ETV Bharat / bharat

BJP to Change State President : আৰু ৪ ৰাজ্যত সভাপতি সলনি কৰাৰ সম্ভাৱনা বিজেপিৰ - BJP preparation to lok sabha election

২০২৪ চনৰ গুৰুত্বপূৰ্ণ লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে পঞ্জাব, অন্ধ্ৰপ্ৰদেশ, ঝাৰখণ্ডত দলটোৰ ৰাজ্যিক মুৰব্বী সলনি কৰিছে । এইবাৰ জম্মু-কাশ্মীৰ, কেৰালা আৰু কৰ্ণাটকৰ দৰে কিছু ৰাজ্যৰ সভাপতিৰ লগতে নিৰ্বাচনমুখী মধ্যপ্ৰদেশৰো সভাপতি সলনিৰ পৰিকল্পনা কৰিছে ।

BJP to Change State President
BJP to Change State President
author img

By

Published : Jul 6, 2023, 2:15 PM IST

নিউজ ডেস্ক, ৬ জুলাই : ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধি লাগিছে বিজেপি । নিৰ্বাচনী ৰণকৌশল হিচাপে ৰাষ্ট্ৰীয় তথা ৰাজ্যিক স্তৰত কেইবাটাও সালসলনি ঘটোৱা হৈছে । তাৰেই অংশ হিচাপে পঞ্জাব, অন্ধ্ৰপ্ৰদেশ, ঝাৰখণ্ড আৰু নিৰ্বাচনমুখী তেলেংগানাৰ ৰাজ্যিক সভাপতি সলনি কৰিছে । এইবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে ২০২৪ চনৰ গুৰুত্বপূৰ্ণ লোকসভা নিৰ্বাচনৰ পূৰ্বে দলটোক সম্পূৰ্ণ সাজু কৰি তুলিবলৈ আৰু কেইখনমান ৰাজ্যি মুৰব্বী সলনি কৰাৰ সম্ভাৱনা আছে । দলটোৰ ভিতৰুৱা সূত্ৰই প্ৰদান কৰা ইংগিত মতে, জম্মু-কাশ্মীৰ, কেৰালা, কৰ্ণাটক আৰু নিৰ্বাচনমুখী মধ্যপ্ৰদেশত সাংগঠনিক পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে ।

দলটোৰ সূত্ৰই প্ৰকাশ কৰিছে যে দলৰ নেতৃত্বই বিগত মাহত কেইবাখনো বৈঠক অনুষ্ঠিত কৰে আৰু সাংগঠনিক পৰিৱৰ্তনবোৰৰ দ্বাৰা একতা প্ৰদৰ্শন আৰু মিত্ৰশক্তিৰ ওপৰত জাতিগত প্ৰতিনিধিত্ব আৰু ক্ষমতাৰ ভাৰসাম্য বজাই ৰখাৰ বাবে প্ৰস্তুত কৰা হৈছে । এই সিদ্ধান্তবোৰৰ ফলত অদূৰ ভৱিষ্যতে কেবিনেট ৰদবদলো হ'ব পাৰে ।

দলটোৰ এক উচ্চ স্তৰীয় সূত্ৰ অনুসৰি, পৰৱৰ্তী এদিন বা দুদিনৰ ভিতৰত বিজেপিয়ে অতিৰিক্ত পাঁচখন ৰাজ্যৰ বাবে নতুন সভাপতি ঘোষণা কৰিব বুলি আশা কৰা হৈছে । দলটোৱে দুৰ্বল লোকসভা আসনৰ বাবে ৰণনীতি প্ৰস্তুত কৰাৰ দায়িত্ব কেইবাজনো মন্ত্ৰীক অৰ্পণ কৰিছে ।

আমোদজনকভাৱে প্ৰহ্লাদ পেটেল আৰু জ্যোতিৰাদিত্য সিন্ধিয়াকে ধৰি কেন্দ্ৰীয় মন্ত্ৰীসকলে প্ৰতিদিনে দলৰ সভাপতিৰ সৈতে বৈঠকত মিলিত হৈ আহিছে । দলৰ সভাপতিৰ সৈতে পেটেলৰ বৈঠকৰ পিছত তেওঁক মধ্যপ্ৰদেশৰ ৰাজ্যিক সভাপতি হিচাপে নিযুক্তি দিয়া হ'ব পাৰে বুলি অনুমান কৰা হৈছে । নিৰ্বাচনৰ ঠিক আগতে পেটেলৰ ৰাজ্যিক মুৰব্বী হিচাপে নিযুক্তি এই বছৰৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এক গুৰুত্বপূৰ্ণ কৌশলগত পদক্ষেপ হ'ব পাৰে ।

