ETV Bharat / bharat

বিষাক্ত সৰ্প ব্যৱহাৰ কৰি পত্নী আৰু কন্যাক হত্যা, অভিযুক্তক গ্ৰেপ্তাৰ

author img

By ETV Bharat Assamese Team

Published : Nov 24, 2023, 1:20 PM IST

পত্নী আৰু কন্যাক হত্যা কৰিবলৈ বিষাক্ত সৰ্প ব্যৱহাৰ কৰিছিল ওড়িশাৰ গঞ্জামৰ গণেশে । হত্যাৰ গোচৰৰ পৰা নিজকে ৰক্ষা কৰিবলৈ লোকজনে এই কৌশল গ্ৰহণ কৰিছিল । অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত লোকজনক ।

Man killed wife and daughter
বিষাক্ত সৰ্প ব্যৱহাৰ কৰি পত্নী আৰু কন্যাক হত্যা

নেশ্যনেল ডেস্ক,২৪ নৱেম্বৰ : ওড়িশাৰ গঞ্জামত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । বিষাক্ত সৰ্প ব্যৱহাৰ কৰি পত্নী আৰু কন্যাক হত্যাৰ অভিযোগ উঠিছে এজন লোকৰ বিৰুদ্ধে । অভিযোগ অনুসৰি পত্নী আৰু কন্যা শুই থকা অৱস্থাত তেওঁলোকৰ ওপৰত বিষাক্ত সৰ্প এৰি দিছিল । বিষাক্ত সৰ্পডালৰ দংশনত অৱশেষত দুয়োগৰাকীৰে মৃত্যু হয় । গঞ্জাম জিলাৰ কবিসূৰ্যনগৰ আৰক্ষী থানাৰ অন্তৰ্গত আধেৰবাৰ গাঁৱত এই হৃদয় বিদাৰক ঘটনাটো সংঘটিত হৈছে । ইতিমধ্যে অভিযুক্ত লোকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।

জানিব পৰা মতে গঞ্জাম জিলাৰ আধেৰবাৰ গাঁৱৰ বি খালি পানৰ দ্বিতীয় কন্যা বাসন্তী পানে প্ৰায় ৩ বছৰ পূৰ্বে উক্ত গাঁৱখনৰে কে. ধনু পানৰ কনিষ্ঠ পুত্ৰ কে. গণেশ পানৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল । কিন্তু যোৱা বছৰ গণেশে তেওঁৰ পত্নীৰ চৰিত্ৰৰ ওপৰত আঙুলি তুলিছিল । যাৰ বাবে তেওঁলোকৰ মাজত প্ৰায়ে কাজিয়া হৈছিল । আনকি ভুক্তভোগী বাসন্তীয়ে এই সন্দৰ্ভত পূৰ্বে আৰক্ষী থানাত অভিযোগো দাখিল কৰিছিল ।

আৰক্ষীয়ে গণেশক গ্ৰেপ্তাৰো কৰিছিল কিন্তু পাছত ধাৰা-৪১ ৰ অধীনত লিখিত প্ৰতিশ্ৰুতিৰ পাছত তেওঁক জামিন প্ৰদান কৰা হয় । তাৰ পাছৰে পৰা তেওঁলোক দুয়ো যোৱা কেইমাহমান ধৰি গণেশৰ ঘৰতে একেলগে বাস কৰি আছে । বিভিন্ন সময়ত গণেশে বাসন্তীক তেওঁৰ অভিযোগ উঠাই ল'বলৈ হেঁচা প্ৰয়োগ কৰিছিল আৰু পত্নী আৰু দুবছৰীয়া কন্যাক হত্যাৰো ভাবুকি দিছিল ।

ইফালে যোৱা ৭ অক্টোবৰত পুৱা প্ৰায় ৫ মান বজাত গণেশে চিঞৰ-বাখৰ কৰিছিল । গণেশৰ চিঞৰ শুনি স্থানীয় লোকসকলে তেওঁৰ ঘৰলৈ আহিছিল । সেই সময়ত লোকসকলে দেখিছিল যে গণেশে হাতত এডাল লাঠি লৈ বিষাক্ত সৰ্প মাৰিবলৈ চেষ্টা কৰি আছে আৰু তেওঁৰ পত্নী আৰু কন্যা ওচৰতে শুই আছিল । লগে লগে দুয়োকে ১০৮ এম্বুলেন্সৰ জৰিয়তে হিঞ্জিলিকাট্টু মেডিকেলত ভৰ্তি কৰোৱা হয় । কিন্তু চিকিৎসকে তেওঁলোক দুয়োকে মৃত বুলি ঘোষণা কৰে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তথ্য লাভ কৰাৰ পাছতে মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

ঘটনাটোৰ ৫ দিনৰ পাছত ভুক্তভোগী পিতৃয়ে অভিযোগ দাখিল কৰে যে তেওঁৰ কন্যা আৰু নাতিনীয়েকক হত্যা কৰা হৈছে । লগে লগে আৰক্ষীয়ে এটা হত্যাৰ গোচৰ ৰুজু কৰে । আৰক্ষীৰ তদন্তত অৱশেষত অভিযুক্ত গণেশে স্বীকাৰ কৰিছে যে তেওঁ নিজেই বিষাক্ত সৰ্পডাল পত্নী আৰু কন্যাৰ ওচৰত এৰি দিছিল । ইফালে আৰক্ষীয়ে এই ঘটনাৰ তদন্তৰ বাবে স্নেক হেল্পলাইনৰ সহায় লয় । যোৱা দেওবাৰে স্নেক হেল্পলাইনৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু অনুসন্ধান চলায় ।

লগতে পঢ়ক :অন্ধবিশ্বাসৰ বশৱৰ্তী, নিউমনিয়াত আক্ৰান্ত এমহীয়া সন্তানক গৰম লোৰ দাগ দিলে অভিভাৱকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.