ETV Bharat / bharat

নন্দীগ্ৰামৰ ভোটাৰক আকৰ্ষণ কৰাৰ উদ্দেশ্যৰে মমতাৰ প্ৰচাৰ - Mamata campaigning

মমতাই যোৱা বছৰৰ ডিচেম্বৰ মাহত ভাৰতীয় জনতা পাৰ্টী (বিজেপি) ত যোগদান কৰা মমতাৰ প্ৰাক্তন সতীৰ্থ শুভেন্দু অধিকাৰীৰ বাবেই নন্দীগ্ৰাম আটাইতকৈ হাই ভ’ল্টেজ প্ৰতিযোগিতাখনিৰ সাক্ষী হোৱাৰ কথা প্ৰকাশ কৰে । অধিকাৰীয়ে পূৰ্বতে কৈছিল যে, বিজেপিয়ে নন্দীগ্ৰামৰ পৰা বেনাৰ্জীক 50,000 তকৈও অধিক ভোটত পৰাস্ত কৰিব ৷

নন্দীগ্ৰামৰ ভোটাৰক আকৰ্ষণ কৰাৰ উদ্দেশ্যৰে মমতাৰ প্ৰচাৰ

author img

By

Published : Mar 29, 2021, 4:01 PM IST

কলকাতা,29 মাৰ্চ: পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ভোটাৰসকলক আকৰ্ষিত কৰাৰ প্ৰচেষ্টাৰে সোমবাৰে সন্ধিয়া নন্দীগ্ৰামত ব্য়াপক প্ৰচাৰ চলায় ৷ হাই ভ’ল্টেজ নিৰ্বাচনী যুঁজ অনুষ্ঠিত হ’বলগা সমষ্টিসমূহত সোমবাৰে পুৱা ১১ বজাৰ পৰা প্ৰচাৰ আৰম্ভ কৰে মমতা বেনাৰ্জীয়ে ৷ কাৰ্যসূচী অনুসৰি খুদিৰাম মোৰৰ পৰা নন্দীগ্ৰাম ব্লক ২ ৰ ঠাকুৰ চ’কলৈ প্ৰায় ৮ কিল’মিটাৰ ৰোড শ্ব'ৰ সৈতে এই প্ৰচাৰৰ আৰম্ভণি হয় ৷ তাৰ পিছত জনসভা বয়ল ২ ত এখন ৰাজহুৱা সভাত অংশ লয় বেনাৰ্জীয়ে ৷ পৰৱৰ্তী সময়ত ক্ৰমে আবেলি ২ বজাত আৰু ৩.৩০ বজাত বংগৰ মুখ্য়মন্ত্ৰী গৰাকীয়ে জনসভাত অংশ লয় ৷

মমতাই যোৱা বছৰৰ ডিচেম্বৰ মাহত ভাৰতীয় জনতা পাৰ্টী (বিজেপি) ত যোগদান কৰা মমতাৰ প্ৰাক্তন সতীৰ্থ শুভেন্দু অধিকাৰীৰ বাবেই নন্দীগ্ৰাম আটাইতকৈ হাই ভ’ল্টেজ প্ৰতিযোগিতাখনিৰ সাক্ষী হোৱাৰ কথা প্ৰকাশ কৰে । অধিকাৰীয়ে পূৰ্বতে কৈছিল যে, বিজেপিয়ে নন্দীগ্ৰামৰ পৰা বেনাৰ্জীক 50,000 তকৈও অধিক ভোটত পৰাস্ত কৰিব ৷

টিএমচিৰ শীৰ্ষ নেতাক প্ৰতিৰোধ কৰিবলৈ বিজেপিয়ে যুদ্ধ অব্যাহত ৰাখিব ৷ জ্যেষ্ঠ বিজেপি নেতা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মঙলবাৰে অধিকাৰীৰ বাবে নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ গৈ নন্দীগ্ৰামত এক বিশাল ৰোড শ্ব’ত মুখামুখি হ’ব মমতাৰ ৷ বলীউডৰ তাৰকা মিথুন চক্ৰৱৰ্তীয়েও ভোটগ্ৰহণৰ আগতে নন্দীগ্ৰামত এটা ৰোড শ্ব'ত অংশগ্ৰহণ কৰাৰ আশা কৰা হৈছে ।

উল্লেখযোগ্য যে, পূৰ্বতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও শুভেন্দু অধিকাৰীৰ বাবে এখন ৰাজহুৱা সমদল মুকলি কৰিছিল ৷ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও সমষ্টিটোত প্ৰচাৰ অভিযানত অংশ লৈছিল ।

প্ৰচাৰ শেষ নোহোৱালৈকে প্ৰতিদিনে মমতাৰ ৰেলীৰ পৰিকল্পনা কৰাৰ লগে লগে, অধিকাৰী বাহিনীয়েও ভোটাৰক আকৰ্ষিত কৰাটো নিশ্চিত কৰাৰ বিষয়ত পৃষ্ঠা প্ৰমুখসকলক দায়িত্ব দিয়া হৈছে । অধিকাৰী বাহিনীয়ে ভোটাৰসকলৰ মাজত অন্তিম সময়লৈ প্ৰচাৰ চলাই নিবলৈ নতুন কৌশল অৱলম্বন কৰি আছে । বিজেপিৰ সূত্ৰই প্ৰকাশ কৰিছিল যে, ভোটাৰসকলক ভোটকেন্দ্ৰলৈ অনাৰ ওপৰত গুৰুত্ব দিয়া হ'ব ৷ সমান্তৰালকৈ প্ৰাৰ্থীসকলে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিব ৷

উল্লেখ্য যে, শনিবাৰে পশ্চিমবংগ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ৭৯.৭৯ শতাংশ ভোটদানেৰে অনুষ্ঠিত হৈ যায় ৷ প্ৰথম পৰ্যায়ত পুৰুলিয়া আৰু ঝাড়গ্ৰামৰ সকলো বিধানসভা সমষ্টি আৰু বাংকুৰা, পূৱ মেদিনীপুৰ আৰু পশ্চিম মেদিনীপুৰৰ এটা অংশৰ পৰা ৩০ খন আসনত ২১ গৰাকী মহিলাকে ধৰি ১৯১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব । ২৯৪ জনীয়া পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ বাকী সাতটা পৰ্যায়ত অনুষ্ঠিত হোৱাৰ বিপৰীতে ২ মে'ত ভোট গণনা অনুষ্ঠিত হ'ব ।

লগতে চাওকঃ মাতৃৰ অসুস্থতা: কাৰ্যসূচী সামৰি ডিব্ৰুগড়লৈ লুৰিণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.