গুৱাহাটী, ২৬ জুন : ক্ৰমাৎ জটিল হৈ পৰিছে গুৱাহাটীৰ হোটেল ৰেডিশ্বন ব্লুত চলি থকা মহাৰাষ্ট্ৰৰ হোটেল ৰাজনীতি (Hotel Radisson Blue now focus point of politics) । কেতিয়া অন্ত পৰিব এই কুটিল ৰাজনীতিৰ(Maharashtra Hotel Politics) । বানবিধ্বস্ত ৰাজ্যখনত লাখ লাখ লোকে জীৱন মৃত্যুৰে যুঁজ দি থকাৰ সময়তে এনেদৰে গুৱাহাটীত মহাৰাষ্ট্ৰৰ কুটিল ৰাজনীতি চলি থকাক লৈ সৰ্বত্রে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে(Epicenter of Maha political crisis) । গুৱাহাটীৰ পৰা নিয়ন্ত্ৰিত হৈ থকা মহাৰাষ্ট্ৰৰ বিসম্বাদী ৰাজনীতিৰ এতিয়ালৈকে কোনো সমাধান সূত্র ওলোৱা নাই ।
উল্লেখ্য যে, শিৱসেনাৰ বিসম্বাদী নেতা একনাথ সিন্দেৰ নেতৃত্বত মহানগৰীৰ হোটেল ৰেডিশ্বন ব্লুত বাহৰ পতা ৪৭ জন বিসম্বাদী বিধায়কৰ লগতে আন নেতাৰ বাবে ৭০ টা কোঠা প্ৰথমে এসপ্তাহৰ বাবে বুক কৰা হৈছিল যদিও আৰু ৩ দিন অতিৰিক্তভাৱে কোঠাসমূহ বুক কৰা হৈছে ।

বুধবাৰৰ পৰা ৰেডিশ্বনত বাহৰ পতা বিসম্বাদী বিধায়কসকলে গুৱাহাটীৰ পৰাই এখনৰ পাছত আনখনকৈ বৈঠক কৰি মহাৰাষ্ট্ৰৰ উদ্ধৱ ঠাকৰেৰ চৰকাৰ ভঙাৰ বাবে কূটকৌশল ৰচনা কৰি আহিছে । আজি ৫ দিন হ'ল যদিও এতিয়ালৈকে কোনো সমাধানসূত্র ওলোৱা নাই । এই প্ৰক্ৰিয়া দিঘলীয়া হোৱাৰ সম্ভাৱনা আছে । যাৰবাবে আৰু তিনিদিনৰ বাবে হোটেলৰ কোঠা বুকিং কৰা হৈছে ।
উল্লেখ্য যে, বিজেপিয়ে প্ৰথমে এই বিসম্বাদী বিধায়কসকলক লৈ তৎপৰ হৈ পৰিছিল যদিও মহাৰাষ্ট্ৰৰ শেহতীয়া উত্তেজনাময় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰত্যক্ষভাৱে কোনো যোগাযোগ ৰাখিবলৈ বিচৰা নাই । গুজৰাটী আৰু মাৰাঠীসকলৰ পূৰ্বৰ সংঘাতময় ঘটনা প্ৰবাহৰ প্ৰতি লক্ষ্য ৰাখি যিকোনো মুহূৰ্ততে যিকোনো পৰিস্থিতি উদ্ভৱ হ’ব পাৰে বুলি প্ৰধানমন্ত্ৰী মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ সচেতন হৈ আছে ।
ইফালে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলিকৈ এই বিসম্বাদী নেতাসকলক সাক্ষাৎ বা পৃষ্ঠপোষকতা কৰিবলৈও সংশয় কৰিছে । উল্লেখ্য যে, মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকলৰ বাবে আগতীয়াকৈ বুকিং কৰি থোৱা হৈছিল হোটেল ৰেডিশ্বন ব্লুৰ ৭০টা কোঠা । জানিব পৰা মতে, প্ৰথমতে তিনিদিনৰ বাবে বুক কৰা কোঠাসমূহ পৰৱৰ্তী সময়ত সাতদিনৰ বাবে বৃদ্ধি কৰা হয় ।

কিন্তু এতিয়া পুনৰ আৰু তিনি দিনলৈ বৃদ্ধি কৰা হৈছে। অৰ্থাৎ বিসম্বাদী বিধায়কসকলৰ বাবে দহ দিনৰ বাবে হোটেল ৰেডিছন ব্লুৰ কোঠাসমূহ বুকিং হৈ আছে । ইয়াৰ বাবদ হোটেল কৰ্তৃপক্ষক দিব লাগিব ৮০ লাখ টকা ।
আনহাতে, প্ৰতিদিনাই বিধায়কসকলৰ খোৱাৰ বাবদ ব্যয় হৈছে ৮ লাখকৈ টকা । অন্যান্য শিতানত আন ১০ লাখ টকা ব্যয়ৰ বাবে সাজু কৰি ৰখা হৈছে । সেই হিচাপত মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকলক হোটেল ৰেডিশ্বন ব্লুত ৰখাৰ বাবদেই ব্যয় হ'ব ডেৰকোটি টকাৰো অধিক । এই ব্যয় আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ।
ইফালে চুৰাটৰ পৰা গুৱাহাটীলৈ চাৰ্টাড প্লেনেৰে অনা হৈছিল বিসম্বাদী বিধায়কসকলক । যাৰ বাবদো বুজন পৰিমাণৰ ধন ব্যয় কৰা হৈছে। জানিব পৰা মতে ৰেডিচন ব্লুৰ ৭০ টা কোঠা মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকলৰ বাবে ৭ দিন পূৰ্বেই বুকিং কৰা হৈছিল । বিধায়কসকলক গুৱাহাটীলৈ অনাৰ ক্ষেত্ৰত হিমন্ত বিশ্ব নেতৃত্বাধীন বিজেপি চৰকাৰেই পৃষ্ঠপোষকতা কৰাৰ লগতে মেঘালয়ৰ মুখ্যমন্ত্ৰীয়েও কিছু দিশ পৰ্যবেক্ষণ কৰিছিল ।
গুৱাহাটীত চলি থকা মহাৰাষ্ট্ৰৰ এই কুটিল হোটেল ৰাজনীতি কিমান দিনলৈ চলিব সেয়া সময়েহে ক'ব যদিও ইয়াকলৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইফালে শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ পৰিস্থিতি উত্তপ্ত হৈ পৰাত গুৱাহাটীত বাহৰ পতা বিসম্বাদী বিধায়কসকলে উভতি যাবলৈ ভয় কৰিছে ।

বৰ্তমান পানী নসৰকা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত হোটেল ৰেডিশ্বন ব্লুত বিসম্বাদী বিধায়কসকলক ৰখা হৈছে । মহাৰাষ্ট্ৰৰ এই বিসম্বাদৰ ৰাজনীতি শেষ মুহূৰ্তত কোন ফালে গতি কৰে সেয়া এতিয়াও অনিশ্চিত হৈ আছে ।
লগতে পঢ়ক : Tripura by poll Update: তিনিটা সমষ্টিত বিজেপি দলৰ অগ্ৰগতি