নেশ্যনেল ডেস্ক, ৩১ মাৰ্চ: ক'ভিড-১৯ৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰৰ পৰা যাত্ৰীবাহী বাছ অহাৰ ক্ষেত্ৰত জাৰি কৰা নিষেধাজ্ঞাৰ সময়সীমা বৃদ্ধি কৰিলে মধ্য প্ৰদেশ চৰকাৰে । অহা ১৫ এপ্ৰিললৈকে মধ্য প্ৰদেশ-মহাৰাষ্ট্ৰৰ মাজত যাত্ৰীবাহী বাছ সেৱা স্থগিত কৰা হৈছে । পূৰ্বে ৩১ মাৰ্চলৈকে বাছ সেৱা স্থগিত কৰাৰ নিৰ্দেশনা জাৰি কৰা হৈছিল । মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে কেবিনেটৰ বৈঠকৰ পিছত জিলা উপায়ুক্তৰ সৈতে মহামাৰী সন্দৰ্ভত এক পৰ্যালোচনামূলক বৈঠকত মিলিত হয় ।
এই বৈঠকত অংশ লোৱা বিষয়াসকলে কয় যে, জিলাখনত ৰোগীক ৪-৬ হাজাৰ বিচনা যোগান ধৰিব পৰা যাব । মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে, ভূপালত মাস্ক পৰিধান নকৰা আৰু সামাজিক দূৰত্ব মানি নচলা লোকে ১০ হাজাৰ টকা জৰিমনা ভৰিব লাগিব । মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিব লাগে আৰু তেওঁলোকক মাস্ক ব্যৱহাৰ কৰিবলৈ আহ্বান জনাব লাগে । হামিদিয়াসহ সকলো কেন্দ্ৰতে টীকাকৰণ প্ৰক্ৰিয়া দ্ৰুত কৰিব লাগে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ।
![অহা ১৫ এপ্ৰিললৈকে মধ্যপ্ৰদেশ-মহাৰাষ্ট্ৰৰ মাজত যাত্ৰীবাহী বাছ সেৱা স্থগিত](https://etvbharatimages.akamaized.net/etvbharat/prod-images/mp-bpl-03-busprtibandh-av-7204816_31032021170754_3103f_1617190674_1017.jpg)
ইন্দোৰ, ভূপাল, জবলপুৰ, খাৰগোনৰ পৰিস্থিতিৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰি তেওঁ কয় যে, এই ঠাইবোৰত কিছুমান মাইক্ৰ' কণ্টেইমেণ্ট জ'ন স্থাপন কৰি মহামাৰীৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰিব লাগে । যিকোনো উপায়েৰে সংক্ৰমণ প্ৰতিহত কৰিবলৈ, সংকট ব্যৱস্থাপনা গোটৰ সদস্যসকলৰ সৈতে আলোচনা কৰিবলৈ আৰু সিদ্ধান্ত গ্ৰহণ কৰিবলৈও পৰামৰ্শ দিয়ে ।
ব্যৱসায়িক কেন্দ্ৰস্থল হোৱা বাবে ইন্দোৰলৈ মহাৰাষ্ট্ৰ আৰু ৰাজ্যৰ সীমান্তৱৰ্তী জিলা বুৰহানপুৰ, বৰৱানী, খাৰগোন, খাণ্ডৱাকে ধৰি কেইবাটাও স্থানৰ পৰা প্ৰতিদিনে বহু বাহন আৰু মানুহৰ আগমণ হয় । সেয়েহে, সংশ্লিষ্ট জিলাবোৰৰ পৰা মধ্য প্ৰদেশলৈ চলাচল সীমিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে । জলসম্পদ মন্ত্ৰী তুলসী চিলাৱতে কয় যে, ইন্দোৰ আৰু আন জিলাবোৰ মাজত ব্যৱসায়িক কাৰ্যকলাপ চলি থকাৰ বাবে সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি হৈছে ।
সেয়েহে, আজি পুনৰ মহাৰাষ্ট্ৰৰ সৈতে সংলগ্ন সীমান্তৰ জিলাবোৰৰ পৰা বাছ চলাচল নিয়ন্ত্ৰণ কৰিবলৈ নতুন নিৰ্দেশনা জাৰি কৰা হয় । মুখ্যমন্ত্ৰী শিৱৰাজ সিঙে বুধবাৰে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে প্ৰতিখন জিলাৰ কৰ'ণা পৰিস্থিতিৰ পৰ্যালোচনা কৰে । টীকাকৰণ অভিযান দ্ৰুত গতিত সম্প্ৰসাৰিত কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে । ইন্দোৰত প্ৰায় ৫০হাজাৰ প্ৰতিষেধক প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ।
বৰ্তমান ৰাজ্যখনৰ ক'ভিড চিকিৎসালয়সমূহত ৩৫০৬ জন ৰোগী আৰু মুঠ ৫৫৪৭ খন বিচনা আছে । বাকী ২১৯১ খন বিচনা এতিয়াও খালী হৈ আছে । আগন্তুক ১০ দিনৰ ভিতৰত কৰ'ণাৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে চেষ্টা কৰি আছে । এই ক্ষেত্ৰত, ৰাজ্যৰ সকলো জিলাৰ উপায়ুক্তসকলক কঠোৰ নিৰ্দেশনা দিয়া হৈছে ।