ETV Bharat / bharat

৪ বছৰীয়া শিশুক ধৰ্ষণ-হত্যা: অভিযুক্তক গ্ৰেপ্তাৰ - অভিযুক্তক গ্ৰেপ্তাৰ

এগৰাকী ৪ বছৰীয়া কন্যা শিশুক ধৰ্ষণ, হত্যাৰ অভিযোগ উত্থাপন হৈছে দাদৰ নগৰ হাভেলীৰ এজন লোকৰ বিৰুদ্ধে । খেলি থকা ঠাইৰ পৰাই কণমানিজনীক এই লোকজনে নি জঘন্য কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে । সম্প্ৰতি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক ।

৪ বছৰীয়া কণমানিক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগত এজনক গ্ৰেপ্তাৰ

author img

By

Published : Mar 13, 2021, 4:05 PM IST

নেশ্যনেল ডেস্ক,১৩ মাৰ্চ: দাদৰ নগৰ হাভেলীত এগৰাকী ৪ বছৰীয়া কণমানিক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে এজন লোকক । ঘটনাৰ বিৱৰণী মতে, কণমানিজনীয়ে ঘৰৰ সমীপত খেলি আছিল । সেই স্থানৰ পৰা লোকজনে কণমানিজনীক লৈ যায় । পিছত কণমানিজনী ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰে ।

পৰিয়ালটোৱে এই বিষয়ে আৰক্ষীক অৱগত কৰে আৰু আৰক্ষীয়ে তাৎক্ষণিক অনুসন্ধান চলায় । ইয়াৰ পিছতে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰে । অভিযুক্তৰ ফ্লেটৰ শৌচাগাৰৰ খিৰিকীৰ গ্লাচ ভঙা আছিল । আৰক্ষীয়ে ফ্লেটটোৰ শৌচাগাৰৰ পাইপলাইনৰ ওচৰত এটা বেগ উদ্ধাৰ কৰে আৰু এই বেগটোতে এগৰাকী কণমানিৰ শৰীৰ টুকুৰা কৰি ভৰাই থোৱা হৈছিল । আৰক্ষীয়ে অভিযুক্তৰ ফ্লেটত তেজৰ দাগো পাইছিল ।

আৰক্ষীৰ মতে, অভিযুক্তজনে কণমানিজনীক ফ্লেটলৈ নি ধৰ্ষণ কৰি হত্যা কৰে । পূৰ্বেও নিৰ্যাতনৰ অভিযোগত এই লোকজনক আৱাসিক এলেকাটোৰ বাসিন্দাসকলে প্ৰহাৰ কৰিছিল । আনহাতে, কণমানিজনী ধৰ্ষণৰ বলি হোৱাৰ পিছতে দেউতাককে ধৰি গোটেই পৰিয়ালটোৱে ফেনাইল পান কৰি আত্মহত্যা কৰাৰ চেষ্টা কৰে । কণমানিজনীৰ দেউতাকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল যদিও শেষ নিশ্বাস ত্যাগ কৰে ।

লগতে পঢ়ক: অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী বাছনিৰ বাবে মধ্য প্ৰদেশৰ ফৰ্মূলা ব্যৱহাৰ কৰিব বিজেপিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.