ETV Bharat / bharat

TMC to oppose CEC bill in Parliament: সংসদত CEC বিলৰ বিৰোধিতা কৰিব তৃণমূলে, INDIA ৰো সমৰ্থন বিচাৰিব তৃণমূলে

author img

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 10:39 PM IST

কেন্দ্ৰীয় চৰকাৰে সংসদৰ বিশেষ অধিৱেশনত মুখ্য নিৰ্বাচন আয়ুক্ত নিযুক্তিৰ বিধেয়কখন অনাৰ কথা ঘোষণা কৰে । কেন্দ্ৰীয় চৰকাৰৰ এই ঘোষণাৰ পাচতেই তৃণমূল কংগ্ৰেছ দলৰ সংসদ সদস্যসকলক এই বিধেয়কখনৰ বিৰোধিতা কৰাৰ বাবে স্পেইনৰ পৰা নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে । কেন্দ্রই এই বিধেয়কৰ জৰিয়তে ন্যায়িক ব্যৱস্থাক ধ্বংস কৰি পেলাব বিচাৰিছে বুলি মন্তব্য কৰে ৷ INDIA মিত্ৰজোঁটৰ ঐক্যক বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ পৰামৰ্শ দিয়ে মমতাই ।

TMC to oppose CEC bill in Parliament
পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

নিউজ ডেস্ক, ১৪ ছেপ্টেম্বৰ: পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী ১২ দিনীয়া ভ্ৰমণত স্পেইনত থকাৰ সময়ত সংসদত এক গুৰুত্বপূৰ্ণ বিশেষ অধিবেশন অনুষ্ঠিত হ’ব । তৃণমূল কংগ্ৰেছৰ মুৰব্বীগৰাকীয়ে বিদেশ ভ্ৰমণলৈ যোৱাৰ পূৰ্বে এই অধিবেশনত উত্থাপন হ’বলগীয়া বিধেয়কৰ সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া দিব বিচৰা নাছিল । বৰঞ্চ তেওঁ কয় যে প্ৰথমে কি বিধেয়ক আহি আছে চাব আৰু তাৰ পিচতহে সঁহাৰি দিব । স্পেইনলৈ যোৱাৰ পিচত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তৃণমূল কংগ্ৰেছ দলৰ সংসদ সদস্যসকলক মুখ্য নিৰ্বাচন আয়ুক্ত নিযুক্তিৰ বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ নিৰ্দেশ দিয়ে ।

TMC to oppose CEC bill in Parliament
স্পেইনত মমতা

কেন্দ্ৰীয় চৰকাৰে সংসদৰ বিশেষ অধিৱেশনত এই বিধেয়কখন অনাৰ কথা ঘোষণা কৰে । ইয়াৰ পিচতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিধেয়কখনৰ বিৰোধিতা কৰে । এই বিধেয়কৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ ঠাইত মুখ্য নিৰ্বাচন আয়ুক্ত নিযুক্তিৰ বাবে পেনেলৰ এজন মন্ত্ৰীক নিযুক্তি দিয়াৰ কথা চিন্তা কৰিছে । মমতা বেনাৰ্জীয়ে আৰম্ভণিৰে পৰা কেন্দ্ৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি আহিছে । মমতা বেনাৰ্জীয়ে মঙলবাৰে চি ই চিৰ বিধেয়ক বিশেষ অধিৱেশনলৈ আহিব বুলি খবৰ পোৱাৰ লগে লগে পোনপটীয়াকৈ নাকচ কৰে ।

TMC to oppose CEC bill in Parliament
স্পেইনত মমতা

তৃণমূলৰ সূত্ৰ অনুসৰি বিধেয়কখনৰ বিৰোধিতা কৰি দলটোক অল আউট কৰিবলৈ তেওঁ নিৰ্দেশ দিয়ে । বিধেয়কখনৰ বিৰুদ্ধে সংসদ উত্তাল কৰা কথাও তেওঁ উল্লেখ কৰে । মমতা বেনাৰ্জীয়ে স্পষ্ট কৰি দিয়ে যে কেন্দ্রই এই বিধেয়কৰ জৰিয়তে ন্যায়িক ব্যৱস্থাক ধ্বংস কৰি পেলাব বিচাৰিছে আৰু INDIA মিত্ৰজোঁটৰ ঐক্যক বিধেয়কখনৰ বিৰোধিতা কৰিবলৈ পৰামৰ্শ দিয়ে । মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি তৃণমূল কংগ্ৰেছে INDIA মিত্ৰজোঁটৰ প্ৰতিনিধিৰ সৈতে কথা পাতিব আৰু সৰ্বাত্মক বিৰোধিতাৰে ইয়াৰ বিৰুদ্ধে কেনেকৈ গণমত গঢ়ি তুলিব পাৰি তাৰ পৰিকল্পনা কৰিব ।

TMC to oppose CEC bill in Parliament
স্পেইনত মমতা

সামগ্ৰিকভাৱে এইটো নিশ্চিত যে তৃণমূল কংগ্ৰেছে ১৮ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ বিশেষ অধিৱেশনত বিজেপিৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু হৈছে ৷ তৃণমূলৰ মুৰব্বীগৰাকী বৰ্তমান স্পেইনত থকাৰ বাবে তেওঁ তাৰপৰাই বিবৃতি প্ৰস্তুত কৰিছে । ইটিভি ভাৰতে মুখ্যমন্ত্ৰীৰ বক্তব্যৰ সত্যতা পৰীক্ষণ কৰিবলৈ তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদক কুনাল ঘোষৰ সৈতে যোগাযোগ কৰে । ঘোষেও সেই বক্তব্যৰ সত্যতা স্বীকাৰ কৰে ।

TMC to oppose CEC bill in Parliament
স্পেইনত মমতা

লগতে পঢ়ক: Pawan Announced TDP Janasena Alliance: অন্ধ্ৰপ্ৰদেশৰ আগন্তুক নিৰ্বাচনত ঐক্যবদ্ধভাৱে প্ৰতিদ্বন্দিতা কৰিব জনসেনা আৰু তেলেগু দেশম পাৰ্টিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.