ETV Bharat / bharat

ভাৰত চীন সীমান্তত কৰ্তব্যৰত অৱস্থাত হৃদৰোগত আক্ৰান্ত হৈ শীৰ্ষ সেনা বিষয়াৰ মৃত্যু

author img

By

Published : Oct 7, 2022, 7:11 AM IST

অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তত সাগৰ পৃষ্ঠৰ পৰা ১৬,০০০ ফুট উচ্চতাত কৰ্তব্য পালন কৰি থকা অৱস্থাত হৃদৰোগত আক্ৰান্ত হৈ এগৰাকী সেনা বিষয়াৰ মৃত্যু (Army officer dies on duty at India China border) ৷

Etv BharatLt Col dies of heart attack while on duty at India-China border
Etv Bharatভাৰত চীন সীমান্তত কৰ্তব্যৰত অৱস্থাত হৃদৰোগত আক্ৰান্ত হৈ লেফটেনেণ্ট কৰ্ণেলৰ মৃত্যু

নেশ্যনেল ডেস্ক, 7 অক্টোবৰ: অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তত কৰ্তব্যৰত অৱস্থাত এজন সেনা বিষয়া হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় (Army officer dies of heart attack)৷ মহাৰাষ্ট্ৰৰ য়াৱতমাল জিলাৰ মুৰধোনী গাঁৱৰ সুসন্তান লেফটেনেণ্ট কৰ্ণেল বাসুদেৱ দামোদৰ আৱাৰীয়ে (35) (Lt Colonel Vasudev Damodar Awari) যোৱা 4 অক্টোবৰত অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তত সাগৰ পৃষ্ঠৰ পৰা ১৬,০০০ ফুট উচ্চতাত কৰ্তব্য পালন কৰি থকা অৱস্থাতে হৃদৰোগত আক্ৰান্ত হয় (Army officer dies on duty at India China border)৷

তেওঁক তৎক্ষণাৎ চিকিৎসাৰ বাবে গুৱাহাটীৰ মিলিটাৰী বেছ হাস্পতাললৈ (Military Base Hospital in Guwahati) স্থানান্তৰিত কৰা হৈছিল যদিও হাস্পতালতে মৃত্যু হয় সেনা বিষয়াগৰাকীৰ ৷ মৃত বিষয়াজনক শুকুৰবাৰে মুৰধোনীত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব ৷

সাংসদ বালু ধনোৰকাৰ, বিধায়ক সঞ্জীৱ ৰেড্ডী বডকুৰৱাৰ, উপ-বিভাগীয় বিষয়া ড৹ শৰদ জাৱলে, তহচিলদাৰ নিখিল ধুলধৰ, উপ-বিভাগীয় আৰক্ষী বিষয়া সঞ্জয় পূজালৱাৰ, থানেদাৰ ৰামকৃষ্ণ মহললে আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকলে সেনা বিষয়াগৰাকীক অন্তিম সন্মান অৰ্পন কৰিবলৈ উপস্থিত থাকিব ৷

170 ফিল্ড ৰেজিমেণ্ট বীৰ ৰাজপুতত সেৱা আগবঢ়োৱা মৃত বিষয়াগৰাকীক শেহতীয়াকৈ মেজৰৰ পৰা লেফটেনেণ্ট কৰ্ণেললৈ পদোন্নতি দিয়া হৈছিল ৷ তেওঁ বিবেকানন্দ বিদ্যালয়ত স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰি এনডিএত যোগদান কৰিছিল ।

লগতে পঢ়ক: অৰুণাচল প্ৰদেশৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ শ্বহীদ পাইলটক সেনাৰ শেষ শ্ৰদ্ধা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.