ETV Bharat / bharat

Bharat Jodo Yatra : মধ্যপ্ৰদেশত কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাত বিজেপিৰ বন্দুকধাৰী ! - Gwalior police

মধ্যপ্ৰদেশৰ গোৱালিয়ৰ-চম্বল অঞ্চলত 'ভাৰত জোড়ো যাত্ৰা'ৰ উপ-সমদলৰ সময়ত এজন ব্যক্তিয়ে বন্দুক দেখুওৱাৰ এদিন পিছতে বুধবাৰে ৰাজ্যিক কংগ্ৰেছে অভিযোগ কৰে যে উক্ত দুৰ্বৃত্তটো গেৰুৱা বাহিনীৰ সৈতে জড়িত (Bharat Jodo Yatra) ।

congress
congress
author img

By

Published : Nov 9, 2022, 4:50 PM IST

নিউজ ডেস্ক, ৯ নৱেম্বৰ : মধ্যপ্ৰদেশৰ গোৱালিয়ৰ-চম্বল অঞ্চলত 'ভাৰত জোড়ো যাত্ৰা'ৰ উপ-সমদলৰ সময়ত এজন ব্যক্তিয়ে বন্দুক দেখুওৱাৰ এদিন পিছতে বুধবাৰে ৰাজ্যিক কংগ্ৰেছ গোটে অভিযোগ কৰে যে উক্ত দুৰ্বৃত্তটো গেৰুৱা দলৰ সৈতে জড়িত (Congress Bharat Jodo Yatra) । ৰাজ্যিক বিধানসভাৰ বিৰোধী দলৰ নেতা ডঃ গোবিন্দ সিং আৰু বিধায়ক জয়বৰ্ধন সিঙকে ধৰি কংগ্ৰেছ নেতাৰ এটা দলে এই ঘটনাৰ বাবে শাসকীয় বিজেপিক দোষাৰোপ কৰে (Congress blamed BJP) ।

উল্লেখ্য, ২০ নৱেম্বৰত ৰাহুল গান্ধীৰ নেতৃত্বত ৰাজ্যখনত পদযাত্ৰা (foot march led by Rahul Gandhi) প্ৰৱেশ কৰাৰ সময়ত এনে ঘটনা পুনৰ ঘটিব পাৰে বুলি তেওঁলোকে কয় । কংগ্ৰেছে লগতে দাবী কৰে যে সমদলটো ৰাজ্যখনত প্ৰৱেশ কৰি ইন্দোৰ, উজ্জয়িনী, খাৰ্গোন আৰু আগৰ-মালৱাকে ধৰি সাতখন জিলাৰ মাজেৰে পাৰ হোৱাৰ সময়ত চৰকাৰে সম্পূৰ্ণ নিৰাপত্তা ব্যৱস্থা নিশ্চিত কৰিব লাগিব ।

মঙলবাৰে ভিন্দৰ পৰা গোৱালিয়ৰ জিলালৈ এটা ভাৰত জোড়ো উপ-যাত্ৰা উলিওৱা হৈছিল । সেই সময়তে দেশত নিৰ্মিত ৰিভলভাৰেৰে সজ্জিত এজন যুৱকে তাত উপস্থিত থকা এজন লোকৰ ওপৰত গুলীচালনা কৰিবলৈ চেষ্টা কৰিছিল (Bharat Jodo Yatra in Madhya Pradesh) ।

অৱশ্যে তেওঁক ৰাইজে দমন কৰি আৰক্ষীৰ হাতত গতাই দিয়ে । ভিন্দ জিলাৰ লাহাৰ বিধানসভা সমষ্টিৰ বিধায়ক ডঃ গোবিন্দ সিঙে ভিন্দৰ পৰা গোৱালিয়ৰলৈ যাত্ৰাৰ নেতৃত্ব দিছিল ৷ কংগ্ৰেছ নেতাসকলৰ মতে, মঙলবাৰে সন্ধিয়া প্ৰায় ৫.৩০ বজাত ভাৰত জোড়ো তৃতীয় পৰ্যায়ৰ পদযাত্ৰা গোৱালিয়ৰ জিলাত প্ৰৱেশ কৰাৰ সময়ত ঘটনাটো সংঘটিত হয় (Bharat Jodo tertiary march) ৷

"হঠাতে এজন যুৱক আহি পদযাত্ৰাত অংশগ্ৰহণ কৰা এজন ব্যক্তিৰ ফালে বন্দুক দেখুৱাইছিল । তেওঁ ব্যক্তিজনক গুলীয়াবলৈ ওলোৱাৰ সময়তে তাত উপস্থিত থকা লোকসকলে তেওঁক দমন কৰে আৰু আৰক্ষীৰ হাতত গতাই দিয়ে । এইটো চিন্তাৰ বিষয় আৰু আমি সন্দেহ কৰোঁ যে ভৱিষ্যতেও এনে ঘটনা ঘটিব পাৰে ।" বিৰোধী নেতাজনে সংবাদ মাধ্যমৰ আগত এনেদৰে কয় ।

অৱশ্যে গোৱালিয়ৰ আৰক্ষীয়ে (Gwalior police) দাবী কৰে যে জিতু গুৰ্জাৰ বুলি চিনাক্ত কৰা অভিযুক্তজন ভুক্তভোগী ছোটু টোমাৰৰ সৈতে ৰেলীলৈ গৈছিল । "ঘটনাটো দুয়োজন ব্যক্তিৰ মাজত ব্যক্তিগত কাজিয়াৰ পৰিণাম আছিল । অভিযুক্তজনক গ্ৰেপ্তাৰ কৰা হৈছে ।" গোৱালিয়ৰৰ এছপি অমিত সংঘীয়ে কয় ।

লক্ষণীয়ভাৱে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মধ্যপ্ৰদেশ কংগ্ৰেছৰ মুৰব্বী কমল নাথে (Madhya Pradesh Congress chief Kamal Nath) ৬ নৱেম্বৰত মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানক সাক্ষাৎ কৰে আৰু ৰাজ্যখনত ভাৰত জোড়ো যাত্ৰাৰ আগমনৰ বিষয়ে অৱগত কৰে । সূত্ৰসমূহে প্ৰকাশ কৰা মতে, চৌহানে ইয়াৰ বাবে নিৰাপত্তা আৰু অন্যান্য ব্যৱস্থা নিশ্চিত কৰিবলৈ জ্যেষ্ঠ আমোলাসকলক নিযুক্তি দিছে ।

লগতে পঢ়ক :Dhoni Playing Tennis : এইবাৰ টেনিছ খেলপথাৰত ধোনী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.