ETV Bharat / bharat

Steering Committee of AICC : মল্লিকাৰ্জুন খাৰ্গেৰ নেতৃত্বত গঠিত হ’ল 47 জনীয়া কৰ্ণধাৰ সমিতি

author img

By

Published : Oct 26, 2022, 10:29 PM IST

বুধবাৰে মল্লিকাৰ্জুন খাৰ্গেই কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি হিচাবে দায়িত্বভাৰ গ্ৰহণ কৰে ৷ সমান্তৰালকৈ পূৰ্বৰ কমিটিখনো ভংগ হয় ৷ ইয়াৰ পিছতে খাৰ্গেৰ নেতৃত্বত গঠন কৰা হয় এখন ৪৭ জনীয়া কৰ্ণধাৰ সমিতি (Steering Committee of AICC)৷

Steering Committee of AICC
মল্লিকাৰজুন খাৰ্গেৰ নেতৃত্বত গঠিত হ’ল 47 জনীয়া কৰ্ণধাৰ কমিটি

নিউজ ডেস্ক, 26 অক্টোবৰ : বুধবাৰে মল্লিকাৰ্জুন খাৰ্গেই কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি হিচাবে দায়িত্বভাৰ গ্ৰহণ কৰে (Mallikarjun Kharge as Congress president)৷ খাৰ্গেই দায়িত্বভাৰ গ্ৰহণ কৰাৰ পূৰ্বে দলটোৰ ৰাষ্ট্ৰীয় সমিতিখনৰ সকলো কাৰ্যকৰী সদস্য, সাধাৰণ সম্পাদকৰ লগতে সমিতিৰ অন্যান্য বিষয়ববীয়াসকলে পদত্যাগ কৰাত পুৰণা সমিতিখন ভংগ হয় ।

কংগ্ৰেছৰ সকলো বিষয়ববীয়াই পদত্যাগ কৰাৰ পাছতে বুধবাৰেই খাৰ্গেৰ অধ্যক্ষতাত এখন 47 জনীয়া কৰ্ণধাৰ সমিতি গঠন কৰা হয় (Mallikarjun Kharge formed steering committee)৷ নিখিল ভাৰত কংগ্ৰেছৰ নতুন কমিটি গঠন নোহোৱা পৰ্যন্ত উক্ত কৰ্ণধাৰ সমিতিখনেই সভাপতি মল্লিকাৰ্জুন খাৰ্গেক সহায় কৰি যাব ৷

বুধবাৰে গঠন কৰা এই নতুন কৰ্ণধাৰ সমিতিখনত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, দলৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীক অন্তৰ্ভুক্ত কৰা হৈছে । ইয়াৰোপৰি বিবেক বনছালৰ বাহিৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সকলো প্ৰাক্তন সদস্যৰ লগতে স্থায়ী আমন্ত্ৰিত লোকসকলক কমিটীত স্থান দিয়া হৈছে ।

উল্লেখ্য যে, খাৰ্গেৰ পূৰ্ণাংগ সমিতিত অনুমোদন নোহোৱালৈকে তেওঁৰ নেতৃত্বত গঠিত অন্তৱৰ্তীকালীন এই পেনেলেই শীৰ্ষ সিদ্ধান্ত গ্ৰহণকাৰী কংগ্ৰেছ ৱৰ্কিং কমিটিৰ স্থান ল’ব । পূৰ্বৰ সমিতিত স্থায়ীভাৱে আমন্ত্ৰিত হৈ থকা প্ৰাক্তন বিধায়ক বনছাল এতিয়া দলৰ হাৰিয়ানাৰ দায়িত্বত থকাৰ বাবে স্থান দিয়া হোৱা নাই কৰ্ণধাৰ সমিতিখনত । আনহাতে খাৰ্গেৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা শশী থাৰুৰ পেনেলৰ(Shashi Tharoor) সদস্যসকলকো উক্ত সমিতিখনত স্থান দিয়া হোৱা নাই (Shashi Tharoor)।

নতুন পেনেলত অন্তৰ্ভুক্ত নোহোৱা চি ডব্লিউ চিৰ বিশেষ আমন্ত্ৰিত সকল হ’ল অজয় ​​কুমাৰ লাল্লু, চিন্তা মোহন, দীপেন্দৰ সিং হুদা, শচীন ৰাও আদি ৷ ইয়াৰ উপৰিও সেৱা দলৰ মুখ্য সংগঠক লালজী দেশাই, আই ৱাই চিৰ মুৰব্বী শ্ৰীনিবাস বি ভি, এন এছ ইউ আইৰ মুৰব্বী নীৰজ কুন্দন, মহিলা কংগ্ৰেছৰ মুৰব্বী নেতা ডি ছৌজা আৰু INTUC ৰ সভাপতি সঞ্জীৱ ৰেড্ডী । সাংগঠনিক অভাৰহ’লৰ বাবে ঠেলি দিয়া জি ২৩ বিৰোধী গোটৰ চি ডব্লিউ চিৰ সদস্য তথা বিশিষ্ট নেতা আনন্দ শৰ্মাক পৰিচালনা সমিতিত ৰখা হৈছে ।

লগতে পঢ়ক : Law and oreder situation of Tripura: বৰ্তমান ত্ৰিপুৰাত আইন-শৃংখলা পৰিস্থিতি উন্নত: মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.