ETV Bharat / bharat

ডিঙিত গামোচা পিন্ধি ক’ভিডৰ পৰা সৰাৰ চেষ্টা পৰ্যটন মন্ত্ৰীৰ - মধ্য প্ৰদেশৰ পৰ্যটন আৰু সাংস্কৃতিক বিভাগৰ মন্ত্ৰী

ক'ভিডৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিবলৈ মাস্কৰ পৰিৱৰ্তে গামোচা ব্যৱহাৰ এগৰাকী মন্ত্ৰীৰ ৷ এই সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত ক'ভিডৰ আক্ৰমণৰ পৰা সাত সাৰিবলৈকে তেওঁ গামোচা ব্যৱহাৰ কৰে বুলি জানিবলৈ দিছে ৷ মন্ত্ৰীগৰাকীৰ সৈতে চেলফি উঠিবলৈ হ'লে ইচ্ছুকসকলে 100 টকা মাচুল পৰিশোধ কৰিব লাগিব ৷ এই ঘটনা মধ্যপ্ৰদেশৰ ৷

madhya pradesh minister uses gamucha instead of mask to escape covid
ক'ভিডৰ পৰা ৰক্ষা পাবলৈ মাস্কৰ পৰিৱৰ্তে গামোছা ব্যৱহাৰ মধ্যপ্ৰদেশৰ মন্ত্ৰীৰ
author img

By

Published : Jul 18, 2021, 10:41 PM IST

নেশ্যনেল ডেস্ক, 18 জুলাই : ক'ভিডৰ আক্ৰমণৰ পৰা হাত সাৰিবলৈ মুখত মাস্কৰ পৰিৱৰ্তে গামোচা ব্যৱহাৰ কৰে মধ্যপ্ৰদেশৰ এগৰাকী মন্ত্ৰীয়ে ৷ মধ্য প্ৰদেশৰ পৰ্যটন আৰু সাংস্কৃতিক বিভাগৰ মন্ত্ৰী উষা ঠাকুৰে ক'ভিডৰ পৰা ৰক্ষা পাবলৈ মাস্কৰ পৰিৱৰ্তে মুখত ডিঙিত এখন গামোচা লৈ ফুৰা পৰিলক্ষিত হৈছে ৷ খাণ্ডৱা জিলালৈ এক ভ্ৰমণত যোৱা অৱস্থাত মাস্কৰ পৰিৱৰ্তে মন্ত্ৰীগৰাকীক গামোচা ব্যৱহাৰ কৰা দেখা গৈছিল ৷

মাস্ক ব্যৱহাৰ নকৰা সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে, "মই সৰুৰে পৰা বৈদিক পদ্ধতি অনুসৰি মোৰ জীৱন-যাপন কৰি আহিছো ৷ মোৰ ঘৰত দিনে দুবাৰকৈ অগ্নিহোত্ৰ যজ্ঞ কৰা হয় ৷ প্ৰতিদিনেই মই শংখ বজাও" ৷ ক'ভিডৰ পৰা ৰক্ষা পাবলৈ অন্য লোকসকলক মুখত মাস্ক পৰিধান কৰিবলৈ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে কয় যে, ক'ভিড-19 ভাইৰাছৰ পৰা নিজকে ৰক্ষা কৰিবলৈ তেওঁ গামোচা ব্যৱহাৰ কৰে ৷

madhya pradesh minister uses gamucha instead of mask to escape covid
মধ্য প্ৰদেশৰ পৰ্যটন আৰু সাংস্কৃতিক বিভাগৰ মন্ত্ৰী উষা ঠাকুৰ

খাণ্ডৱা জিলা ভ্ৰমণৰ সময়তে অন্য এক মন্তব্য কৰি মন্ত্ৰীগৰাকী এতিয়া চৰ্চিত হৈ পৰিছে ৷ শেহতীয়াকৈ মন্ত্ৰীগৰাকীয়ে তেওঁৰ সৈতে কোনোৱে চেলফি উঠিলে 100 টকা মাচুল দিব লাগিব বুলি কৰা মন্তব্যৰ পাচতে সৰ্বত্ৰে চৰ্চিত হৈছে ৷ অৱশ্যে এই মন্তব্যৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে জনাইছে যে, চেলফি লোৱাৰ সময়ত সময়ৰ যথেষ্ট অপচয় হয় ৷

সেয়ে এতিয়াৰ পৰা প্ৰতিখন চেলফিৰ বাবদ 100 টকাকৈ মাচুল লোৱা হ'ব ৷ এই ধন দলৰ পুঁজিলৈ যাব ৷ লগতে দলৰ সাংগঠনিক তথা উন্নয়নমূলক কামৰ বাবে ব্যৱহাৰ হ'ব ৷

লগতে পঢ়ক: নিগনিয়ে কুটিলে অস্ত্ৰোপচাৰৰ বাবে সঞ্চয় কৰা ২ লাখ টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.