ETV Bharat / bharat

Haryana Govt: পৰীক্ষাৰ্থীক টোপনিৰ পৰা জগাব এখন ৰাজ্যৰ চৰকাৰে, কিন্তু কেনেকৈ ?

author img

By

Published : Dec 24, 2022, 4:18 PM IST

এখন ৰাজ্যৰ চৰকাৰে ছাত্ৰ-ছাত্ৰীক টোপনিৰ পৰা জগাই দিবলৈ গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ ৷ এতিয়াৰে পৰা আৰু পৰীক্ষাৰ্থীৰ পিতৃ-মাতৃয়ে সন্তানক পঢ়িবলৈ টোপনিৰ পৰা জগাব নালাগে ৷ পৰীক্ষাৰ্থীক টোপনিৰ পৰা জগাব ৰাজ্যখনৰ চৰকাৰে ৷ কিন্তু কেনেকৈ?

Haryana Govt
পৰীক্ষাৰ্থীক টোপনিৰ পৰা জগাব এখন ৰাজ্যৰ চৰকাৰে, কিন্তু কেনেকৈ ?

নেশ্যনেল ডেস্ক, 24 ডিচেম্বৰ: ‘‘উঠ সোনকালে, পৰীক্ষা পালেহি’’....পৰীক্ষাৰ প্ৰাকমূহুৰ্তত প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীকেই মাক-দেউতাক বা অভিভাৱকে সচৰাচৰ এইদৰেই টোপনিৰ পৰা জগাই দিয়ে ৷ তাতে আকৌ পুহমহীয়া জাৰত কম্বলৰ তলৰ পৰা জানো ওলাবলৈ মন যায় ! কিন্তু উপায় নাই, উঠিবই লাগিব ৷

প্ৰায় দুমাহৰ পিছতে দেশৰ কেইবাখনো ৰাজ্যত আৰম্ভ হ’ব দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা(forthcoming Board exams of secondary and higher secondary classes) ৷ পৰীক্ষা বুলি কলেই মাক-দেউতাকৰো তৎপৰতা বৃদ্ধি পায় ৷ নিজৰ সন্তানক পুৱতি নিশাই পঢ়া টেবুলত বহিবলৈ জগাই দিয়ে মাক-দেউতাকে ৷

কিন্তু পৰীক্ষাৰ প্ৰাকমূহুৰ্তত এখন ৰাজ্যৰ চৰকাৰে ছাত্ৰ-ছাত্ৰীক টোপনিৰ পৰা জগাই দিবলৈ গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ ৷ এতিয়াৰে পৰা আৰু পৰীক্ষাৰ্থীৰ পিতৃ-মাতৃয়ে সন্তানক পঢ়িবলৈ টোপনিৰ পৰা জগাব নালাগে(Parents will no longer wake up their child) ৷ পৰীক্ষাৰ্থীক টোপনিৰ পৰা জগাব ৰাজ্যখনৰ চৰকাৰে ৷

হয়, দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ্থীক টোপনিৰ পৰা জগাবলৈ এক বিশেষ পদক্ষেপ লৈছে হাৰিয়ানা চৰকাৰে ৷ ৰাজহুৱা স্থানত মাইক লগাই পৰীক্ষাৰ্থীক টোপনিৰ পৰা জগাই দিয়াৰ ব্যৱস্থা লৈছে হাৰিয়ানা চৰকাৰে(Announcements on public address system) ৷ পুৱাই মাইক যোগে চিঞৰি উঠাই দিয়া হ’ব ছাত্ৰ-ছাত্ৰীসকলক(Loudspeakers to wake up Haryana students) ৷

ইতিমধ্যেই হাৰিয়ানা চৰকাৰে গুৰুদ্বাৰ, মন্দিৰ, মছজিদ আদি স্থানত স্থাপন কৰিছে মাইক ৷ যাৰ জড়িয়তে পঢ়া টেবুলত বহিবলৈ মাইকেৰে চিঞৰি জগাই দিয়া হ’ব ছাত্ৰ-ছাত্ৰীসকলক ৷ উল্লেখ্য যে, হাৰিয়ানা চৰকাৰৰ শিক্ষা বিভাগৰ নিৰ্দেশনা অনুসৰি গ্ৰহণ কৰা হৈছে এই ব্যতিক্ৰমী পদক্ষেপ(Directorate School Education Haryana) ৷

কেৱল সিমানেই নহয়, দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হ’ব লগা ছাত্ৰ-ছাত্ৰীসকলক তিনিটা ভাগত বিভক্ত কৰি তেওঁলোকক নিৰীক্ষণ কৰাৰো ব্যৱস্থা লৈছে হাৰিয়ানা চৰকাৰৰ শিক্ষা বিভাগে ৷ প্ৰি-টেষ্টত উন্নত প্ৰদৰ্শন কৰা ছাত্ৰ-ছাত্ৰীসকলক প্ৰথম ভাগত, 50শতাংশতকৈ অধিক লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক দ্বিতীয় ভাগত আৰু 35 শতাংশ বা উত্তীৰ্ণ নম্বৰ প্ৰাপ্ত শিক্ষাৰ্থীসকলক তৃতীয়টো ভাগত ৰাখি ওচৰৰ পৰা নিৰীক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে শিক্ষা বিভাগে ৷

চূড়ান্ত পৰীক্ষাত যাতে ছাত্ৰ-ছাত্ৰীসকলে ভাল প্ৰদৰ্শন কৰিব পাৰে তাৰ বাবেই এই বিশেষ আৰু ব্যতিক্ৰমী ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে(Exceptional step by Haryana govt) ৷

লগতে পঢ়ক: Asam Sahitya Sabha election results 2022: খোল খালে অসম সাহিত্য সভাৰ নিৰ্বাচনৰ বেলট বাকচ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.