ETV Bharat / bharat

Collegium controversy: ন্যায়াধীশ নিযুক্তিৰ কলেজিয়ামত অন্তৰ্ভুক্তিৰ পৰিকল্পনা কেন্দ্ৰৰ: মমতা

author img

By

Published : Jan 17, 2023, 6:58 PM IST

উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ নিযুক্তিৰ কলেজিয়ামত কেন্দ্ৰৰ প্ৰতিনিধিত্বৰ বিৰোধিতা পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ (CM Mamata Banerjee)। তেওঁ কয় যে চৰকাৰে ন্যায়িক ব্যৱস্থাত হস্তক্ষেপ কৰিছে ।

Mamata Banerjee react on independence of judiciary
কলেজিয়ামত কেন্দ্ৰৰ প্ৰতিনিধিত্বৰ বিৰোধিতা মমতা বেনাৰ্জীৰ

নেশ্য়নেল ডেস্ক, ১৭ জানুৱাৰী: পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ন্যায়িক ব্যৱস্থাৰ কামকাজত হস্তক্ষেপ কৰা বুলি মন্তব্য় কৰিছে (Mamata Banerjee react on independence of judiciary)। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে এইটো কেন্দ্ৰীয় চৰকাৰৰ নতুন পৰিকল্পনা । মঙলবাৰে আবেলি মেঘালয় ভ্ৰমণলৈ যোৱাৰ পূৰ্বে তেওঁ এইদৰে মন্তব্য় আগবঢ়ায় । কলকাতা বিমান বন্দৰত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কলেজিয়াম বিতৰ্কৰ বিৰোধিতা কৰি চৰকাৰৰ বিৰুদ্ধে এইদৰে মন্তব্য় কৰে (Kolkata Airport)।

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ নিযুক্তিৰ কলেজিয়ামত কেন্দ্ৰৰ প্ৰতিনিধিত্বৰ ক্ষেত্ৰত প্ৰশ্ন উত্থাপন কৰে । অৱশ্য়ে তেওঁ এই প্ৰসংগত পোনপটীয়াকৈ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰিৱৰ্তে মাথো কয়, "মোৰ আইনী কোষ বা উকীলসকলৰ সৈতে এই বিষয়ে আলোচনা নকৰাকৈ মই তাৎক্ষণিক সঁহাৰি হিচাপে কি ক'ব পাৰোঁ (Collegium of appointment of judges in the SC)? মই ন্যায়পালিকাৰ সম্পূৰ্ণ স্বাধীনতাৰ পক্ষপাতী ।" তেওঁ লগতে কয়, "কেন্দ্ৰই ন্যায়াধীশ নিযুক্তিৰ বাবে কলেজিয়ামত তেওঁলোকৰ প্ৰতিনিধিত্বৰ বিষয়ে আলোচনা কৰি আছে আৰু ইয়াৰ আঁৰত তেওঁলোকৰ নিৰ্দিষ্ট পৰিকল্পনা আছে ।"

তেওঁ পুনৰ কয়, "গণতন্ত্ৰত ন্যায়পালিকাৰ গুৰুত্ব অপৰিসীম । সাধাৰণ মানুহে তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰে আৰু ইয়াত হস্তক্ষেপ গ্ৰহণযোগ্য নহয় ।" পশ্চিম বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তৃণমূল কংগ্ৰেছে সদায় ন্যায়পালিকাৰ স্বাধীনতাৰ পক্ষত থিয় দি আহিছে বুলি মন্তব্য় কৰি কয়, "তৃণমূল কংগ্ৰেছৰ ন্যায়পালিকাৰ ওপৰত এশ শতাংশই বিশ্বাস আছে ।" ইপিনে, মমতা বেনাৰ্জীয়ে ন্যায়াধীশসকলৰ কলেজিয়ামত যদি কেন্দ্ৰীয় প্ৰতিনিধিত্ব থাকিব পাৰে, তেন্তে ৰাজ্যৰ প্ৰতিনিধিত্ব কিয় থাকিব নোৱাৰে বুলি প্ৰশ্ন উত্থাপন কৰে । চৰকাৰৰ এই পদক্ষেপক প্ৰত্যাহ্বান জনাই মমতা বেনাৰ্জীয়ে সমগ্ৰ দেশৰ ন্যায়িক স্বাধীনতাৰ সপক্ষে থিয় দি যাব বুলি কয় ।

মুখ্যমন্ত্ৰীগৰাকীয়ে এয়া কেন্দ্ৰৰ নতুন পৰিকল্পনা বুলি উল্লেখ কৰি কয় যে তেওঁ অতীতৰে পৰাই ন্যায়পালিকাৰ স্বাধীনতাৰ পক্ষত মাত মাতি আহিছে । তেওঁ কোনো কাৰণতেই ন্যায়পালিকাৰ স্বাধীনতাত হস্তক্ষেপ কৰাৰ পক্ষত থিয় নিদিয়ে বুলি স্পষ্ট কৰি দিয়ে । আনহাতে, মেঘালয় ভ্ৰমণৰ কাৰণ সন্দৰ্ভত মমতা বেনাৰ্জীয়ে কয় যে ৰাজ্য়খনত বহুতো সমস্যা আছে । তেওঁ তাত উপস্থিত হোৱাৰ পিছত ৰাজ্য়খনৰ জনসাধাৰণৰ সমস্যাৰ বিষয়ে বুজিবলৈ চেষ্টা কৰিব ।

লগতে পঢ়ক:Lok Sabha Election 2024 : লোকসভা নিৰ্বাচনক লৈ প্ৰদেশ কংগ্ৰেছ তৎপৰ হোৱাৰ সময়তে চৰ্চাত এখন প্ৰাৰ্থী তালিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.