ETV Bharat / bharat

আহমেদাবাদত নৃশংস হত্য়াকাণ্ড

author img

By

Published : Jan 1, 2021, 1:09 PM IST

ধন ল'বলৈ আহোতে যশ্বৱন্ত সিঙক গুলীয়াই হত্য়া কৰে অৰ্পন পাণ্ডে আৰু সুশীল সিঙে । দুই অভিযুক্তৰ পৰা এটা অনুজ্ঞাপত্ৰ থকা পিস্তল উদ্ধাৰ কৰিছে আৰক্ষীয়ে ।

আহমেদাবাদত নৃশংস হত্য়াকাণ্ড
আহমেদাবাদত নৃশংস হত্য়াকাণ্ড

নেশ্য়নেল ডেস্ক, ১ জানুৱাৰী : নতুন বছৰৰ আনন্দ উল্লাহৰ মাজতে গুজৰাটৰ আহমেদাবাদত নৃশংস হত্য়াকাণ্ড । চহৰখনৰ সমীপৰ বাস্ত্ৰল অঞ্চলত এজন লোকক গুলীয়াই হত্য়া কৰে দুই দুৰ্বৃত্তই ।

ৰাধে চেম্বাৰ্চৰ ৰাজহুৱা স্থানত দুই দুৰ্বৃত্তৰ কেইবাজাঁই গুলীত নিহত হয় যশ্বৱন্ত সিং নামৰ এজন যুৱক । নিশা প্ৰায় ৮ মান বজাত ধনৰ লেনদেনৰ সময়তে যুৱকজনক গুলীয়াই হত্য়া কৰে দুই দুৰ্বৃত্তই । ইতিমধ্য়ে ঘটনাৰ দুই অভিযুক্ত ক্ৰমে অৰ্পন পাণ্ডে আৰু সুশীল সিঙক আৰক্ষীয়ে আটক কৰিছে । এই ঘটনাত থিতাতে নিহত হোৱা যশ্বৱন্ত সিঙৰ মৃতদেহ আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰিছে ।

জানিব পৰা মতে, অভিযুক্তৰ পৰা ধন ল'বলৈ আহিছিল যশ্বৱন্ত সিঙে আৰু সেই সময়তে দুই অভিযুক্তই তেওঁক গুলীয়াই হত্য়া কৰে । ঘটনাৰ তদন্ত অব্য়াহত থকাৰ মাজতে দুই অভিযুক্তৰ পৰা এটা অনুজ্ঞাপত্ৰ থকা পিস্তল উদ্ধাৰ কৰিছে আৰক্ষীয়ে ।

লগতে পঢ়ক :উত্তৰ প্ৰদেশত দুজনকৈ ব্যক্তিৰ দেহত কৰ’ণা ভাইৰাছৰ নতুন প্ৰবাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.