নেশ্যনেল ডেস্ক, ২৮ ডিচেম্বৰ: যোৱা ২৩ ডিচেম্বৰত পঞ্জাৱৰ লুধিয়ানা আদালতৰ বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড জচবিন্দৰ সিং মুলতানী জাৰ্মানীত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে(Jaswinder Singh Multani arrested in Germany) । জচবিন্দৰ সিং মুলতানী নিষিদ্ধ ঘোষিত 'Sikh for justice' সংগঠনৰ সক্ৰিয় সদস্য । লুধিয়ানা আদালতৰ বিস্ফোৰণৰ মূল অভিযুক্ত হিচাপে আৰক্ষীয়ে সন্দেহ কৰিছে মুলতানীক । এই বিস্ফোৰণত এজন লোক নিহত হোৱাৰ বিপৰীতে ৬ জন লোক আহত হৈছিল(Ludhiana Court Blasts) ।
বাৰ্লিনত থকা সন্ত্ৰাসবাদ বিৰোধী সংস্থাসমূহৰ সৈতে ভাৰতে বিস্ফোৰণৰ ঘটনাৰ প্ৰমাণ শ্বেয়াৰ কৰাৰ পিছত মুলতানীক গ্ৰেপ্তাৰ কৰা হয় । তদন্তকাৰী বিষয়াই এই বিস্ফোৰণৰে দুজন লোক জড়িত থকাৰ সন্দেহ কৰিছিল আৰু দুয়োজন একেটা সন্ত্ৰাসবাদী সংগঠনৰে । প্ৰাপ্ত তথ্য অনুসৰি, চোৰাংচোৱা সংস্থাবোৰে সন্দেহযুক্ত লোক দুজন জাৰ্মানী অথবা পাকিস্তানত থকা সন্দেহ কৰিছিল আৰু সেই অনুসৰি অভিযানৰ পৰিকল্পনা কৰা হৈছিল । ভাৰতৰ আৰক্ষীৰ সহযোগিতাত জাৰ্মান আৰক্ষীয়ে সোমবাৰে আৰফুৰ্ট চহৰৰ পৰা মুলতানীক গ্ৰেপ্তাৰ কৰে ।
-
A prominent member of Sikhs for Justice (SFJ) Jaswinder Singh Multani, who is allegedly linked to the Ludhiana District Court Complex blast case, was held in Germany on December 27.
— ANI (@ANI) December 28, 2021 " class="align-text-top noRightClick twitterSection" data="
">A prominent member of Sikhs for Justice (SFJ) Jaswinder Singh Multani, who is allegedly linked to the Ludhiana District Court Complex blast case, was held in Germany on December 27.
— ANI (@ANI) December 28, 2021A prominent member of Sikhs for Justice (SFJ) Jaswinder Singh Multani, who is allegedly linked to the Ludhiana District Court Complex blast case, was held in Germany on December 27.
— ANI (@ANI) December 28, 2021
চোৰাংচোৱা সংস্থাই ইতিমধ্যে অভিযুক্তজনৰ বিষয়ে সতৰ্ক কৰি দিছিল । নিষিদ্ধ ঘোষিত 'Sikh for justice' সংগঠনৰ সক্ৰিয় সদস্য জচবিন্দৰ সিং মুলতানী জাৰ্মানীত বাস কৰা গুৰপতৱন্ত সিং পান্নুৰ ঘনিষ্ঠ বুলি জানিব পৰা গৈছে ।
ইয়াৰ উপৰিও, বৰ্তমান পাকিস্তানত থকা বব্বৰ খালচাৰ সন্ত্ৰাসবাদী হৰবিন্দৰ সিং সান্ধুলৈও সন্দেহৰ আঙুলি উঠিছিল । কৃষক আন্দোলনৰ সময়ত অশান্ত পৰিৱেশ সৃষ্টি কৰিবলৈ কৃষক নেতা বলবীৰ সিং ৰাজেৱালক হত্যা কৰাৰ পৰিকল্পনা কৰাৰ সময়ত মুলতানীৰ ওপৰত আৰক্ষীৰ সন্দেহ উপজিছিল । কিয়নো, এই কাণ্ডৰে জড়িত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু লোকজনে প্ৰকাশ কৰিছিল যে, এজন কৃষক নেতাক লক্ষ্য কৰি ল'বলৈ ছচিয়েল মিডিয়াযোগে তেওঁক জচবিন্দৰ সিং মুলতানী নামৰ জাৰ্মানীস্থিত খালিস্তান পন্থী নেতাই নিৰ্দেশ দিছিল । আৰক্ষী বিষয়াই জনোৱা মতে, মুলতানীয়ে সন্ত্ৰাসবাদৰে জড়িত কাৰ্যকলাপৰ বাবে সমৰ্থন আগবঢ়াবলৈ পাকিস্তান-ভিত্তিক খালিস্তান পন্থী গোটসমূহৰ সৈতে সমন্বয় স্থাপন কৰিছিল ।
মুলতানীৰ গ্ৰেপ্তাৰৰ পিছত পোহৰলৈ আহিছে যে, মুলতানীয়েও ভৱিষ্যতে দিল্লী আৰু মুম্বাইত একেধৰণৰ সন্ত্ৰাসবাদী আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল । সোধা-পোছা কৰাৰ বাবে ভাৰতীয় আৰক্ষী বিষয়াৰ এটা দল শীঘ্ৰে জাৰ্মানীত উপস্থিত হ'ব । উল্লেখ্য যে, যোৱা ২৩ ডিচেম্বৰত পঞ্জাৱৰ লুধিয়ানা জিলা আদালত চৌহদত বোমা বিস্ফোৰণ সংঘটিত হৈছিল । এই ঘটনাৰ পিছতে, পঞ্জাৱ চৰকাৰে ৰাজ্যখনত সতৰ্কতা জাৰি কৰিছিল ।
লগতে পঢ়ক:NEET PG Exam : দিল্লীত চিকিৎসা সেৱা বৰ্জনৰ হুংকাৰ চিকিৎসকৰ