ETV Bharat / bharat

গুৱাহাটীৰ পৰা গোপনে আহি গুজৰাটত মিলিত হৈছিল সিন্দে-ফাড়নাভিছ - গুৱাহাটীৰ হোটেল ৰেডিশ্বন ব্লু

সকলো বিধায়ক ৰেডিশ্বনত শুই থাকোঁতেই সিন্দেয়ে গুজৰাটত লগ কৰিছিলগৈ ফাড়নাভিছক ৷ তাৰ পাচতেই আৰম্ভ হৈছিল ঠাকৰে চৰকাৰক বগৰোৱাৰ ষড়যন্ত্ৰ ৷ এই কথা প্ৰকাশ কৰিলে একনাথ সিন্দেয়ে (Maharashtra politics)৷

maharashtra politics
maharashtra politics
author img

By

Published : Jul 5, 2022, 4:59 PM IST

নিউজ ডেস্ক, 5 জুন : মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেয়ে (CM Eknath Shinde) সোমবাৰে ৰাজহুৱাভাৱে কয় যে, শিৱসেনাৰ নেতৃত্বৰ বিৰুদ্ধে তেওঁৰ শেহতীয়া "বিদ্ৰোহৰ" আঁৰত বিজেপিৰ সক্ৰিয় ভূমিকা আছে । সিন্দেয়ে কয় যে, গুজৰাটৰ পৰা গুৱাহাটীলৈ যোৱাৰ পিছত তেওঁ ফাড়নাভিছক লগ কৰিছিল ৷ সেই সময়ত তেওঁৰ গোটৰ বিধায়কসকল শুই আছিল ৷ কিন্তু বিধায়কসকল সাৰ পোৱাৰ আগতেই তেওঁ গুৱাহাটীলৈ উভতি আহিছিল । সদনত আস্থা ভোট লাভ কৰাৰ পিছত ৰাজ্যিক বিধানসভাত সিন্দেৰ মন্তব্যই স্পষ্ট কৰি দিয়ে যে, এই সময়ছোৱাত বিজেপি নেতা তথা বৰ্তমানৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছ, সিন্দে নেতৃত্বাধীন গোটটোৰ কাৰ্যকলাপত সক্ৰিয়ভাৱে জড়িত আছিল (Maharashtra politics)।

সিন্দে গোটৰ বিধায়কসকলে যোৱা মাহৰ শেষৰ ফালে গুৱাহাটীৰ হোটেল ৰেডিশ্বন ব্লুত শিবিৰ পাতি আছিল ৷ কিন্তু খবৰ আহিছিল যে, সিন্দে গুৱাহাটীৰ পৰা গুজৰাট পাইছিল আৰু ফাড়নাভিছৰ সৈতে গোপন বৈঠক আয়োজন কৰিছিল । প্ৰতিবেদনত দাবী কৰা হৈছে যে ৰাতিপুৱা হোৱাৰ আগতে, সিন্দে গুৱাহাটীৰ হোটেল ৰেডিশ্বন ব্লুলৈ উভতি আহিছিল, য'ত তেওঁ 40 জন বিধায়কৰ সৈতে শিবিৰ পাতি আছিল (Eknath Shinde tells how Uddhav Thackeray govt collapse)।

"আমাৰ সংখ্যা বিজেপিৰ তুলনাত কম আছিল, কিন্তু প্ৰধানমন্ত্ৰী মোদীয়ে আমাক আশীৰ্বাদ দিছিল । মোডীয়ে শপত লোৱাৰ আগতে মোক কৈছিল যে তেওঁ মোক সকলো ধৰণে সহায় কৰিব । অমিত শ্বাহে কৈছিল যে, তেওঁ প্ৰাচীৰৰ দৰে আমাৰ পিছফালে থিয় হ'ব । সিন্দেয়ে ফাড়নাভিছৰ ফালে আঙুলিয়াই ক'লে, "কিন্তু এওঁ হৈছে আটাইতকৈ ডাঙৰ শিল্পী। "যেতিয়া মোৰ সৈতে বিধায়কসকল শুই আছিল তেতিয়া আমি লগ পাইছিলো আৰু সাৰ পোৱাৰ আগতেই গুৱাহাটী উভতি আহিছিলোঁ (MAHA rebel MLAs in Guwahati)।

সিন্দেয়ে ফাড়নাভিছৰ ফালে আঙুলিয়াই কয়, ‘‘তেওঁ কি কৰিব আৰু কেতিয়া কৰিব কোনেও নাজানে ।’’ উল্লেখ্য যে, মহাৰাষ্ট্ৰত এসপ্তাহতকৈও অধিক সময় ধৰি চলি থকা ৰাজনৈতিক অস্থিৰতাৰ অৱসান ঘটাই সিন্দেয়ে ৩০ জুনত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ।

লগতে পঢ়ক : 164 বিধায়কৰ সমৰ্থনেৰে আস্থা ভোটত জয়লাভ একনাথ সিন্দেৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.