ETV Bharat / bharat

টাউটেৰ পিছত এইবাৰ আহিছে ঘূৰ্ণী বতাহ য়াছ - টাউতে

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মতে, শনিবাৰে পূৱ-মধ্য বংগোপ সাগৰৰ ওপৰত এক নিম্ন চাপৰ সৃষ্টি হয় ৷ ঘূৰ্ণী বতাহ য়াছৰ সাম্ভাব্য তাণ্ডৱৰ প্ৰতি লক্ষ্য ৰাখি পশ্চিমবংগৰ মাছমৰীয়াসকলক ২৩ মে'ৰ সন্ধিয়াৰ পৰা সাগৰলৈ নাযাবলৈ নিৰ্দেশ জাৰি কৰা হৈছে ৷

Cyclone Yaas: Low Pressure Forms In Bay Of Bengal

author img

By

Published : May 23, 2021, 8:49 AM IST

Updated : May 23, 2021, 10:53 AM IST

নেশ্যনেল ডেস্ক, 23 মে’: টাউটেৰ বিধ্বংসী ধ্বংসলীলাৰ বিভীষিকা মাৰ নৌযাওঁতেই এইবাৰ পুনৰ সাগৰীয় ঘূৰ্ণীৰ কবলত পৰিছে দেশৰ এটা প্ৰান্ত ৷ এই ঘূৰ্ণী পৰিচিত হৈছে য়াছ হিচাপে ৷ এই ঘূৰ্ণীৰ ফলত শনিবাৰে পুৱা পূৱ-মধ্য বংগোপ সাগৰৰ ওপৰত নিম্ন চাপৰ সৃষ্টি হয় ৷ যি ২৪ মে'ৰ ভিতৰত ঘূৰ্ণী বতাহলৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা আছে ৷ শনিবাৰে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (আইএমডি) এইদৰে সতৰ্কবাণী প্ৰকাশ কৰে ৷

  • and along & off West Bengal – Odisha –Bangladesh coasts from 24th – 26th May. Those who are out in the Deep Sea are advised to return to the coast by 23rd May.

    — India Meteorological Department (@Indiametdept) May 22, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

আইএমডিৰ মতে, ই 'অতি তীব্ৰ বেগী ঘূৰ্ণী বতাহ' লৈ ৰূপান্তৰিত হ’লে অধিক বিধ্বংসী হোৱাৰ সম্ভাৱনা আছে ৷ ২৬ মে’ৰ সন্ধিয়াৰ আশে-পাশে পশ্চিমবংগ আৰু কাষৰীয়া উত্তৰ ওড়িশা আৰু বাংলাদেশ উপকূল অতিক্ৰম কৰিব এই ঘূৰ্ণীয়ে ৷

ইতিমধ্যে বংগোপ সাগৰত সৃষ্টি হোৱা নিম্ন চাপ ঘূৰ্ণীলৈ ৰূপান্তৰিত হোৱাৰ পূৰ্ণ সম্ভাৱনাই দেখা দিছে ৷ কিন্তু ইয়াৰ প্ৰকোপ বৃদ্ধি হ’বলৈ হ’লে ঘূৰ্ণীজাকে উত্তৰ আৰু উত্তৰ-পশ্চিম দিশে গতি কৰিব লাগিব ৷ ২৬ মে’ৰ সন্ধিয়া য়াছে পশ্চিমবংগ আৰু কাষৰীয়া উত্তৰ ওড়িশা আৰু বাংলাদেশৰ উপকূল অতিক্ৰম কৰিব বুলি আইএমডিয়ে এক টুইটযোগে প্ৰকাশ কৰে ৷

আইএমডিয়ে কৰা ভৱিষ্যদ্বাণী অনুসৰি ঘূৰ্ণী বতাহ য়াছে ২৬ মে'ত ওড়িশা আৰু পশ্চিমবংগৰ উপকূলত খুন্দা মাৰিব আৰু দুয়োখন ৰাজ্যতে ২২-২৬ মে’লৈ ধাৰাসাৰ বৰষুণ হ'ব ৷

ঘূৰ্ণীবতাহ য়াছৰ প্ৰতি লক্ষ্য ৰাখি পশ্চিমবংগৰ মাছমৰীয়াসকলক ২৩ মে'ৰ সন্ধিয়াৰ পৰা সাগৰলৈ নাযাবলৈ নিৰ্দেশ জাৰি কৰা হৈছে ৷ তদুপৰি সাগৰৰ মাজত থকাসকলক ২৩ মে'ৰ পুৱাৰ ভিতৰত উপকূললৈ উভতি যাবলৈ পৰামৰ্শ দিয়ে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৷

লগতে চাওকঃ সোমবাৰে পৰৱৰ্তী চিবিআই মুৰব্বী বাছনি কৰাৰ সম্ভাৱনা

Last Updated : May 23, 2021, 10:53 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.