কেৱল সেয়াই নহয়, তেলেংগানাত দলটোৰ প্ৰতিনিধি হিচাপে উত্তৰ-পূৰ্বাঞ্চলৰ সংস্কৃতি, পৰ্যটন আৰু উন্নয়নৰ দায়িত্বত থকা কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীক নিযুক্তি দিয়াটোৱেও অধিক মন্ত্ৰীক ৰাজ্যিক দায়িত্ব অৰ্পণ কৰা হ'ব বুলি অনুমান কৰা হৈছে । মন কৰিবলগীয়া যে বিজেপিয়ে ৰাজ্যিক নিৰ্বাচনত সঘনাই ইয়াৰ সাংসদসকলক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু আশা কৰা হৈছে যে বেছিভাগ মন্ত্ৰীকে ২০২৪ চনত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ কোৱা হ'ব পাৰে । সাধাৰণতে বিজেপিৰ মন্ত্ৰীসকলক যদি ৰাজ্যিক মুৰব্বীৰ পদত অধিষ্ঠিত কৰোৱা হয়, তেন্তে তেওঁলোকক দপ্তৰ চলাই থকাৰ অনুমতি দিয়া নহয় ।

বিজেপিয়ে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়ত ইয়াৰ ৰণনীতি ৰাজনৈতিক গণনা, সামাজিক আভিযান্ত্ৰিকতা, জাতিগত প্ৰতিনিধিত্বৰ প্ৰচাৰ, মিত্ৰতা শক্তিশালী কৰা আৰু সৰ্বোপৰি দলৰ ভিতৰত একতা আৰু সন্তুষ্টি বৰ্তাই ৰখাৰ দিশত গুৰুত্ব দিব বুলি আশা কৰা হৈছে । বিজেপিয়ে ইয়াৰ লক্ষ্যত উপনীত হ'বৰ বাবে সদস্যসকলৰ পৰা অৱদান সৰ্বাধিক কৰাৰ লক্ষ্য ৰাখিছে । দলটোৰ ৰাজ্যিক গোটসমূহৰ শেহতীয়া পৰিৱৰ্তনবোৰে এই কাৰকবোৰৰ গুৰুত্ব প্ৰকাশ কৰিছে ।

কৰ্ণাটকত বিজেপিৰ শেহতীয়া পৰাজয়ে দলটোক চলিত বছৰৰ শেষৰ ফালে অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক নিৰ্বাচনৰ বাবে ইয়াৰ প্ৰচাৰ পদ্ধতি পুনৰ মূল্যায়ন কৰিবলৈ বাধ্য কৰিছে । নিৰ্বাচনৰ দিশে আগবাঢ়ি থকা চাৰিখন গুৰুত্বপূৰ্ণ ৰাজ্যৰ ভিতৰত মধ্যপ্ৰদেশ, ৰাজস্থান, তেলেংগানা আৰু ছত্তীশগড়ৰ ভিতৰত কেৱল মধ্যপ্ৰদেশতহে বৰ্তমান বিজেপিৰ চৰকাৰ । দলটোৱে ছত্তীশগড়, ৰাজস্থান আৰু তেলেংগানাত সম্ভাৱ্য প্ৰতিষ্ঠান-বিৰোধী ঢৌৰ সুবিধা লোৱাৰ লক্ষ্য ৰাখিছে ।

২০২৪ চনৰ লোকসভা নিৰ্বাচনলৈ আগবাঢ়ি থকাৰ সময়ত নিজৰ স্থিতি শক্তিশালী কৰাৰ বাবে বিজেপিয়ে বিগত মাহত এক বিস্তৃত মাহজোৰা গণপ্ৰচাৰ চলাইছিল । কেন্দ্ৰীয় মন্ত্ৰী আৰু সংগঠনটোৰ জ্যেষ্ঠ সদস্যসকলে এই কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :NCP National Executive meeting : দিল্লীত শৰদ পাৱাৰ, আৰম্ভ এনচিপিৰ দুয়োটা ফৈদৰ পোষ্টাৰ ৰাজনীতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.