নেশ্যনেল ডেস্ক, 23 নৱেম্বৰঃ মহাৰাষ্ট্ৰৰ আহমেদনগৰ জিলাত এগৰাকী মহিলাই ফোনযোগে তিনি তালাক দিয়াৰ বাবে 32 বৰ্ষীয় স্বামীৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ ৷ আৰক্ষীয়ে জনোৱা অনুসৰি 31 বৰ্ষীয় মহিলাগৰাকীয়ে চকৰিৰ উদ্দেশ্যে ডুবাইলৈ গৈছিল আৰু শেহতীয়াকৈ ডুবাইৰ পৰা আহমেদনগৰত উপস্থিত হয় ৷ আনহাতে, মুম্বাইত থকা তেখেতৰ স্বামীয়ে বিগত 20 নৱেম্বৰত মহিলাগৰাকীক ফোন কৰি তেখেতৰ সৈতে সম্পৰ্ক আগবঢ়াব নোৱৰে বুলি জনাই ফোনযোগে তালাক দিয়ে ৷
মহিলাগাৰকীৰ অভিযোগৰ ভিত্তিতেই Muslim Women (Protection of Rights on Marriage) Act, 2019 ৰ ভিত্তিত আহমেদনগৰৰ ভিনগাৰ কেম্প আৰক্ষীয়ে এটি গোচৰ ৰুজু কৰে ৷ দম্পত্তিহালৰ এটি 3 বছৰীয়া কন্যা শিশুও থকা বুলি জনায় আৰক্ষী বিষয়াই ৷
লগতে পঢ়ক-২৪ ঘণ্টাৰ ভিতৰত ঘূৰ্ণী বতাহ তামিলনাডু-পণ্ডিচেৰীৰ ফালে গতি কৰাৰ সম্ভাৱনা