ETV Bharat / bharat

Ganga aarti: বাৰাণসীত সলনি কৰা হৈছে গংগা আৰতিৰ স্থান

author img

By

Published : Jul 27, 2023, 10:50 AM IST

বাৰাণসীত গংগাৰ জলস্তৰ বৃদ্ধি পাইছে । যাৰ বাবে প্ৰসিদ্ধ গংগা আৰতিৰ স্থান সলনি হৈছে । ভক্তৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি গংগা আৰতি গংগা সেৱা নিধিৰ কাৰ্যালয়ৰ চাদত আয়োজন কৰা হৈছে ।

Ganga Water level increased
বাৰাণসীত সলনি কৰা হৈছে গংগা আৰতিৰ স্থান
বাৰাণসীত সলনি কৰা হৈছে গংগা আৰতিৰ স্থান

নেশ্যনেল ডেস্ক,২৭ জুলাই : পাহাৰীয়া অঞ্চলবোৰত এতিয়া ধাৰাসাৰ বৰষুণ হোৱা দেখা গৈছে । যাৰ প্ৰভাৱ প্ৰত্যক্ষভাৱে সমতলত পৰিছে । পূব উত্তৰ প্ৰদেশত এতিয়ালৈকে বেছি বৰষুণ হোৱা নাই আৰু প্ৰচণ্ড গৰমৰ ফলত স্বাভাৱিক জীৱন ব্যাহত হৈছে । কিন্তু, পাহাৰীয়া অঞ্চলত হৈ থকা বৰষুণৰ প্ৰভাৱ নিশ্চিতভাৱে ইয়াৰ নদীবোৰত দেখা গৈছে ।

যমুনাই বিধ্বংসী ৰূপ ধাৰণ কৰাৰ সময়তে গংগাৰ জলস্তৰো এতিয়া দ্ৰুতগতিত বৃদ্ধি পাইছে । বাৰাণসীত গংগাৰ জলস্তৰ ৬৫.৩০ মিটাৰ পাইছে । যাৰ ফলত গংগা ঘাট সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰিছে । গংগাৰ জলস্তৰ বৃদ্ধি হোৱাৰ বাবে গংগা ঘাটৰ পৰিৱৰ্তে চাদৰ ওপৰত দৈনিক আৰতিৰ ব্যৱস্থা কৰা হৈছে ।

জলস্তৰ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি বাৰাণসীৰ দশাশ্বমেধ ঘাটত গংগা সেৱা নিধিয়ে পৰিৱেশন কৰা প্ৰসিদ্ধ মা গংগা আৰতি ঘাটৰ পৰিৱৰ্তে গংগা সেৱা নিধি কাৰ্যালয়ৰ চাদত আয়োজন কৰা হৈছে । উল্লেখ্য যে, যোৱা কেইদিনমান ধৰি গংগাৰ জলস্তৰ বৃদ্ধি হোৱাৰ বাবে মা গংগাৰ আৰতিৰ স্থান ৫ বাৰকৈ সলনি কৰা হৈছে ।

গংগা সেৱা নিধিৰ সভাপতি সুশান্ত মিশ্ৰই কোৱা মতে যিহেতু পবিত্ৰ শাওণৰ মাহ চলি আছে, সেয়ে ভক্তৰ সংখ্যা বৃদ্ধি পাইছে । কিন্তু গংগাৰ বৰ্ধিত জলস্তৰে সেৱা নিধিক সমস্যাত পেলাইছে । যাৰ বাবে ভক্তৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্যালয়ৰ চাদৰ ওপৰত গংগা আৰতিৰ আয়োজন কৰা হৈছে । সভাপতিগৰাকীয়ে লগতে কয় যে, প্ৰতিবছৰেই এই ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হয় ।

গংগাৰ জলস্তৰ বৃদ্ধিৰ লগে লগে ঘাটৰ চিৰিবোৰ পানীত ডুব যায় আৰু গংগাৰ পানী আৰতি স্থানত প্ৰৱেশ কৰে । বুধবাৰেও আৰতি চাদৰ ওপৰতে সম্পন্ন কৰা হৈছিল । যেতিয়ালৈকে জলস্তৰ বৃদ্ধি হৈ থাকিব তেতিয়ালৈ আৰতি চাদৰ ওপৰতে কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে ।

অৱশ্যে, বুধবাৰৰ সন্ধিয়াৰ পৰা গংগাৰ জলস্তৰ বৃদ্ধি হোৱা বন্ধ হৈছে আৰু ই কিছু হ্ৰাস হ'বলৈ আৰম্ভ কৰিছে । কেন্দ্ৰীয় জল আয়োগে কোৱা মতে বাৰাণসীত গংগাৰ জলস্তৰ ইতিমধ্যে হ্ৰাস হ'বলৈ আৰম্ভ কৰিছে । কিন্তু ধাৰাসাৰ বৰষুণৰ বাবে জলস্তৰ পুনৰ বৃদ্ধিৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক :PM Modi: মোৰ তৃতীয় কাৰ্যকালত ভাৰত বিশ্বৰ ভিতৰত তৃতীয় বৃহৎ অৰ্থনীতি হ’ব; প্ৰধানমন্ত্ৰীৰ গেৰাণ্টি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.