ইণ্ডিয়াত নাথাকে মায়াৱতী; 'একলা চলো' নীতি বিএছপি প্ৰধানৰ - BSP leader Mayawati
Mayawati on INDIA Block : বিএছপিৰ মুৰব্বীগৰাকীয়ে কৈছে যে এককভাৱে নিৰ্বাচনত যুঁজিলে দলটোৱে ভাল ফলাফল পাব । আনহাতে, মায়াৱতীয়ে অৱসৰৰ সম্ভাৱনা নাকচ কৰি কয় যে তেওঁ ৰাজনীতিত সক্ৰিয় হৈ থাকিব ।
Published : Jan 15, 2024, 2:22 PM IST
নিউজ ডেস্ক, ১৫ জানুৱাৰী : লোকসভা নিৰ্বাচনৰ পূৰ্বে ইণ্ডিয়া ব্লকত মোক্ষম আঘাত । ইণ্ডিয়া ব্লকৰ আশাত চেঁচাপানী ঢালি বিএছপি প্ৰধান মায়াৱতীয়ে লোকসভা নিৰ্বাচনত 'একলা চলো' নীতি লোৱাৰ কথা ঘোষণা কৰে । সোমবাৰে তেওঁ ঘোষণা কৰে যে তেওঁৰ দলে আগন্তুক লোকসভা নিৰ্বাচনত এককভাৱে নিৰ্বাচনত যুঁজিব, কোনো মিত্ৰতাৰ অংশ নহয় । অৱশ্যে তেওঁ নিৰ্বাচনোত্তৰ সহযোগিতাৰ সম্ভাৱনা অস্বীকাৰ কৰা নাই ।
মায়াৱতীয়ে লগতে কয় যে এককভাৱে নিৰ্বাচনত যুঁজাৰ সিদ্ধান্তই দলটোৰ বাবে উন্নত ফলাফল প্ৰদান কৰিব । আনহাতে, তেওঁৰ ৬৮ সংখ্যক জন্মদিনত দলৰ ৰাজ্যিক কাৰ্যালয়ত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত তেওঁৰ অৱসৰক লৈ চলি থকা বিভিন্ন জল্পনা-কল্পনা সন্দৰ্ভতো মন্তব্য কৰে । তেওঁ কয় যে বৰ্তমান তেওঁ ৰাজনীতিৰ পৰা অৱসৰ গ্ৰহণৰ কোনো পৰিকল্পনা কৰা নাই ।
উল্লেখ্য যে বিএছপিয়ে সমাজবাদী পাৰ্টীৰ সৈতে মিত্ৰতা কৰি ২০১৯ চনৰ লোকসভা নিৰ্বাচনত যুঁজিছিল । কিন্তু ভোটাৰে এই ৰাজনৈতিক বন্ধুত্ব নাকচ কৰিছিল । নিৰ্বাচনত দুয়োটা দলেই মুখথেকেচা খোৱাৰ পিছত তেওঁলোকৰ ৰাজনৈতিক সয়ম্বৰো ভংগ হয় ।
ৰাম মন্দিৰ সন্দৰ্ভত মায়াৱতীয়ে কয় যে তেওঁক ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে । কিন্তু তেওঁ তাত অংশগ্ৰহণ কৰিবনে নাই সেই সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱা নাই বুলি তেওঁ প্ৰকাশ কৰে । তেওঁ মন্দিৰ নিৰ্মাণক আদৰণি জনাই কয় যে বিএছপিয়ে মছজিদ নিৰ্মাণতো সুখী হ'ব । কিয়নো দলটোৱে ধৰ্মীয় ভিত্তিত বিভাজনক ঘৃণা কৰে ।
অৱশ্যে মায়াৱতীৰ মিত্ৰতা সন্দৰ্ভত এই পদক্ষেপত আচৰিত হ'বলগা বিশেষ একো নাই । কিয়নো তেওঁ পূৰ্বতেই এনে ধৰণৰ মিত্ৰতা প্ৰসংগত দ্বিমত প্ৰকাশ কৰি আহিছে আৰু বিজেপি আৰু বিৰোধী দল দুয়োটাৰে পৰা সমদূৰত্ব বজাই ৰাখিছে । আনহাতে, তেওঁৰ অকলশৰীয়া যাত্ৰাৰ সিদ্ধান্তটোৱে ইণ্ডিয়া ব্লকক অস্বস্তিতত পেলালেও তেওঁলোকে বাবে এক স্বস্তিৰ নিশ্বাসো হ'ব পাৰে । কিয়নো বিএছপি আৰু এছপিৰ মাজত আসনৰ বুজাবুজি কৰিবলৈ জ্যেষ্ঠ নেতাসকলৰ বাবে এক কঠিন কাম হ'লহেঁতেন ।