ETV Bharat / bharat

Building collapse in Maharashtra : মহাৰাষ্ট্ৰত খহি পৰিল চাৰি মহলীয়া অট্টাল্লিকা; নিহত ২, আহত ১

author img

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 10:12 AM IST

খহি পৰিল মহাৰাষ্ট্ৰৰ কল্যাণ ডম্বিভলী পৌৰ নিগমৰ সীমাৰ আয়ৰে গাঁৱত অৱস্থিত ‘‘আদিনাৰায়ণ ভূৱন’’টো ৷ শেহতীয়া তথ্য অনুসৰি, দুজন লোকৰ মৃত্যু হোৱাৰ লগতে গুৰুতৰভাৱে আহত অৱস্থাত উদ্ধাৰ কৰা হৈছে এগৰাকী মহিলা ৷ এই কথা সদৰী কৰিছে চৰকাৰী বিষয়াই ৷ উক্ত ৱাৰ্ডটোত ৪০ টা অতি অট্টালিকা বিপজ্জনকভাৱে আছে বুলি উল্লেখ কৰিছে চৰকাৰী বিষয়াগৰাকীয়ে ৷

Building collapse in Maharashtra
অট্টাল্লিকা খহি মহাৰাষ্ট্ৰত মৃত্যু এজনৰ

নিউজ ডেস্ক, ১৬ ছেপ্টেম্বৰ : মহাৰাষ্ট্ৰৰ থানে জিলাৰ ডম্বিভলি ইষ্টত শুকুৰবাৰে সংঘটিত হয় এক অঘটন ৷ শুকুৰবাৰে হঠাৎ ভাঙি পৰে চাৰি মহলীয়া এটা আৱাসিক অট্টাল্লিকা ৷ ফলত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে ধ্বংসাৱশেষৰ পৰা গুৰুতৰভাৱে আহত অৱস্থাত উদ্ধাৰ কৰা হৈছে এগৰাকী মহিলা ৷ এই কথা সদৰী কৰিছে বিভাগীয় কৰ্তৃপক্ষই ৷

চৰকাৰী বিষয়াগৰাকীয়ে উল্লেখ কৰা অনুসৰি, বৃহস্পতিবাৰৰ পৰা এই অট্টালিকাটোৰ কিছু কিছু অংশ ভাগি আছিল ৷ তেতিয়াই সুৰক্ষাৰ স্বাৰ্থত অট্টালিকাটো খালী কৰা হৈছিল ৷ উল্লেখ্য যে, শুকুৰবাৰে সন্ধিয়া প্ৰায় ৫:৪০ বজাত কল্যাণ ডম্বিভলী পৌৰ নিগমৰ সীমাৰ আয়ৰে গাঁৱত অৱস্থিত ‘‘আদিনাৰায়ণ ভূৱন’’ নামৰ অট্টালিকাটো ভাঙি পৰে ৷

নিশা প্ৰায় ৮ বজাৰ পৰা অনুসন্ধান আৰু উদ্ধাৰকাৰী দলে ধ্বংসাৱশেষৰ মাজৰ পৰা সুনীল বিৰ্জা লোদয়া (৫৫)ৰ মৃতদেহ উদ্ধাৰ কৰে । তাৰ পাচত নিশা ৯:১৫ বজাত ৫৪ বছৰীয়া দীপ্তি সুনীল লোদয়াক ধ্বংসাৱশেষৰ পৰা জীৱিত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ তাৰ পাচতে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় বুলি উল্লেখ কৰিছে টিএমচিৰ দুৰ্যোগ ব্যৱস্থাপনা কোষৰ মুৰব্বী ইয়াছিন তাদৱীয়ে ।

ইয়াছিন তাদৱীয়ে উল্লেখ কৰা অনুসৰি, পৰৱৰ্তী পৰ্যায়ত এই ধ্বংসাৱশেষৰ পৰাই অৰবিন্দ ভাটকাৰ (৭০) নামৰ আন এজন লোকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ বাতৰি যুগুত কৰা পৰলৈকে, অন্য এজন ব্যক্তি এই ধ্বংসাৱশেষৰ মাজত আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে ৷ এই ব্যক্তিগৰাকীক বিচাৰি অব্যাহত আছে উদ্ধাৰ অভিযান ৷

কেডিএমচিৰ মুৰব্বী ভৌচাহেব ডাংডে কয়, ‘‘৫০ বছৰীয়া অট্টালিকাটো বিপজ্জনক বুলি ঘোষণা কৰা হৈছিল আৰু তাত থকা লোকসকলক ঘৰ খালী কৰিবলৈ জাননীও জাৰি কৰা হৈছিল । বহুতো লোকে ঘৰ খালী কৰিছিল যদিও কিছু লোকে অট্টালিকাটোতে আছিল । ক্ৰমাৎ অট্টালিকাটো ভাঙিবলৈ ধৰাত বৃহস্পতিবাৰে সন্ধিয়াৰ পৰাই বাসিন্দাসকলক খালী কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল চৰকাৰৰ তৰফৰ পৰা’’ ৷

ডাংডে আৰু অন্যান্য জ্যেষ্ঠ বিষয়াৰ তত্বাৱধানত অগ্নিনিৰ্বাপক বাহিনী আৰু স্থানীয় দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ দ্বাৰা অব্যাহত আছে অনুসন্ধান আৰু উদ্ধাৰ অভিযান । ইফালে এজন নাগৰিক বিষয়াই উল্লেখ কৰা মতে, উক্ত ৱাৰ্ডটোত ৪০ টা অতি অট্টালিকা বিপজ্জনকভাৱে আছে বুলি উল্লেখ কৰিছে ৷

লগতে পঢ়ক : Nipah virus in Kozhikode : নিপা ভাইৰাছে ছানি ধৰিছে কেৰালাৰ কোজিকোড; ২৪ ছেপ্টেম্বৰলৈকে শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.