ETV Bharat / bharat

Hill slipped in Bhiwani : ভিৱানীত পাহাৰ খহি এজনৰ মৃত্যু, আৱদ্ধ ১০ গৰাকী - ভিৱানীৰ খননস্থলীত হঠাতে খহি পৰিল পাহাৰ

নৱবৰ্ষৰ প্ৰথম দিনটোত সংঘটিত হৈছে এটাৰ পাচত আনটো শোকাৱহ ঘটনা । বৈষ্ণো দেৱী মন্দিৰৰ শোকাৱহ ঘটনাৰ পাচত এইবাৰ হাৰিয়ানাৰ ভিৱানীত সংঘটিত হ'ল আন এক অঘটন । ভিৱানীৰ খননস্থলীত হঠাতে খহি পৰিল পাহাৰ । ধ্বসংস্তুপৰ মাজত প্ৰায় ১০ জন লোক আৱদ্ধ হৈ আছে (Accident occurred due to hill slipping in Bhiwani) ।

Major accident has occurred due to the hill slipping in Bhiwani
ভিৱানীত খহি পৰিল সু উচ্চ পাহাৰ
author img

By

Published : Jan 1, 2022, 1:36 PM IST

নেশ্যনেল ডেস্ক, ১ জানুৱাৰী : হাৰিয়ানাৰ ভিৱানী জিলাৰ দাদম গাঁৱৰ খননস্থলীত পুৱাই খহি পৰিল পাহাৰ (Hill slipped in bhiwani) । ধ্বসংস্তুপৰ মাজত আৱদ্ধ হৈ আছে ৫-১০ জন লোক আৰু ৬ খন বাহন । পুৱা প্ৰায় ৮.১৫ বজাত খননকাৰ্য চলি থকাৰ সময়তে পাহাৰৰ এটা ডাঙৰ অংশ খহি পৰে । এই ঘটনাত প্ৰাণ হেৰুৱায় এজন শ্ৰমিকে (Major accident occurred in mining area of Bhiwani) ।

আনহাতে, পাহাৰ খহি পৰাৰ ফলত উক্ত স্থানত পূৰ্বৰে পৰা ৰখাই থোৱা ডাম্পাৰ আৰু খননত ব্যৱহাৰ হোৱা প্ৰায় আধা ডজন যন্ত্ৰ ধ্বসংস্তুপৰ মাজত আৱদ্ধ হৈ পৰে । ভিৱানী জিলাৰ তোছাম বিধানসভা সমষ্টিৰ অন্তৰ্গত দদম গাঁও খনন কাৰ্যৰ বাবে জনাজাত । সম্প্ৰতি প্ৰশাসনে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । পাহাৰৰ ধ্বংসাৱশেষ আঁতৰাই আৱদ্ধ হৈ পৰা লোকসকলক উদ্ধাৰ কৰি থকা হৈছে ।

অৱশ্যে, উক্ত স্থানত এতিয়া কিমানজন লোক আৱদ্ধ হৈ আছে, সেই বিষয়ে সঠিক তথ্য জানিব পৰা হোৱা নাই । আৰক্ষী-প্ৰশাসনে সংবাদ মাধ্যমৰ লোক আৰু আন সাধাৰণ লোকক পৰ্বত আৰোহণস্থলী পৰিদৰ্শন কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে । সাধাৰণ লোকক ঘটনাস্থলীৰ পৰা আঁতৰত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে ।

আনহাতে, এই সন্দৰ্ভত খানক-দদম ক্ৰাচাৰ এছ'চিয়েছনৰ অধ্যক্ষ মাষ্টাৰ সতবীৰ ৰটেৰাই কয় যে, যেতিয়া এই ঘটনাটো সংঘটিত হৈছিল, তেতিয়া কাৰ্য চলি থকা নাছিল । খননকাৰ্য চলা অঞ্চলটো দুয়োফালৰ পৰা বনাঞ্চলেৰে আগুৰি আছে । এলেকাটোত পাঁচখন বাহন আৱদ্ধ হৈ থকাটো নিশ্চিত কৰা হৈছে । এতিয়ালৈকে তিনিজন লোকক উদ্ধাৰ কৰা হৈছে আৰু দুজন লোক চিকিৎসাধীন হৈ আছে ।

উল্লেখ্য যে, প্ৰদূষণ ৰোধৰ বাবে প্ৰশাসনে দীৰ্ঘদিন ধৰি খনন কাৰ্য বন্ধ কৰি দিছিল । দুদিন পূৰ্বে প্ৰদূষণ বিভাগৰ দ্বাৰা খননৰ কামৰ বাবে বিদ্যুৎ সংযোগ কৰা ব্যৱস্থা কৰি দিছিল । কিয়নো দীৰ্ঘদিন ধৰি প্ৰদূষণৰ বাবে খননৰ কাম বন্ধ ৰখা হৈছিল ৷ যাৰ বাবে খনন কাৰ্যৰে জড়িত কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল ।

লগতে পঢ়ক: Vaishno Devi stampede : মৃতকৰ পৰিয়াললৈ ২ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা প্ৰধানমন্ত্ৰী মোডীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.