ETV Bharat / bharat

Chandrayaan 3 : চন্দ্ৰ অভিযানৰ সফল আৰম্ভণি, সঠিক কক্ষপথত চন্দ্ৰযান

ইছৰোৱে শুকুৰবাৰে ২.৩৫ বজাৰ লগে লগে সফলতাৰে চন্দ্ৰযান-৩ উৎক্ষেপণ কৰিবলৈ সক্ষম হয় । চন্দ্ৰ অভিমুখে ৰাওনা ভাৰতৰ বহু প্ৰত্যাশিত চন্দ্ৰযান-৩ । সফলতাৰে যানখনৰ পৰা ৰকেট পৃথক কৰা হয় ।

Chandrayaan 3
চন্দ্ৰ অভিযানৰ সফল আৰম্ভণি
author img

By

Published : Jul 14, 2023, 4:03 PM IST

নেশ্যনেল ডেস্ক,১৪ জুলাই : দীৰ্ঘদিনীয়া প্ৰত্যাশাৰ অন্তত মহাকাশলৈ উৰা মাৰিলে ভাৰতৰ চন্দ্ৰযান-৩ । ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই শুকুৰবাৰে হেভিলিফ্ট এলভিএম৩-এম৪ ৰকেটৰ সহায়ত তৃতীয় চন্দ্ৰ অভিযানৰ চন্দ্ৰযান-৩ সফলতাৰে উৎক্ষেপণ কৰে । ২৫.৩০ ঘণ্টাৰ কাউন্টডাউনৰ অন্তত, অতি গধুৰ আৰু বৃহৎ যাক ফেট বয় বুলিও জনা যায়, এলভিএম৩-এম৪ ৰকেটে দ্বিতীয় উৎক্ষেপণ পেডৰ পৰা আবেলি ২.৩৫ বজাত এক পূৰ্বনিৰ্ধাৰিত সময়ত সফলতাৰে চন্দ্ৰযানক লৈ মহাকাশলৈ উৰা মাৰে । এই ঐতিহাসিক উৎক্ষেপণ চাবলৈ একত্ৰিত হোৱা হাজাৰ হাজাৰ দৰ্শকে এই মুহূৰ্তত আনন্দত মতলীয়া হৈ পৰা দেখা গৈছিল । ৰকেটটো মহাকাশলৈ উৰা মৰাৰ লগে লগে দৰ্শকে হাত চাপৰি দিয়াৰ লগতে চিঞৰি উঠিছিল ।

ইছৰোৰ বিষয়াসকলে পূৰ্বে কোৱাৰ দৰে লিফ্ট-অফৰ প্ৰায় ১৬ মিনিটৰ পাছত, প্ৰপালচন মডিউলটো ৰকেটৰ পৰা পৃথক কৰা হৈছিল । পৃথিৱীৰ পৰা ৩৬,৫০০ কিলোমিটাৰ দূৰত্বত চন্দ্ৰকক্ষপথৰ ফালে আগবাঢ়ি যোৱাৰ সমান্তৰালকৈ উপবৃত্তাকাৰ চক্ৰত ই প্ৰায় ৫-৬ বাৰ পৃথিৱীক প্ৰদক্ষিণ কৰিব ।

লেণ্ডাৰৰ সৈতে প্ৰপালচন মডিউলটো গতি লাভ কৰাৰ পাছত চন্দ্ৰপৃষ্ঠৰ পৰা ১০০ কিলোমিটাৰ ওপৰলৈ নোযোৱালৈকে চন্দ্ৰৰ কক্ষপথত উপনীত হোৱাৰ দিশত এমাহৰো অধিক দীঘলীয়া যাত্ৰা কৰিব । ইছৰোৰ বিজ্ঞানীসকলে কোৱা মতে আকাংক্ষিত উচ্চতাত উপনীত হোৱাৰ পাছত, লেণ্ডাৰ মডিউলটোৱে চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত ছফ্ট অৱতৰণৰ বাবে প্ৰস্তুতি চলাব আৰু এই প্ৰক্ৰিয়া ২৩ বা ২৪ আগষ্টত হ'ব বুলি আশা কৰা হৈছে ।

ইফালে চন্দ্ৰযান-৩ অভিযানৰ জৰিয়তে বিজ্ঞানীসকলে চন্দ্ৰপৃষ্ঠত ছফ্ট লেণ্ডিঙৰ লক্ষ্য আগত ৰাখিছে । অৱশ্যে ই এক প্ৰত্যাহ্বানমূলক কাৰিকৰী দিশ । আগষ্টৰ শেষৰ ফালে চন্দ্ৰযান-৩য়ে লেণ্ডিং কৰিব বুলি পৰিকল্পনা কৰা হৈছে । আনহাতে সফল অভিযানে আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন আৰু পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ পাছত বিৰল কৃতিত্ব অৰ্জন কৰা ভাৰতক চতুৰ্থখন দেশ হিচাপে পৰিগণিত কৰিব । চন্দ্ৰযান-২ য়ে ২০১৯ চনত চন্দ্ৰপৃষ্ঠত ছফ্ট লেণ্ডিং কৰাত বিফল হৈছিল । যাৰ বাবে বিজ্ঞানীসকল হতাশ হৈ পৰিছিল । যাৰ বাবে অধিক সতৰ্কতা আৰু প্ৰতিশ্ৰুতিৰে বিজ্ঞানীসকলে এই চন্দ্ৰযান-৩ক সাজু কৰি তুলিছিল ।

লগতে পঢ়ক :ISRO Chandrayaan 3 : আজি ভাৰতৰ অভিলাষী চন্দ্ৰাভিযান; চন্দ্ৰযান-৩ৰ ১০ বিশেষ বৈশিষ্ট্য়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.