নিউজ ডেস্ক, ১৩ ফেব্ৰুৱাৰী : ২০০৯ চনৰ মে' মাহত শ্ৰীলংকাৰ গৃহযুদ্ধত মৃত ঘোষণা কৰা এলটিটিই নেতা ভি প্ৰভাকৰণ (LTTE supremo Velupillai Prabhakaran) সন্দৰ্ভত তেওঁৰ কট্টৰ সমৰ্থক আৰু তামিল নেচনেলিষ্ট পাৰ্টীৰ প্ৰতিষ্ঠাপক পাজা নেদুমাৰানে চাঞ্চল্যকৰ দাবী কৰিছে । "তামিল জাতীয়তাবাদৰ নেতা প্ৰভাকৰণ জীয়াই আছে (LTTE Supremo Prabhakaran Alive) । তেওঁৰ পৰিয়ালৰ সৈতে যোগাযোগ ৰক্ষা কৰি আৰু তেওঁলোকৰ অনুমতিত মই এইটো প্ৰকাশ কৰিছোঁ ।" নেদুমাৰনে কয় (Tamil Nationalist Party founder Pazha Nedumaran) ।
এই ঘোষণাই প্ৰভাকৰণক লৈ অব্যাহত থকা বিভ্ৰান্তি দূৰ কৰিব আৰু তেওঁৰ বিৰুদ্ধে চলাই থকা ভুৱা অপপ্ৰচাৰৰো সমাপ্তি ঘটাব বুলি ভবা হৈছে । অৱশ্যে তেওঁ প্ৰভাকৰণৰ বৰ্তমান অৱস্থান সম্পৰ্কে প্ৰকাশ নকৰোঁ বুলি থাঞ্জাভুৰত সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে (Liberation Tigers of Tamil Eelam, LTTE) । উল্লেখ্য যে, তামিলনাডুৰ প্ৰভাকৰণৰ বিশ্বস্ত নেতা হিচাপে বিবেচিত নেদুমাৰণে একাধিকবাৰ ভান্নী জংঘলত গেৰিলা নেতাজনক লগ কৰিছিল (guerilla leader Prabhakaran) ।
দীৰ্ঘদিন ধৰি লক্ষণীয়ভাৱে নীৰৱতা অৱলম্ন কৰি থকাৰ পিচত অশীতিপৰ ব্যক্তিজনে বৰ্তমান প্ৰভাকৰণৰ ভূতক পুনৰুজ্জীৱিত কৰিছে । ৰাজপাক্ষেক শাসন ক্ষমতাৰ পৰা ওফৰাই পেলোৱা শ্ৰীলংকাৰ গণ বিদ্ৰোহে প্ৰভাকৰণৰ বাবে মুকলিলৈ ওলাই অহাৰ বাবে এক অনুকূল পৰিৱেশৰ সৃষ্টি কৰিছে বুলি চৰ্চা চলিছে । তেনে পৰিপ্ৰেক্ষিতত প্ৰভাকৰণে তামিল ইলম আৰু তামিলসকলৰ মুক্তিৰ বাবে তেওঁৰ পৰিকল্পনা ঘোষণা কৰিব আৰু সমগ্ৰ বিশ্বই তেওঁৰ সৈতে থিয় দিব বুলিও তেওঁ লগতে কয় ।
এই উপলক্ষে প্ৰকাশিত এক বিবৃতিত তামিলপন্থী নেতাগৰাকীয়ে কয়, "এলটিটিই শক্তিশালী স্থিতিত থকালৈকে, ভাৰত-বিৰোধী শক্তিয়ে দ্বীপৰাষ্ট্ৰখনত ভৰিৰ আঙুলি এটাও পেলাব পৰা নাছিল । প্ৰভাকৰণে ভাৰতৰ বিপক্ষে কোনো বিদ্বেষপূৰ্ণ কামৰ অনুমতি নিদিয়াৰ সংকল্পতো দৃঢ় আছিল । বৰ্তমান চীনে ভাৰত মহাসাগৰ অঞ্চলত শক্তিশালী উপস্থিতি প্ৰদৰ্শন কৰাৰ বাবে আগ্ৰহী হৈ পৰিছে । যিটো ভাৰতৰ বাবে এক ভাবুকি । বেইজিঙে শ্ৰীলংকাক ভাৰতৰ বিৰুদ্ধে এটা ঘাটিলৈ পৰিৱৰ্তন কৰিছে । সেয়েহে নতুন দিল্লীয়ে এই বিষয়টো বিবেচনা কৰা উচিত আৰু সেই অনুসৰি কাম কৰা উচিত ।"
মুল্লিভাইকাল লেগুনত হোৱা ভয়ংকৰ যুদ্ধৰ শেষৰ ফালে মৃত্যু হোৱা প্ৰভাকৰণৰ এই পুনৰ আৱিৰ্ভাৱে আনকি শ্ৰীলংকান তামিল উদ্দেশ্যৰ প্ৰতি সহানুভূতিশীল লোকসকলকো বিচলিত কৰি তুলিছে । উল্লেখ্য, উত্তৰ আৰু পূবৰ লগতে পাহাৰীয়া অঞ্চলত কেন্দ্ৰীভূত তামিল দ্বীপৰ ন্যায়ৰ প্ৰয়োজনীয়তা এক আৱেগিক বিষয় হৈ আছে ।
লগতে পঢ়ক :Suicide Cases in India : দেশত ৩ বছৰত চাৰে চাৰিলাখৰো অধিক আত্মহত্যাৰ ঘটনা