ETV Bharat / bharat

মহাৰাষ্ট্ৰত নক্সাল বাহিনীৰ বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ

author img

By

Published : Dec 27, 2020, 8:34 AM IST

আৰক্ষী আৰু চি-৬০ কমাণ্ডৰ এক যুটীয়া অভিযানত মহাৰাষ্ট্ৰৰ গণ্ডিয়া জিলাৰ পৰা বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী জব্দ কৰা হয় ৷ নক্সাল বাহিনীয়ে এক গোপন স্থানত লুকুৱাই ৰখা অৱস্থাত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰীখিনি জব্দ কৰাৰ লগতে ইউএপিএ আৰু এক্সপ্ল'চিভ আইনৰ অধীনত গোচৰ ৰুজু কৰে আৰক্ষীয়ে ৷

Maha: Naxal hideout busted in Gondia, rods, detonators seized
মহাৰাষ্ট্ৰত নক্সাল বাহিনীৰ বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ

নেশ্যনেল ডেস্ক, 27 ডিচেম্বৰ : শনিবাৰে মহাৰাষ্ট্ৰৰ গণ্ডিয়া জিলাৰ চেলাকাচা অঞ্চলত আৰক্ষী আৰু চি-৬০ কমাণ্ডৰ এক যুটীয়া অভিযানত নক্সাল বাহিনীয়ে লুকুৱাই ৰখা বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী আৰু ইলেক্ট্ৰনিক ডিট'নেটৰ উদ্ধাৰ হয় ৷ নক্সাল বাহিনীৰ এক গোপন স্থানৰ পৰা বৃহৎ পৰিমাণৰ সামগ্ৰী খিনি জব্দ কৰে অভিযানকাৰী দলটোৱে ৷

এই অভিযানত 20 কিলোগ্ৰাম ওজনৰ এটা ষ্টীলৰ বাকচ, 150 ডাল ৰড আৰু 27 টা ইলেক্ট্ৰনিক ডিট'নেটৰ উদ্ধাৰ কৰা হৈছে বুলি গণ্ডিয়াৰ আৰক্ষী অধীক্ষক বিশ্ব পানচাৰে জনায় ৷ লগতে ইউএপিএ আৰু এক্সপ্ল'চিভ আইনৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে বুলিও সদৰী কৰে ।

লগতে পঢ়ক: বায়ুসেনা বিষয়াক আক্ৰমণ কৰা দুৰ্বৃত্তক কৰায়ত্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.