ETV Bharat / bharat

Sensational Murder in Bihar: বিহাৰত মৰ্মান্তিক ঘটনা; ৩ কন্যাসহ পত্নীক হত্যা কৰি নিজেও আত্মঘাতী

author img

By

Published : Jun 14, 2023, 12:09 PM IST

বিহাৰৰ খাগৰীয়াৰ এক আশ্বৰ্যজনক ঘটনা পোহৰলৈ আহিছে । এগৰাকী পিতৃয়ে তেওঁৰ তিনিজনী কন্যা আৰু পত্নীক ডিঙি কাটি হত্যা কৰাৰ পিছত নিজেও আত্মহননৰ পথ বাছি লয় ।

Sensational Murder in Bihar
Sensational Murder in Bihar

নিউজ ডেস্ক, ১৪ জুন : বিহাৰত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা । এই মৰ্মান্তিক ঘটনাত একেটা পৰিয়ালৰে পাঁচজন সদস্যৰ মৃত্যু হয় । বিহাৰৰ খাগৰীয়াত সংঘটিত হয় এই মৰ্মান্তিক ঘটনাটো । উক্ত ঘটনাত ৩ কন্যা, পত্নী তথা স্বামীৰো মৃত্যু হয় । এই বাতৰিটো বিয়পি পৰাৰ লগে লগে অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰে ।

এই ভয়ংকৰ ঘটনাটো সংঘটিত হয় জিলাখনৰ মানসী আৰক্ষী থানা অঞ্চলৰ একনিয়া গাঁৱত । ঘটনাৰ বিৱৰণী মতে, বুধবাৰে পুৱা এগৰাকী ব্যক্তিয়ে পৰিয়ালৰ আটাইকেইজন সদস্যক হত্যা কৰি উঠি নিজেও চিপ লৈ আত্মহত্যা কৰে । ইফালে এই আশ্বৰ্যজনক ঘটনাটোৰ খবৰ লাভ কৰাৰ পিচতে স্থানীয় আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হয় । আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে ।

জানিব পৰা মতে, হত্যাকাৰী ব্যক্তিজনৰ নাম মুন্না যাদৱ । মুন্না যাদৱ পূৰ্বতেও হত্যাকাণ্ডৰ অভিযুক্ত আছিল আৰু তেওঁ দীৰ্ঘদিন ধৰি পলাতক হৈ আছিল । মঙলবাৰে নিশা ঘৰলৈ অহাৰ পিচত তেওঁৰ পত্নীৰ সৈতে কাজিয়াত লিপ্ত হয় । এই কাজিয়াই গৈ অৱশেষত ভয়ংকৰ পৰিণতি লয় । কাজিয়াৰ পিচত তেওঁ পত্নী আৰু তিনিজনী কন্যাক হত্যা কৰে । পৰিয়ালৰ সদস্যকেইগৰাকীক হত্যা কৰি মুন্না যাদৱে নিজেও আত্মহত্যা কৰে । আনহাতে, জানিব পৰা মতে তেওঁৰ দুই পুত্ৰই ঘৰৰ পৰা কেনেবাকৈ পলাই গৈ তেওঁলোকৰ জীৱন ৰক্ষা কৰে ।

এই চাঞ্চল্যকৰ ঘটনাটো বুধবাৰে পুৱা প্ৰায় ৩-৪ বজাত সংঘটিত হয় । ঘটনাটো সংঘটিত হোৱাৰ পিচতে আৰক্ষীয়ে খবৰ লাভ কৰে আৰু লগে লগে মানসী আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় । জানিব পৰা মতে, সদৰ এছডিপিঅ' সুমিত কুমাৰে গোচৰটোৰ তদন্ত আৰম্ভ কৰিছে । আনহাতে, ভাগলপুৰৰ পৰা ফৰেনচিক অনুসন্ধানকাৰী দল এটাকো মাতি পঠোৱা হয় । ঘটনাটোত নিহতসকলক মুন্না যাদৱ (৪০), তেওঁৰ পত্নী পূজা দেৱী (৩২) আৰু কন্যা সুমন কুমাৰী (১৮), অঞ্চল কুমাৰী (১৬) আৰু ৰৌশনী কুমাৰী (১৫) বুলি চিনাক্ত কৰা হৈছে ।

লগতে পঢ়ক :Violence hit Manipur : আকৌ ৰক্তাক্ত মণিপুৰ; দুৰ্বৃত্তৰ গুলীত মহিলাসহ নিহত 9, আহত 15

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.