ETV Bharat / bharat

পৰিয়ালৰ অগোচৰে দহ বছৰ ঘৰৰ ভিতৰতে প্ৰেমিকাক লুকুৱাই ৰাখিলে যুৱকে - kerala teen missing

কেৰালাৰ পালাক্কাড জিলাত ১০ বছৰ পূৰ্বে নিৰুদ্দেশ হোৱা এগৰাকী কিশোৰীক তেওঁৰ প্ৰেমিকৰ সৈতে উদ্ধাৰ কৰা হয় । কিশোৰীগৰাকী ২০১০ চনৰ ফেব্ৰুৱাৰী মাহত নেমাৰা আৰক্ষী থানা অঞ্চলৰ আইৰুৰৰ পৰা নিৰুদ্দেশ হৈছিল আৰু সেই সময়ত তেওঁৰ বয়স আছিল ১৮ বছৰ । বিগত ১০ বছৰ ধৰি কিশোৰীগৰাকী প্ৰেমিকৰ ঘৰৰ এটা কোঠাত আছিল । কিন্তু লক্ষণীয়ভাৱে এই কথা নাজানিছিল প্ৰেমিকৰ পৰিয়ালে ।

kerala
কেৰালাত ১০ বছৰ ধৰি কিশোৰীক এটা কোঠাত লুকাই ৰাখিলে প্ৰেমিকে
author img

By

Published : Jun 10, 2021, 8:39 PM IST

নেশ্যনেল ডেস্ক,১০ জুন : কেৰালাৰ পালাক্কাড জিলাত ৰহস্যজনক ঘটনা । ১০ বছৰ পূৰ্বে নিৰুদ্দেশ হোৱা এগৰাকী কিশোৰীক তেওঁৰ প্ৰেমিকৰ সৈতে উদ্ধাৰ কৰা হয় । বিগত ১০ বছৰ ধৰি কিশোৰীগৰাকী প্ৰেমিকৰ ঘৰৰ এটা কোঠাত আছিল । কিন্তু লক্ষণীয়ভাৱে এই কথা নাজানিছিল প্ৰেমিকৰ পৰিয়ালে । ইফালে কিশোৰী গৰাকীৰ ঘৰ আৰু প্ৰেমিকৰ ঘৰ ওচৰা-ওচৰি । তাৰ পিছতো ইমান দিনে কোনো শুংসূত্ৰ পোৱা নাছিল কিশোৰী গৰাকীৰ ।

আৰক্ষীয়ে জনোৱা মতে, কিশোৰীগৰাকী ২০১০ চনৰ ফেব্ৰুৱাৰী মাহত নেমাৰা আৰক্ষী থানা অঞ্চলৰ আইৰুৰৰ পৰা নিৰুদ্দেশ হৈছিল আৰু সেই সময়ত তেওঁৰ বয়স আছিল ১৮ বছৰ । আৰক্ষীয়ে সেই সময়ত এটা গোচৰ ৰুজু কৰি তদন্ত কৰিছিল । আৰক্ষীৰ মতে তেওঁ ২০২১ চনৰ মাৰ্চলৈকে যুৱকজনৰ(প্ৰেমিক) সৈতে আছিল । কাৰাকটুপাৰামব গাঁৱৰ এটা কোঠাত বাস কৰি আছিল দুয়োজনে ৷ কিশোৰীগৰাকী নিশা কোঠাটোৰ খিৰিকীৰে বাহিৰলৈ ওলাইছিল । আনকি কোঠাত নাছিল কোনো শৌচালয়ৰ ব্যৱস্থা । খাদ্যৰ লগতে অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী দিয়াৰ পিছতে প্ৰেমিকে কোঠাটোত তলা লগাই দিছিল ।

কিশোৰীগৰাকী আৰু প্ৰেমিক তিনি মাহ ধৰি নিৰুদ্দেশ হৈ আছিল আৰু তাৰ অনুসন্ধান কৰাৰ পিছতে এই কথা পোহৰলৈ আহে । মঙলবাৰে প্ৰেমিকৰ ভাতৃয়ে দুয়োগৰাকীৰ সন্ধান উলিয়াবলৈ সক্ষম হয় । জানিব পৰা মতে দুয়োগৰাকীয়ে নেমাৰাৰ সমীপৰ বিথানাসেৰী গাঁৱত এটা ঘৰত ভাড়াত আছিল ।

আৰক্ষীয়ে জনোৱা মতে ইতিমধ্যে দুয়োগৰাকীকে আদালতত হাজিৰ কৰা হৈছে । দুয়োগৰাকীকে একেলগে থাকিবলৈ অনুমতি দিয়া হৈছে আৰু পৰিয়ালৰো এই ক্ষেত্ৰত কোনো আপত্তি নাই বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক:মুম্বাইত অট্টালিকা খহি ১১ জনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.