ETV Bharat / bharat

Finance Bill 2023 : সদনত বিত্তীয় বিধেয়ক ২০২৩ উত্থাপন, কি আছে এই বিধেয়কত ?

author img

By

Published : Mar 24, 2023, 5:46 PM IST

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শুকুৰবাৰে লোকসভাত বিত্তীয় বিধেয়ক ২০২৩ উত্থাপন কৰে (Finance Bill 2023)। শাসক বিৰোধীৰ হুলস্থূলৰ মাজতে এই বিধেয়ক গৃহীত । চৰকাৰী কৰ্মচাৰীৰ পেঞ্চন সম্পৰ্কীয় বিষয়টো চোৱা-চিতা কৰিবলৈ সমিতি গঠনৰ প্ৰস্তাৱ ।

Finance Bill 2023
সদনত বিত্তীয় বিধেয়ক ২০২৩ উত্থাপন, কি আছে এই বিধেয়কত ?

নেশ্যনেল ডেস্ক,২৪ মাৰ্চ : শাসক-বিৰোধীৰ হুলস্থূলৰ মাজতে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে লোকসভাত উত্থাপন কৰিলে বিত্তীয় বিধেয়ক ২০২৩ (Finance Bill 2023 in Lok Sabha)। শাসকীয় পক্ষই ৰাহুল গান্ধীৰ লণ্ডনৰ বিতৰ্কিত মন্তব্যক লৈ উত্তেজনা অব্যাহত ৰখাৰ মাজতে বিৰোধী পক্ষইও আদানী প্ৰসংগত জেপিচি তদন্তৰ দাবী তোলে ।

এইবোৰৰ মাজতে বিত্তীয় বিধেয়ক ২০২৩ গৃহীত হয় । কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কোৱা মতে কৰ্মচাৰীসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰা আৰু পেঞ্চন ব্যৱস্থাক লৈ এখন সমিতি গঠন কৰা হ'ব (Committee to set up for pension system)। আনহাতে হুলস্থূলীয়া পৰিৱেশৰ বাবে লোকসভা সোমবাৰৰ বাবে স্থগিত ৰখা হয় ।

বিত্ত মন্ত্ৰীগৰাকীয়ে লগতে কয় যে আৰবিআইয়ে লিবাৰেলাইজড ৰেমিটেন্স আঁচনিৰ (এলআৰএছ) অধীনত নথকা বিদেশ ভ্ৰমণৰ বাবে ক্ৰেডিট কাৰ্ড পৰিশোধ সম্পৰ্কীয় বিষয়বোৰ চোৱা-চিতা কৰিব । সীতাৰমণে লগতে কয় যে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ৰাষ্ট্ৰীয় পেঞ্চন প্ৰণালী উন্নত কৰা প্ৰয়োজন আছে ।

বিত্ত মন্ত্ৰীয়ে সদনত উল্লেখ কৰা মতে চৰকাৰী কৰ্মচাৰীসকলৰ পেঞ্চন সম্পৰ্কীয় বিষয়টো চোৱা-চিতা কৰিবলৈ এখন সমিতি গঠন কৰাৰ প্ৰস্তাৱ দিয়া হৈছে । ইয়াৰ উপৰিও, বিত্ত মন্ত্ৰীয়ে কয় যে লিভাৰেজড ৰেমিটেন্স আঁচনিৰ (এলআৰএছ) অধীনত বিদেশ ভ্ৰমণত ক্ৰেডিট কাৰ্ড পৰিশোধ গ্ৰহণ কৰা হোৱা নাই (Credit card payments for foreign tours)। যিটো বিষয় ভাৰতীয় ৰিজাৰ্ভ বেংকে পৰ্যালোচনা কৰিব ।

প্ৰতিবেদন অনুসৰি, ঋণ মিউচুৱেল ফাণ্ড, যিয়ে সম্পত্তিৰ ৩৫ শতাংশতকৈ কম ইকুইটিত বিনিয়োগ কৰে । এনে বিনিয়োগকাৰীসকলক দীৰ্ঘম্যাদী মূলধন লাভ কৰৰ পৰা ৰেহাই দিয়াৰ প্ৰস্তাৱ দিয়া হৈছে । মিউচুৱেল ফাণ্ডৰ ওপৰত হ্ৰস্বম্যাদী মূলধন লাভ কৰ আৰোপ কৰা হ'ব । সদনৰ অনুমোদনৰ পাছত, এনে মিউচুৱেল ফাণ্ড আঁচনিৰ ধাৰকসকলে যিসকলে তেওঁলোকৰ সম্পত্তিৰ ৩৫ শতাংশ ইকুইটি শ্বেয়াৰত বিনিয়োগ কৰে তেওঁলোকৰ ওপৰত শ্লেব অনুসৰি কৰ আৰোপ কৰা হ'ব ।

উল্লেখ্য যে শুকুৰবাৰে দুপৰীয়া ১২ বজালৈ সদন স্থগিত ৰখা হৈছিল । একে সময়তে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰাৰ পাছত বিৰোধী দলবোৰ অধিক উত্তেজিত হৈ পৰা দেখা গৈছে । কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে বিৰোধী দলসমূহৰ এখন বৈঠক আহ্বান কৰিছিল । সভাখন মল্লিকাৰ্জুন খাৰ্গেৰ কাৰ্যালয়ত অনুষ্ঠিত হয় । এই সভাত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে বিৰোধীয়ে ৰণনীতি প্ৰস্তুত কৰা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :Finance Bill 2023 : নিৰ্মলা সীতাৰমণে সদনত উত্থাপন কৰিব বিত্তীয় বিধেয়ক ২০২৩

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.