ETV Bharat / bharat

'Statue of Unity' তকৈও ওখ ৰামৰ মূৰ্তি নিৰ্মাণ হ'ব অযোধ্যাত - Idol of Lord Ram to be built in Ayodhya

ৰাম ভি সুতাৰে অযোধ্যাত নিৰ্মাণ কৰিব ভগৱান ৰামৰ ২৫১ মিটাৰ ওখ মূৰ্তি (Idol of Lord Ram built in Ayodhya)। গুজৰাটত থকা চৰ্দাৰ পেটেলৰ সুউচ্চ মূৰ্তিৰ উচ্চতা ১৮২ মিটাৰ । ৰামৰ মূৰ্তিটো চাহিবাবাদত তেওঁৰ কৰ্মশালাত নিৰ্মাণ কৰা হ'ব । ভগৱান ৰামৰ মূৰ্তি নিৰ্মাণ কৰিবলৈ প্ৰায় ২,০০০ শিল্পীৰ প্ৰয়োজন হ'ব ।

Lord Ram idol
'Statue of Unity' তকৈও ওখ ৰামৰ মূৰ্তি নিৰ্মাণ হ'ব অযোধ্যাত
author img

By

Published : Sep 20, 2022, 1:00 PM IST

নেশ্যনেল ডেস্ক,২০ ছেপ্টেম্বৰ : গুজৰাটৰ সুউচ্চ চৰ্দাৰ বল্লভভাই পেটেলৰ 'Statue of Unity'ৰ বিষয়ে আপুনি হয়টো জানে । বিশ্বৰ আটাইতকৈ ওখ এই মূৰ্তিটো গুজৰাটত আছে । এই মূৰ্তিটো নিৰ্মাণ কৰিছিল প্ৰসিদ্ধ ভাস্কৰ্যশিল্পী তথা পদ্মভূষণ বঁটা প্ৰাপক ৰাম ভি সুতাৰে ।

এইবাৰ শিল্পীগৰাকী আন এক বিশাল মূৰ্তি নিৰ্মাণ কৰিব । সেই মূৰ্তিটো চৰ্দাৰ বল্লভভাই পেটেলৰ মূৰ্তিটোতকৈও ওখ হ'ব । এইবাৰ অযোধ্যাত নিৰ্মাণ হ'ব ভগৱান ৰামৰ সুউচ্চ মূৰ্তি (Idol of Lord Ram to be built in Ayodhya)।

উল্লেখ্য যে, ভাস্কৰ্য শিল্পীগৰাকীয়ে মুম্বাইত নিৰ্মাণ কৰা ছত্ৰপতি শিৱাজী মহাৰাজৰ মূৰ্তিটোৰ উচ্চতা ২১২ মিটাৰ, বাবা চাহেবৰ ১৩৭.২ মিটাৰ ওখ মূৰ্তি আৰু কৰ্ণাটকত ৪৬.৬ মিটাৰ ওখ ভগৱান শিৱৰ মূৰ্তি নিৰ্মাণটো তেওঁ জড়িত আছিল । ইফালে শিল্পীগৰাকীয়ে কোৱা মতে অযোধ্যাত নিৰ্মাণ হ'বলগীয়া ভগৱান ৰামৰ মূৰ্তিটোৰ উচ্চতা হ'ব ২৫১ মিটাৰ । এই মূৰ্তিটো 'Statue of Unity' তকৈ প্ৰায় ৬৯ মিটাৰ ওখ হ'ব ।

Lord Ram idol
'Statue of Unity' তকৈও ওখ ৰামৰ মূৰ্তি নিৰ্মাণ হ'ব অযোধ্যাত

গুজৰাটত নিৰ্মাণ কৰা চৰ্দাৰ পেটেলৰ 'Statue of Unity'ৰ উচ্চতা ১৮২ মিটাৰ । ৰাম ভি সুতাৰৰ পুত্ৰ অনিল সুতাৰে কয় যে ভগৱান ৰামৰ মূৰ্তি চাহিবাবাদত তেওঁৰ কৰ্মশালাত নিৰ্মাণ কৰা হ'ব । ভগৱান ৰামৰ মূৰ্তি নিৰ্মাণ কৰিবলৈ প্ৰায় ২,০০০ শিল্পীৰ প্ৰয়োজন হ'ব । গুজৰাটত নিৰ্মাণ কৰা চৰ্দাৰ পেটেলৰ মূৰ্তিটো চাৰে তিনি বছৰত ১,০০০ দক্ষ শিল্পীয়ে নিৰ্মাণ কৰি উলিয়াইছিল ।

ইফালে ভূমিৰ সন্ধান সম্পূৰ্ণ হ'লেই মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে অনুমোদন জনোৱা মূৰ্তিটোৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব । মূৰ্তিটোৰ আৰ্হিটো ২০১৮ চনত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ উপস্থিতিত এখন প্ৰতিযোগিতাৰ পৰা লোৱা হৈছিল । ইতিমধ্যে ইয়াৰ নিৰ্মাণৰ অনুমতি দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

মূৰ্তিটোৰ বাবে ভূমিও চিনাক্তকৰণৰ প্ৰক্ৰিয়া চলি আছে । ভূমি পোৱাৰ লগে লগে মূৰ্তিটো প্ৰায় চাৰি বছৰৰ ভিতৰত নিৰ্মাণ কৰি উলিওৱা হ'ব । অযোধ্যাত লতা মংগেশকাৰ চক নিৰ্মাণত বৰ্তমান ব্যস্ত থকা সুতাৰ আৰু তেওঁৰ পুত্ৰ অনিল সুতাৰে মূৰ্তিটোৰ নক্সা প্ৰস্তুত কৰিছে ।

লগতে পঢ়ক :ৰাজনৈতিক দলসমূহৰ নগদ অনুদান সন্দৰ্ভত আইন মন্ত্ৰালয়লৈ পত্ৰ মুখ্য নিৰ্বাচন আয়ুক্তৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.