নিউজ ডেস্ক, 28 জুলাই : বৰ্তমান ভাৰত আৰু পাকিস্তানত মাত্ৰ দুজন ব্যক্তিৰ সৰ্বাধিক চৰ্চা হৈছে, সেয়া হ’ল সীমা গোলাম হাইদৰ আৰু অঞ্জু ৷ সীমা গোলাম হাইদৰ পাকিস্তানৰ পৰা ভাৰতলৈ আহিছিল প্ৰেমিক শচীনক লগ কৰিবলৈ, আনহাতে জয়পুৰৰ অঞ্জুৱে নিজৰ প্ৰেমিক নছৰুল্লাক লগ কৰিবলৈ পালেগৈ পাকিস্তানৰ খাইবাৰ পখতুনখোৱা ৷
লক্ষ্ণৌতো এনে বহু যুৱতীৰ কাহিনী পোহৰলৈ আহিছে; যাৰ কাহিনী সীমা আৰু অঞ্জুৰ দৰেই ৷ তাৰ ভিতৰত এনে এগৰাকী যুৱতী আছে, যিয়ে অঞ্জুৰ দৰে পাকিস্তানৰ এজন যুৱকক বিয়া কৰাই তাতেই নাগৰিকত্ব লৈছিল, কিন্তু পাকিস্তানত তেওঁৰ ওপৰত হোৱা অত্যাচাৰৰ বাবে পুনৰ লক্ষ্ণৌলৈ ঘূৰি আহিছিল আৰু তাৰ পিছত জেললৈ যাবলগীয়া হৈছিল যুৱতীগৰাকী ৷ এই কাহিনী লক্ষ্ণৌৰ হাছমত আৰাৰ ৷
সাদাতগঞ্জ থানাত পঞ্জীয়ন হোৱা এফ আই আৰত অঞ্জু আৰু সীমাৰ দৰে যুৱতীৰ কাহিনী লিখা হৈছে, যি বৰ্তমান পোহৰলৈ আহিছে ৷ এফ আই আৰ দাখিল কৰা উপ-পৰিদৰ্শক ছাজিদ বেইগে কয় যে, ৰায় বৰেলীৰ হাছমত আৰায়ে ১৯৮০ চনত পাকিস্তানৰ শ্বাহনাজীৰ আলমৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল আৰু তাৰ পিচত তেওঁ পাকিস্তানত থাকিবলৈ লৈছিল ৷ হাছমত আৰাই পাকিস্তানৰ নাগৰিকত্ব লৈছিল, অৰ্থাৎ তেওঁ সম্পূৰ্ণ পাকিস্তানী নাগৰিক হৈ পৰিছিল ৷ ইয়াৰ মাজতে হাছমত আৰাই দুগৰাকী কন্যা আৰু দুজন পুত্ৰ সন্তান জন্ম দিয়ে ৷
উপ-পৰিদৰ্শক ছাজিদ বেইগে কয় যে, ১৯৮৭ চনত লক্ষ্ণৌৰ পৰা পাকিস্তানলৈ যোৱা হাছমত আৰাৰ পাকিস্তানী স্বামী শ্বাহনাজীৰ আলমে তেওঁক অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিছিল, যাৰ বাবে তেওঁ ভিছা লাভ কৰি চাৰিটা সন্তানৰ সৈতে ভাৰতলৈ উভতি আহিছিল ৷ হাছমতৰ ভিছা ১৯৯৮ চনৰ ১১ নৱেম্বৰলৈকেহে বৈধ আছিল ৷ ইয়াৰ মাজতে হাছমতে দ্বিতীয়বাৰৰ বাবে লক্ষ্ণৌত বিবাহপাশত আৱদ্ধ হৈছিল ।
হাছমত আৰাৰ ভিছাৰ ম্যাদ উকলি গৈছিল আৰু তেতিয়াও তেওঁ আছিল পাকিস্তানী নাগৰিক ৷ হাছমত আৰায়ে ২৪ বছৰ ভিছা অবিহনে লক্ষ্ণৌত থকাৰ কথা আৰক্ষীক অৱগত কৰে এল আই ইউয়ে ৷ ২০২২ চনৰ ২৮ অক্টোবৰত ৰাজধানীৰ লাকাদমণ্ডি অঞ্চলৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল হাছমত আৰাক । পৰৱৰ্তী সময়ত আৰক্ষীয়ে হাছমত আৰু তেওঁৰ চাৰিটা সন্তানৰ বিৰুদ্ধে বিদেশী বিষয়ক অধিনিয়ম, ১৯৪৬ৰ ১৩ আৰু ১৪ ধাৰাত গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰে ।