ETV Bharat / bharat

Adani Hindenburg controversy: প্ৰধানমন্ত্ৰী মোদীক মৌন বাবা বুলি ক’লে মল্লিকাৰ্জুন খাৰ্গেয়ে

author img

By

Published : Feb 8, 2023, 4:46 PM IST

প্ৰধানমন্ত্ৰী মোদী ‘মৌন বাবা’ লৈ ৰূপান্তৰিত হোৱাৰ অভিযোগ উত্থাপন কৰি আদানী-হিণ্ডেনবাৰ্গ বিতৰ্ক সন্দৰ্ভত ৰাজ্যসভাত সৰৱ হৈ পৰে মল্লিকাৰ্জুন খাৰ্গে ৷ এই বিতৰ্ক সন্দৰ্ভত যুটীয়া সংসদীয় সমিতিৰ দ্বাৰা এক তদন্ত কৰোৱাৰো দাবী তুলিছে কংগ্ৰেছৰ সভাপতিগৰাকীয়ে (Malikarjun Kharge on Adani Hindenburg Row) ৷

Kharge on PM Modi
প্ৰধানমন্ত্ৰী মোদীক সমালোচনা খাৰ্গেৰ

নিউজ ডেস্ক, 8 ফেব্ৰুৱাৰী: বুধবাৰে সংসদৰ উচ্চ সদনত বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গেই গৌতম আদানীৰ সম্পত্তিৰ দ্ৰুত বৃদ্ধিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আৰু আদানীৰ পূৰ্বৰ বন্ধুত্বৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক আছে নেকি বুলি প্ৰশ্ন কৰে (Kharge on PM Modi) ৷ ইয়াৰ পিচতেই চৰকাৰ আৰু বিৰোধীৰ মাজত তীব্ৰ বাকযুদ্ধ আৰম্ভ হয় (Malikarjun Kharge in Rajya Sabha) ।

আদানী-হিণ্ডেনবাৰ্গ বিতৰ্ক সন্দৰ্ভত (Adani Hindenburg controversy) যুটীয়া সংসদীয় সমিতিৰ দ্বাৰা এক তদন্ত কৰোৱাৰ দাবী তুলিছে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে ৷ তেওঁ কয়, ‘‘যদি প্ৰধান মন্ত্ৰী নিৰ্ভীক, তেন্তে তেওঁ কিয় যুটীয়া সংসদীয় সমিতিৰ দ্বাৰা আদানী-হিণ্ডেনবাৰ্গ বিতৰ্ক সন্দৰ্ভত তদন্ত কৰোৱাৰ বাবে ভয় খাইছে ?’’ ইয়াৰ পাচতে ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰে খাৰ্গেক তেওঁৰ অভিযোগপ্ৰমাণ কৰিবলৈ আহ্বান জনাইছিল ৷ লগতে দিনটোৰ ভিতৰত সদনৰ মেজত নথি-পত্ৰ দাখিল কৰি ইয়াক প্ৰমাণিত কৰিবলৈ কৈছিল । অধ্যক্ষ ধনখৰে কয় যে সদন "তথ্যৰ মুক্ত পতন"ৰ মঞ্চ হ'ব নোৱাৰে (Malikarjun Kharge on Adani Hindenburg Row) ।

প্ৰধানমন্ত্ৰীৰ ওপৰত কৰা মন্তব্যক লৈ কোষাগাৰৰ বিচাৰপীঠে খাৰ্গেকো তীব্ৰ সমালোচনা কৰিছিল । যদিও কংগ্ৰেছৰ সাংসদসকলে দাবী কৰি আছিল যে খাৰ্গেয়ে কেৱল মূল্যাংকন কৰি আছে, অভিযোগ নহয় ৷ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে, বিৰোধীয়ে বাৰে বাৰে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে "সূক্ষ্ম ভাৱে আৰু স্পষ্টভাৱে" প্ৰত্যাহ্বান জনাইছে (Malikarjun Kharge in Rajya Sabha)।

আদানী গোটৰ বিৰুদ্ধে হিণ্ডেনবাৰ্গে দিয়া প্ৰতিবেদন সন্দৰ্ভত খাৰ্গেয়ে কৰা মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাজ্যসভাৰ নেতা পীযুষ গোৱালে ৷ তেওঁ কয়, "তেওঁলোকে (কংগ্ৰেছে) ভিত্তিহীন বিদেশী প্ৰতিবেদনৰ ওপৰত নিজৰ মন্তব্য আগবঢ়াইছে । কংগ্ৰেছে এই কামেই কৰে ।’’ খাৰ্গে আৰু কংগ্ৰেছক গোৱেলে জাতীয় বিৰোধী বুলি কোৱাৰ লগে লগে খাৰ্গেই তীব্ৰ প্ৰত্যুত্তৰ দি কয়, "মই আপোনালোক সকলোতকৈ অধিক দেশপ্ৰেমিক ।"

প্ৰধানমন্ত্ৰীক পুনৰ সমালোচনা কৰি খাৰ্গেয়ে কয়, "মোৰ প্ৰশ্ন প্ৰধানমন্ত্ৰীলৈ । আপুনি কিয় নিমাত ? আপুনি সকলোকে ভয় খুৱাই, আপুনি তেওঁলোকক কিয় ভয় নকৰে ? যদি আপুনি কেৱল তেওঁলোকৰ ফালে এবাৰ চকু ফুৰায়, তেওঁলোকে টিকট নোপোৱাৰ ভয়ত নীৰৱ হৈ পৰিব । কিন্তু আপুনি এজন ‘‘মৌন বাবা’’ হৈ আছে ।" (Mallikarjun Kharge termes PM Modi a Mouni Baba)

উল্লেখ্য যে, আদানী-হিণ্ডেনবাৰ্গৰ বিতৰ্ক সন্দৰ্ভত লোকসভাতো শাস-বিৰোধীৰ মাজত ব্যাপক তৰ্ক-বিতৰ্ক হয় ৷ তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই নাম উল্লেখ নকৰাকৈয়ে মন্তব্য কৰে যে, এজন বিখ্যাত ব্যক্তি যাৰ নাম ‘A’ আখৰেৰে আৰম্ভ হয় আৰু ‘I’ আখৰেৰে শেষ হয়, তেওঁ পুঁজিবাদৰ দুৰ্গন্ধৰে লুতুৰি-পুতুৰি হৈ আছে ৷ অৱশ্যে তেওঁ আদৱানী নহয় বুলি মৈত্ৰই উল্লেখ কৰে (Mahua Moitra on Adani Hindenburg Row) ৷

মৈত্ৰৰ এই মন্তব্যৰ পাচতে বিজেপি আৰু তৃণমূল কংগ্ৰেছৰ সাংসদৰ মাজত তীব্ৰ বাক্-বিতণ্ডা আৰম্ভ হয় ৷ মহুৱা মৈত্ৰই ভাষণৰ সময়ত আপত্তিজনক শব্দ ব্যৱহাৰ কৰা বুলি উল্লেখ কৰি লোকসভাৰ অধ্যক্ষই তেওঁক এনে শব্দ ব্যৱহাৰৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনায় ৷ লগতে সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে সাংসদ মৈত্ৰক ক্ষমা খুজিবলৈ কয় ৷

লগতে পঢ়ক: TMC MP Mahua Moitra on Adani: আদানী সন্দৰ্ভত চৰকাৰক তীব্ৰ আক্ৰমণ সাংসদ মহুৱা মৈত্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.