ETV Bharat / bharat

বিৰোধীৰ প্ৰতিবাদ: তৃতীয়বাৰৰ বাবে স্থগিত লোকসভা

author img

By

Published : Aug 4, 2021, 2:24 PM IST

পেগাচাছ আৰু আন বিষয়কলৈ বিৰোধীৰ তীব্ৰ প্ৰতিবাদৰ মাজতে বুধবাৰে তৃতীয়বাৰৰ বাবে লোকসভাৰ চলিত অধিৱেশন স্থগিত ৰখা হয় ।

Lok Sabha proceedings adjourned for 3rd time
বিৰোধীৰ প্ৰতিবাদৰ বাবে তৃতীয়বাৰৰ বাবে স্থগিত লোকসভা

নেশ্যনেল ডেস্ক , ৪ আগষ্ট: সংসদত পেগাচাছক (Pegasus) লৈ বিৰোধীৰ প্ৰতিবাদ অব্যাহত আছে । পেগাচাছ আৰু আন বিষয়ক লৈ তীব্ৰ প্ৰতিবাদৰ মাজতে বুধবাৰে তৃতীয়বাৰৰ বাবে লোকসভাৰ চলিত অধিৱেশন স্থগিত ৰখা হয় । বুধবাৰে সদন আৰম্ভ হোৱাৰ লগে লগে অধ্যক্ষ ওম বিৰলাই (Speaker of the Lok Sabha Om Birla) লোকসভাৰ আঠগৰাকী প্ৰাক্তন সদস্যৰ মৃত্যুত শোকপ্ৰকাশ কৰে ৷

ইয়াৰ লগতে অধ্যক্ষৰ আহ্বানত সকলোৱে সদস্যকেইগৰাকীৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা কৰে । ইফালে সদনৰ কাম কাজ আৰম্ভ হোৱাৰ লগে লগে প্ৰতিবাদ আৰম্ভ কৰে বিৰোধীয়ে । অধ্যক্ষ বিৰলাই প্ৰতিবাদকাৰী সাংসদসকলক সদনৰ শালীনতা বজাই ৰাখিবলৈ বাৰে বাৰে আহ্বান জনায় ।

প্ৰশ্নকাল আৰম্ভ হোৱাৰ দহ মিনিটৰ পিছতে তীব্ৰ হুলস্থূলৰ সৃষ্টি হোৱাত পুৱা ১১.৩০ বজালৈ সদন স্থগিত ৰাখে অধ্যক্ষ ওম বিৰলাই । ৰাজেন্দ্ৰ আগৰৱালৰ অধ্যক্ষতাত ১১:৩০ বজাত সদন পুনৰ আৰম্ভ হয় যদিও বিৰোধীয়ে পুনৰ প্ৰতিবাদ আৰম্ভ কৰে ৷ প্লেকাৰ্ড প্ৰদৰ্শনৰ লগতে সাংসদসকলে চৰকাৰ বিৰোধী শ্ল'গানেৰে সংসদ উত্তাল কৰি তোলে ।

অধ্যক্ষগৰাকীয়ে সাংসদ সকলক বিনম্ৰভাৱে হুলস্থূল নকৰিবলৈ আহ্বান জনায় । এটা সময়ত অধ্যক্ষ গৰাকীয়ে কয় যে, যদি তেওঁলোকে শান্ত নহয় তেনেহ'লে তেওঁ কঠোৰ পদক্ষেপ ল'বলৈ বাধ্য হ'ব । কিন্তু তাৰ পাচতো সাংসদসকলে প্ৰতিবাদ অব্যাহত ৰখাত পুনৰ ১২ বজালৈ সদন স্থগিত ৰাখিব লগীয়া হয় ।

দুপৰীয়া সদন পুনৰ আৰম্ভ হোৱাৰ পাচত অধ্যক্ষই বিভিন্ন মন্ত্ৰালয় সম্পৰ্কীয় কাগজপত্ৰ সদনৰ মজিয়াত উত্থাপন কৰিবলৈ অনুমতি দিয়ে । কিন্তু, এইবাৰো বিৰোধী সাংসদসকলে প্ৰতিবাদ আৰম্ভ কৰে । বিৰোধীৰ প্ৰতিবাদেৰে উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় আৰু লগে লগে অধ্যক্ষ আগৰৱালে সংসদ আৰম্ভ হোৱাৰ ১০ মিনিটৰ পাছতে ২ বজালৈ সদন স্থগিত ৰাখে ।

উল্লেখ্য যে ১৯ জুলাইৰ পৰা আৰম্ভ হোৱা অধিৱেশনৰ কাম কাজত ব্যাপকভাৱে প্ৰভাৱ পেলাইছে বিৰোধীৰ প্ৰতিবাদে । যাৰ বাবে দুয়োখন সদনে কেইবাবাৰো স্থগিত ৰাখিবলগীয়া পৰিৱেশৰ সৃষ্টি হয় ।

লগতে পঢ়ক :এছ জয়শংকৰক ফোন কৰি কি আহ্বান জনালে আফগানিস্তানৰ মন্ত্ৰীয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.