ETV Bharat / bharat

সভাপতি নিৰ্বাচনৰ প্ৰচাৰত দেওবাৰে জম্মু-কাশ্মীৰ ভ্ৰমণ কৰিব মল্লিকাৰ্জুন খাৰ্গেয়ে

author img

By

Published : Oct 7, 2022, 7:00 PM IST

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচনৰ প্ৰাৰ্থী মল্লিকাৰ্জুন খাৰ্গেয়ে অহা ৯ অক্টোবৰত জম্মু-কাশ্মীৰ ভ্ৰমণ কৰিব (Mallikarjun Kharge to visit Jammu and Kashmir) । তেওঁৰ ভ্ৰমণকালত ৰাজ্যখনৰ 339 জন প্ৰতিনিধিক সাক্ষাৎ কৰিব আৰু ভোটৰ বাবে আবেদন জনাব ।

Congress
Congress

নিউজ ডেস্ক, ৭ অক্টোবৰ : কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচনৰ প্ৰাৰ্থী মল্লিকাৰ্জুন খাৰ্গেয়ে অহা 9 অক্টোবৰত জম্মু-কাশ্মীৰ ভ্ৰমণ কৰিব (Mallikarjun Kharge to visit Jammu and Kashmir) । তেওঁৰ ভ্ৰমণকালত ৰাজ্যখনৰ 339 জন প্ৰতিনিধিক সাক্ষাৎ কৰিব আৰু ভোটৰ বাবে আবেদন জনাব । উল্লেখ্য, খাৰ্গেৰ উপৰি শশী থাৰুৰো কংগ্ৰেছ সভাপতি নিৰ্বাচনৰ প্ৰাৰ্থী । মল্লিকাৰ্জুনে দেওবাৰে পুৱা 10.30 বজাত বিশেষ বিমানেৰে শ্ৰীনগৰত উপস্থিত হ'ব আৰু তাৰ পৰা দুপৰীয়া 1 বজাত জম্মুলৈ যাব ।

এই এদিনীয়া ভ্ৰমণকালত শ্ৰীনগৰ আৰু জম্মুত বিভিন্ন কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰিব । উল্লেখ্য, নিৰ্বাচনৰ সময়ত দলৰ বিভিন্ন ৰাজ্যৰ মুখ্য কাৰ্যালয়সমূহত বেলট বাকচৰ জৰিয়তে তেওঁলোকৰ দলৰ পৰৱৰ্তী সভাপতি নিৰ্বাচন কৰিব (Congress National President Election) । একেদৰে শ্ৰীনগৰ আৰু জম্মুতো দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত বেলট বাকচৰ জৰিয়তে ভোটদান কৰি ৰাষ্ট্ৰীয় সভাপতিৰ সিদ্ধান্ত ল'ব । দলটোৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্বাচন ১৭ অক্টোবৰত অনুষ্ঠিত হ'ব আৰু ১৯ অক্টোবৰত ফলাফল ঘোষণা কৰা হ'ব ।

উল্লেখ্য, মল্লিকাৰ্জুন খাৰ্গেৰ উপৰি শশী থাৰুৰো (Congress prez poll candidate Sashi Tharoor) এই নিৰ্বাচনত প্ৰাৰ্থী । মল্লিকাৰ্জুন খাৰ্গেয়ে নিৰ্ধাৰিত তাৰিখত পুৱা ১০.৩০ বজাত শ্ৰীনগৰত উপস্থিত হ'ব আৰু তাৰ পিছত উক্তদিনায়ে দুপৰীয়া ১ বজাত জম্মুলৈ যাব । শ্ৰীনগৰৰ দলীয় মুখ্য কাৰ্যালয় আৰু জম্মুৰ জে কে ৰিজ'ৰ্টত প্ৰতিনিধিসকলক লগ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে ।

জানিব পৰা মতে, তাত জম্মুৰ পৰা দুশৰো অধিক প্ৰতিনিধি উপস্থিত থাকিব । জম্মু আৰু কাশ্মীৰৰ প্ৰতিটো খণ্ডৰ এজনকৈ প্ৰতিনিধিয়ে ৰাষ্ট্ৰীয় ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব (Congress prez poll candidate Mallikarjun Kharge)।

লগতে পঢ়ক : জম্মু-কাশ্মীৰ আৰক্ষীৰ জালত হাইব্ৰিড সন্ত্ৰাসবাদী: অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.