ETV Bharat / bharat

CM Shivraj Singh: তেলেংগানা চৰকাৰক ‘দুৰ্নীতিৰ চৰকাৰ’ আখ্যা মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ

author img

By

Published : Aug 15, 2023, 9:27 PM IST

সমাগত মধ্য প্ৰদেশৰ বিধানসভা নিৰ্বাচন ৷ মধ্য প্ৰদেশৰ নিৰ্বাচনত তেলেংগানাৰ মুখ্যমন্ত্ৰী KCR নেতৃত্বাধীন BRS দলে প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা আছে ৷ এই চৰ্চাৰ মাজতে কে চন্দ্ৰশেখৰ ৰাওক তীব্ৰ সমালোচনা মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ ৷

CM Shivraj Singh
CM Shivraj Singh

নেশ্যনেল ডেস্ক, 15 আগষ্ট: কে চন্দ্ৰশেখৰ ৰাওৰ নেতৃত্বাধীন তেলেংগানা চৰকাৰক তীব্ৰ আক্ৰমণ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ ৷ তেলেংগানা চৰকাৰক ‘দুৰ্নীতিৰ চৰকাৰ’ আখ্যা মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীৰ ৷ কে চন্দ্ৰশেখৰ ৰাওৱে তেলেংগানাত দুৰ্নীতিৰ সংস্কৃতি গঢ়ি তোলাৰ অভিযোগ শিৱৰাজ সিং চৌহানৰ ৷

নিজৰ বাসভৱনত সাংবাদিকসকলক সম্বোধন কৰি চৌহানে কয় যে তেলেংগানা চৰকাৰে মধ্য প্ৰদেশৰ ওপৰত মন্তব্য দিয়াৰ পূৰ্বে নিজৰ দুৰ্নীতিৰ সমস্যা সমাধান কৰাৰ ওপৰত গুৰুত্ব দিব লাগে বুলি মন্তব্য কৰে ৷

শিৱৰাজ চৌহানে বিশেষভাৱে তেলেংগানাৰ ভাৰত ৰাষ্ট্ৰ সমিতি (BRS) নেতৃত্বাধীন চৰকাৰে ব্যাপক দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন কৰে ৷ জানিব পৰামতে মধ্য প্ৰদেশৰ কিছু দলে কেচিআৰৰ নেতৃত্বৰ বিআৰএছৰ সৈতে মিত্ৰতা কৰাৰ কথা বিবেচনা কৰিছে ৷ 2023 চনৰ নৱেম্বৰৰ পূৰ্বে মধ্য প্ৰদেশত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ পূৰ্বে এই মিত্ৰতা হোৱাৰ সম্ভৱনা আছে ৷ এনে সময়তে কেচিআৰ চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছে শিৱৰাজ সিং চৌহানে ৷

চৌহানে মধ্য প্ৰদেশত BRS দলে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনাক আদৰণি জনাই, কেচিআৰৰ দলটোক দুৰ্নীতি মুক্ত হ’বলৈ পৰামৰ্শ দিয়ে । তেওঁ তেলেংগানাৰ মুখ্যমন্ত্ৰীক সমালোচনা কৰি তেওঁক দুৰ্নীতিত পোত খাই থকা আৰু তেলেংগানাক দুৰ্নীতিৰ ৰাজ্যত পৰিণত কৰাৰ অভিযোগ উত্থাপন কৰে ৷

সংবাদমেলত তেলেংগানা চৰকাৰক সমালোচনা কৰি নিজৰ ৰাজ্যত হোৱা উন্নয়নমূলক কাম-কাজৰ খতিয়ান দাঙি ধৰে শিৱৰাজ সিং চৌহানে ৷ ৰাজ্যখনৰ মহিলাসকলৰ বাবে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰে শিৱৰাজ সিং চৌহানে ৷ মহিলাসকলক মাহিলী প্ৰদান কৰা বিত্তীয় সাহায্য ভৱিষ্যতে 3 হাজাৰ টকালৈ বৃদ্ধি কৰাৰ কথাও তেওঁ ঘোষণা কৰে ৷

লগতে পঢ়ক: Cong-AAP meeting: দিল্লীৰ আসন ভাগ-বতৰাক লৈ বুধবাৰে ৰাহুল-কেজৰিৱালৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.