ETV Bharat / bharat

গাজিপুৰ সীমান্তত প্ৰতিবাদকাৰী কৃষকৰ কাষত মহাত্মা গান্ধীৰ নাতিনী

author img

By

Published : Feb 13, 2021, 10:04 PM IST

শনিবাৰে গাজিপুৰ সীমান্তত প্ৰতিবাদকাৰী কৃষকৰ কাষত উপস্থিত হয় মহাত্মা গান্ধীৰ নাতিনী তাৰা গান্ধী ৷

Mahatma Gandhi's granddaughter Tara Gandhi reached Ghazipur border
গাজিপুৰ সীমান্তত প্ৰতিবাদকাৰী কৃষকৰ কাষত মহাত্মা গান্ধীৰ নাতিনী

নিউজ ডেস্ক,13 ফেব্ৰুৱাৰী: গাজীপুৰ সীমান্তত কেন্দ্ৰীয় চৰকাৰৰ কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰখা কৃষকৰ কাষত উপস্থিত হৈছে বিভিন্ন ৰাজনৈতিক নেতা ৷ ইয়াৰ মাজতে শনিবাৰে প্ৰতিবাদস্থলীত উপস্থিত হয় মহাত্মা গান্ধীৰ নাতিনী তাৰা গান্ধী ৷

উল্লেখ্য যে, বিগত প্ৰায় 80 দিনে দিল্লীৰ সীমান্তত কৃষক সকলে অব্যাহত ৰাখিছে প্ৰতিবাদ ৷ কৃষি আন্দোলনক নিঃশেষ কৰাৰ চৰকাৰৰ চেষ্টাৰ লগতে প্ৰতিবাদকাৰী কৃষকসকলৰ সৈতে চৰকাৰৰ আলোচনাৰ ব্যৰ্থতাৰ পিছতো নিজৰ স্থিতিত অটল আছে কৃষকসকল ৷

আনহাতে, শনিবাৰে লোকসভাৰ মজিয়াত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৃষি আইনক লৈ কংগ্ৰেছৰ তীব্ৰ সমালোচনা কৰে ৷ বিত্তমন্ত্ৰী গৰাকীয়ে কয় যে, কংগ্ৰেছে এই তিনিওখন কৃষি আইনক লৈ মিথ্যাচাৰ প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক:জম্মু-কাশ্মীৰৰ প্ৰাক্তন আৰক্ষী জোৱানৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.