ETV Bharat / bharat

লোকসভা নিৰ্বাচন ২০২৪: ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰে দুদিনীয়া সন্মিলন নিৰ্বাচন আয়োগৰ

ECI Meets in Delhi : বৃহস্পতিবাৰে আইআইডিইএম নতুন দিল্লীত আৰম্ভ হোৱা সন্মিলনখনত এই বছৰ অনুষ্ঠিত হ'বলগীয়া সাধাৰণ নিৰ্বাচনৰ প্ৰস্তুতিৰ ওপৰত আলোচনা কৰা হ'ব ।

author img

By ANI

Published : Jan 11, 2024, 3:16 PM IST

দিল্লীত নিৰ্বাচন আয়োগৰ  দুদিনীয়া সন্মিলন

নিউজ ডেস্ক, ১১ জানুৱাৰী : লোকসভা নিৰ্বাচনলৈ মাত্ৰ কেইমাহমান বাকী থকা অৱস্থাত ভাৰতৰ নিৰ্বাচন আয়োগে বৃহস্পতিবাৰে সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুখ্য নিৰ্বাচনী বিষয়াসকলৰ সৈতে নিৰ্বাচনৰ প্ৰস্তুতি পৰ্যালোচনা কৰিবলৈ দুদিনীয়া সন্মিলন আৰম্ভ কৰে ।

বৃহস্পতিবাৰে ইণ্ডিয়া ইণ্টাৰনেচনেল ইনষ্টিটিউট অব ডেম'ক্ৰেচী এণ্ড ইলেকচন মেনেজমেণ্ট (আইআইডিইএম) নতুন দিল্লীত আৰম্ভ হোৱা সন্মিলনখনত এই বছৰ অনুষ্ঠিত হ'বলগীয়া পৰৱৰ্তী সাধাৰণ নিৰ্বাচনৰ প্ৰস্তুতিৰ ওপৰত চিন্তা-চৰ্চা কৰা হ'ব ।

মুখ্য নিৰ্বাচন আয়ুক্তৰ (চিইচি) নেতৃত্বত নিৰ্বাচন আয়োগৰ মুখ্য কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়া আৰু মুখ্য কাৰ্যবাহী বিষয়াসকলক লৈ সম্পূৰ্ণ আয়োগখনে বৈঠকত অংশগ্ৰহণ কৰিছে । "আজি পুৱা নতুন দিল্লীত সকলো ৰাজ্য/কেন্দ্ৰীয়শাসিত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ দুদিনীয়া সন্মিলন আৰম্ভ হৈছে । আইডিইএমত অনুষ্ঠিত বৈঠকখনত ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ বাবে প্ৰস্তুতিৰ পৰ্যালোচনা কৰা হৈছে । চিইচিৰ নেতৃত্বত নিৰ্বাচন আয়োগৰ মুখ্য কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়া আৰু মুখ্য কাৰ্যবাহী বিষয়াসকলসহ সম্পূৰ্ণ আয়োগখনে ইয়াত অংশগ্ৰহণ কৰিছে ।" নিৰ্বাচনী সংস্থাটোৱে কয় ।

উল্লেখ্য যে 2019-ৰ সাধাৰণ নিৰ্বাচনত বিজেপিয়ে 542 খন আসনৰ ভিতৰত অভিলেখ সংখ্যক 303 খন আসনত জয়লাভ কৰি ইতিহাস ৰচনা কৰিছিল । আনহাতে, কংগ্ৰেছে মাত্ৰ 52 খন আসনহে লাভ কৰিবলৈ সক্ষম হয় । পুনৰ নিৰ্বাচিত হোৱা প্ৰথম অকংগ্ৰেছী পূৰ্ণ সংখ্যাগৰিষ্ঠ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অধিক শক্তিশালী সংখ্যাগৰিষ্ঠতাৰে এই ইতিহাস সৃষ্টি কৰে ।

আনহাতে, ২০২৪ চনৰ লোকসভা নিৰ্বাচনলৈ মাত্ৰ ছয় মাহ বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহে ইতিমধ্যে ভোটাৰসকলৰ ওচৰলৈ যোৱাৰ বাবে প্ৰচাৰ পৰিকল্পনা আৰম্ভ কৰিছে । আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে আসন ভাগ-বাটোৱাৰা চুক্তিত উপনীত হ'বলৈ ইণ্ডিয়াৰ অংশীদাৰসকলৰ মাজত হোৱা আলোচনাৰ মাজতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই মঙলবাৰে অসমত দলৰ গুৰুত্বপূৰ্ণ বৈঠকত সভাপতিত্ব কৰিবলৈ গুৱাহাটীত উপস্থিত হয় ।

অৱশ্যে লোকসভা নিৰ্বাচনৰ বাবে আসন ভাগ-বাটোৱাৰা ইণ্ডিয়া ব্লকৰ সদস্যসকলৰ বাবে এক মুখ্য বিবাদৰ বিষয় হৈ আছে । মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু ৰাজস্থানৰ বিধানসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিছত সাধাৰণ নিৰ্বাচনৰ বাবে আসন আবণ্টন কংগ্ৰেছৰ বাবে বিশেষভাৱে গুৰুত্বপূৰ্ণ হৈ পৰিছে ।

লগতে পঢ়ক :১ ফেব্ৰুৱাৰীত নিৰ্মলা সীতাৰমণৰ অন্তৰ্ৱৰ্তীকালীন বাজেট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.