ETV Bharat / bharat

লোহিত এক্সপ্ৰেছত ভয়ংকৰ অগ্নিকাণ্ড

অগ্নিপথ আঁচনিৰ বিৰুদ্ধে দেশজুৰি উত্তাল প্ৰতিবাদ (Agnipath Protest ) অব্যাহত আছে ৷ বিহাৰৰ সোণপুৰ ৰে'ল সংমণ্ডলৰ অন্তৰ্গত মহিদি ৰে'ল ষ্টেশ্যনত ৰৈ থকা অৱস্থাত লোহিত এক্সপ্ৰেছত অগ্নি সংযোগ কৰে (Lohit Express Torched in Bihar) প্ৰতিবাদকাৰীয়ে ৷

লোহিত এক্সপ্ৰেছত ভয়ংকৰ অগ্নিকাণ্ড
lohit-express-torched-in-bihar
author img

By

Published : Jun 17, 2022, 12:59 PM IST

গুৱাহাটী, 17 জুন : অগ্নিপথ আঁচনিৰ বিৰুদ্ধে দেশজুৰি উত্তাল প্ৰতিবাদ (Agnipath Protest ) অব্যাহত আছে ৷ বিহাