ETV Bharat / bharat

বছৰৰ আৰম্ভনিতে স্থলসেনাৰ শীৰ্ষ-পৰ্যায়ত ব্যাপক ৰদ-বদল - অতিৰিক্ত মহানিৰ্দেশকৰ কাৰ্যালয় (মানৱ অধিকাৰ)

বছৰৰ আৰম্ভনিতে ভাৰতীয় স্থলসেনাৰ শীৰ্ষ পৰ্যায়ত ব্যাপক সালসলনি কৰা হয় ৷ তেজপুৰস্থিত গজৰাজ ক’ৰৰ কামাণ্ডাৰ লেফটেনেন্ট জেনেৰেল শান্তনু দয়ালক স্থলসেনাৰ উপ-সেনাধ্যক্ষ নিযুক্ত কৰা হয় ৷ ইয়াৰ উপৰিও সামৰিক পৰিক্ৰমা বিভাগত প্ৰথমগৰাকী অতিৰিক্ত সচিব নিযুক্ত কৰা হয় এগৰাকী স্থলসেনা বিষয়াক ৷ ইয়াৰ উপৰিও স্থলসেনা মুখ্যালয়ৰ অধীনত প্ৰথমবাৰৰ বাবে গঠন কৰা হৈছে মানৱ অধিকাৰৰ অতিৰিক্ত মহানিৰ্দেশকৰ কাৰ্যালয় ৷

বছৰৰ আৰম্ভনিতে স্থলসেনাৰ শীৰ্ষ-পৰ্যায়ত ব্যাপক ৰদ-বদল

author img

By

Published : Jan 3, 2021, 2:39 PM IST

তেজপুৰ, 3 জানুৱাৰী : বছৰৰ আৰম্ভনিতে ভাৰতীয় স্থলসেনাৰ শীৰ্ষ মহলত ব্যাপক সালসলনিৰে সম্পূৰ্ণ টপ-ব্ৰাছৰ বিষয়াসকল নিযুক্ত কৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ে ৷ এই নতুন নিযুক্তিৰ ভিতৰত আছে বহুকেইটা গুৰুত্বপূৰ্ণ নিযুক্তি, যাক লৈ পাকিস্তান আৰু চীনৰ মুৰৰ কামোৰণি হৈছে ভাৰতীয় স্থলসেনাৰ এইসকল শীৰ্ষ বিষয়া ৷

নিযুক্তিসমূহৰ ভিতৰত অন্যতম আছিল লেফটেনেন্ট শান্তনু দয়ালক স্থলসেনাৰ উপ-সেনাধ্যক্ষ নিযুক্ত কৰাটো ৷ তিনি তাৰকাযুক্ত বিষয়াগৰাকীয়ে বিগত 31 ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰা লেফটেনেন্ট জেনেৰেল এছ এছ হাচনবিছৰ ঠাইত স্থলাভিষিক্ত হ’ব ৷ ইয়াৰ পূৰ্বে লেফটেনেন্টে জেনেৰেল শান্তনু দয়াল তেজপুৰস্থিত চতুৰ্থ ক’ৰ (গজৰাজ)ৰ কামাণ্ডাৰ হিচাপে কৰ্মৰত আছিল ৷

বছৰৰ আৰম্ভনিতে স্থলসেনাৰ শীৰ্ষ-পৰ্যায়ত ব্যাপক ৰদ-বদল
অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে লেফটেনেন্ট জেনেৰেল শান্তনু দয়াল

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনত গঠন কৰা সামৰিক পৰিক্ৰমা বিভাগতো প্ৰথমবাৰৰ বাবে নিয়োগ কৰা হৈছে অতিৰিক্ত সচিব ৷ চিডিএছৰ পিচতেই প্ৰথমগৰাকী অতিৰিক্ত সচিব হিচাপে নিযুক্তি পাইছে স্থলসেনাৰ আন এগৰাকী শীৰ্ষ বিষয়া লেফটেনেন্ট জেনেৰেল টৰণজিৎ সিং ৷ বিগত 31 ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰা লেফটেনেন্ট জেনেৰেলগৰাকী ইয়াৰ পূৰ্বে ইন্টিগ্ৰেটেড ডিফেন্স ষ্টাফৰ কাৰ্যালয়ৰ অপাৰেশ্বন শাখাৰ উপ-প্ৰধান হিচাপে কৰ্মৰত আছিল ৷ লেফটেনেন্ট টৰণজিৎ সিঙৰ ঠাইত স্থলাভিষিক্ত হ’ব স্থলসেনাৰ 12 ক’ৰৰ কামাণ্ডাৰ লেফটেনেন্ট জেনেৰেল অৰুণ পুৰী ৷ লেফটেনেন্ট জেনেৰেল অৰুণ পুৰীৰ ঠাইত 12 ক’ৰৰ কামাণ্ডাৰ হিচাপে স্থলাভিষিক্ত হ’ব লেফটেনেন্ট জেনেৰেল পি এছ মিনহাস ৷

তেজপুৰ গজৰাজ ক’ৰত লেফটেনেন্ট জেনেৰেল শান্তনু দয়াল

স্থলসেনাৰ ক’ৰ হৈছে প্ৰথমটো ফাইটিং ফৰমেশ্বন যিয়ে সকলো আৰ্ম আৰু চাৰ্ভিছৰ সৈতে সংহতভাৱে একক অভিযান চলাবলৈ সক্ষম ৷ বৰ্তমান সময়ত ভাৰতীয় স্থলসেনাত 90 গৰাকী লেফটেনেন্ট জেনেৰেল পৰ্যায়ৰ ক’ৰ কামাণ্ডাৰ আছে ৷

101 চাব-এৰিয়াৰ জিঅ’চি লেফটেনেন্ট জেনেৰেল তুমুল বৰ্মাই ইলেকট্ৰিকেল মেকানিকেল আৰু ইঞ্জিনীয়াৰিং ক’ৰৰ মহানিৰ্দেশক হিচাপে লেফটেনেন্ট জেনেৰেল অনিল কাপুৰৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰিছে ৷

লেফটেনেন্ট জেনেৰেল শান্তনু দয়াল

ছিগনেল অফিচাৰ-ইন চাৰ্জ লেফটেনেন্ট জেনেৰেল ৰাজীৱ সভাৱালৰ অৱসৰৰ পিচত তেওঁৰ ঠাইত স্থলাভিষিক্ত হৈছে লেফটেনেন্ট জেনেৰেল এম এম ভূৰ্কী ৷ মিলিটাৰী কলেজ অৱ টেলিকমিউনিকেশ্বন ইঞ্জিনীয়াৰিঙৰ কামাণ্ডেন্ট হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছে লেফটেনেন্ট জেনেৰেল এম এম ভূৰ্কীয়ে ৷ ছিগনেল অফিচাৰ-ইন চাৰ্জ হৈছে ভাৰতীয় স্থলসেনা, বায়ুসেনা আৰু নৌ-সেনাৰ সকলো যোগাযোগ সম্বন্ধীয় শীৰ্ষ বিষয়া ৷

নেশ্বনেল কেডেট ক’ৰৰ মহানিৰ্দেশক লেফটেনেন্ট জেনেৰেল ৰাজীৱ চোপ্ৰাৰ অৱসৰৰ পিচত তেওঁৰ ঠাইত স্থলাভিষিক্ত হৈছে লেফটেনেন্ট জেনেৰেল তৰুণ কুমাৰ ৷ একেদৰেই ষ্টাফ কলেজৰ কামাণ্ডেন্ট লেফটেনেন্ট জেনেৰেল ৱাই ভি কে মোহনৰ অৱসৰৰ পিচত তেওঁৰ ঠাইত স্থলাভিষিক্ত হৈছে মেকানাইজড ফৰ্চৰ মহানিৰ্দেশক লেফটেনেন্ট জেনেৰেল এম জে এছ কিহলন ৷

ইয়াৰ উপৰিও স্থলসেনাৰ চেন্নাই আৰু গয়াস্থিত দুয়োখন অফিচাৰ ট্ৰেইনিং একাডেমিৰ নতুন কামাণ্ডেন্ট শীঘ্ৰেই নিযুক্ত কৰা হ’ব ৷ অফিচাৰ ট্ৰেইনিং একাডেমি গয়াৰ কামাণ্ডেন্ট লেফটেনেন্ট জেনেৰেল সুনীল শ্ৰীবাস্তৱৰ অৱসৰৰ পিচত ওটিএ গয়াৰ নতুন কামাণ্ডেন্ট হিচাপে নিযুক্ত হৈছে মেজৰ জেনেৰেল ভিজি ৰেড্ডী ৷ অঅহা 7 জানুৱাৰীত তেওঁ লেফটেনেন্ট জেনেৰেল হিচাপে পদোন্নতি লাভ কৰিব ৷ বৰ্তমানে তেওঁ ওটিএ গয়াৰ উপ-কামাণ্ডেন্ট হিচাপে কৰ্মৰত হৈ আছে ৷ বিগত কিছুমাহৰ পৰা খালী হৈ থকা ওটিএ চেন্নাইৰ কামাণ্ডেন্ট হিচাপে নিযুক্ত হ’ব লেফটেনেন্ট জেনেৰেল এম কে দাস ৷

আশ্বৰ্যকৰভাৱে স্থলসেনাই প্ৰথমবাৰৰ বাবে নিযুক্ত কৰিব এগৰাকী মানৱ অধিকাৰ মহানিৰ্দেশক ৷ স্থলসেনাৰ মুখ্যালয়ত প্ৰথমবাৰৰ বাবে গঠন কৰা অতিৰিক্ত মহানিৰ্দেশকৰ কাৰ্যালয় (মানৱ অধিকাৰ)ত প্ৰথমগৰাকী মহানিৰ্দেশক হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব মেজৰ জেনেৰেল গৌতম চৌহানে ৷ মেজৰ জেনেৰেল চৌহানে প্ৰত্যক্ষভাৱে স্থলসেনাৰ উপ-মুখ্য সেনাধ্যক্ষক ৰিপৰ্ট কৰিব আৰু তেওঁ হ’ব 13 লাখ সৈনিকযুক্ত স্থলসেনাৰ প্ৰথমগৰাকী মহানিৰ্দেশক যিয়ে প্ৰতিটো মানৱ অধিকাৰৰ গোচৰ চোৱাচিতা কৰিব ৷

লগতে পঢ়ক : জুক’ ভেলীৰ বনজুই নিয়ন্ত্ৰণৰ বাবে বাম্বি বাকেট অভিযান বায়ুসেনাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.