীৰ দ্বিতীয় পৰ্যায়ৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ বাহিৰত আছে বুলি সতৰ্ক কৰি দিয়াৰ পিছতে এই পদক্ষেপ গ্ৰহণ কৰিছে দেশকেইখনে । দেওবাৰৰ পৰা ব্ৰিটেইনত লকডাউন জাৰি কৰা হৈছে । ব্ৰিটেইনৰ পৰা অহা যাত্ৰীক লৈ সেইকাৰণে সকলো দেশে এতিয়া অধিক সতৰ্কতা অৱলম্বন কৰিছে ।
লগতে পঢ়ক:2020 বৰ্ষত হায়দৰাবাদত 75% লৈ বৃদ্ধি চাইবাৰ অপৰাধৰ সংখ্যা