ETV Bharat / bharat

PM Modi address Indians in France : মই সংকল্প লৈ ফ্ৰান্সলৈ আহিছো ; প্ৰধানমন্ত্ৰী মোডী

author img

By

Published : Jul 14, 2023, 2:04 PM IST

ফ্ৰান্সত প্ৰৱাসী ভাৰতীয়সকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আগন্তুক প্ৰজন্মৰ বাবে উজ্জ্বল ভৱিষ্যত গঢ়ি তোলাৰ সংকল্প লৈ তেওঁ ফ্ৰান্স ভ্ৰমণ কৰিছে । এতিয়াৰে পৰা নগদ ধন অবিহনে ভাৰত ভ্ৰমণ কৰিব পাৰিব । কেৱল স্মাৰ্টফোনত ইউপিআই থাকিলেই হ'ব । ডিজিটেল প্লেটফৰ্মৰ ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰতীয়ৰ পদক্ষেপক তেওঁ প্ৰশংসা কৰে ।

PM Modi address Indians in France
মই সংকল্প লৈ ফ্ৰান্সলৈ আহিছো

নেশ্যনেল ডেস্ক,১৪ জুলাই : ফ্ৰান্স ভ্ৰমণৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰৱাসী ভাৰতীয়সকলক সম্বোধন কৰে । বৃহস্পতিবাৰে ভাৰতীয়সকলক সম্বোধন কৰি তেওঁ কয় যে ভাৰত আৰু ইয়াৰ ভৱিষ্যত প্ৰজন্মৰ বাবে এক উজ্জ্বল ভৱিষ্যত গঢ়ি তোলাৰ সংকল্প লৈ তেওঁ ফ্ৰান্সলৈ গৈছে । তেওঁৰ গোটেই শৰীৰ আৰু সময় দেশবাসীৰ বাবে উছৰ্গিত ।

পেৰিছৰ লা সীন মিউজিকেলত ভাৰতীয় সম্প্ৰদায়ক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে আজিৰ ভাৰতে বৰ্তমানৰ প্ৰত্যাহ্বান আৰু দশকজুৰি চলি অহা সমস্যাসমূহৰ স্থায়ী সমাধান বিচাৰি আছে । দেশবাসীয়ে সিদ্ধান্ত লৈছে যে ভাৰতে কোনো সুযোগ হেৰুৱাব নিবিচাৰে বা এটা মুহূৰ্তও অপচয় নকৰে । প্ৰধানমন্ত্ৰী মোডীয়ে দাবী কৰা মতে তেওঁ দেশৰ ভৱিষ্যত গঢ়ি তুলিবলৈ সম্পূৰ্ণ শক্তিৰে কাম কৰি আছে ।

প্ৰধানমন্ত্ৰী মোডীয়ে লগতে কয় যে ভাৰতত এক বৃহৎ পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে আৰু তাৰ দায়িত্ব ইয়াৰ নাগৰিকসকলৰ ওপৰত আছে । মোডীয়ে লগতে কয় যে বিশ্বৰ ৪৬ শতাংশ বাস্তৱ-সময়ৰ ডিজিটেল লেনদেন ভাৰতত হয় । ডিজিটেল লেনদেনৰ প্ৰশংসা কৰি তেওঁ উপস্থিত লোকসকলক ভাৰতলৈ আহিলে নগদ ধন লগত অনাৰ প্ৰয়োজন নাই বুলি কয় । লোকসকলে যাতে নগদ ধন অবিহনে ভাৰত ভ্ৰমণ কৰে তাৰো আহ্বান জনায় । স্মাৰ্টফোনত ইউপিআই থাকিলেই হ'ব বুলিও তেওঁ উল্লেখ কৰে । নগদ ধন অবিহনে ইউপিআইৰ জৰিয়তে সমগ্ৰ ভাৰত ভ্ৰমণ কৰিব পাৰিব বুলিও দাবী কৰে প্ৰধানমন্ত্ৰীয়ে ।

ডিজিটেল প্লেটফৰ্মৰ ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰত আৰু ফ্ৰান্সে একেলগে কাম কৰি থকা বাবে আনন্দিত প্ৰধানমন্ত্ৰী মোডী । চুক্তিৰ স্বাক্ষৰ হোৱাৰ পাছত আইফেল টাৱাৰৰ পৰা আৰম্ভ কৰা হ'ব । অৰ্থাৎ এতিয়া ভাৰতীয় পৰ্যটকসকলে আইফেল টাৱাৰত ইউপিআইৰ জৰিয়তে ধন পৰিশোধ কৰিবলৈ সক্ষম হ'ব । প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰৱাসী ভাৰতীয়সকলক ভাৰতলৈ আহি বিনিয়োগ কৰিবলৈও আহ্বান জনায় । তেওঁ ভাৰতৰ জি-২০ৰ সভাপতিত্ব সম্পৰ্কেও প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে বাৰ্তালাপ কৰে ।

প্ৰধানমন্ত্ৰীৰ মতে ফ্ৰান্সত ছেইণ্ট থিৰুভাল্লুভাৰৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব । ই ভাৰতৰ বাবে এক ডাঙৰ সন্মান বুলিও তেওঁ উল্লেখ কৰে । ইফালে ৰিইউনিয়ন দ্বীপত ভাৰতীয় বিদেশী নাগৰিক (অচিআই) কাৰ্ড সম্পৰ্কীয় সমস্যাসমূহো সমাধান কৰা হৈছে ।

লগতে পঢ়ক :PM Modi France Visit : ফ্ৰান্সত উপস্থিত প্ৰধানমন্ত্ৰী; পেৰিছ বিমানবন্দৰত ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী এলিজাবেথৰ আদৰণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.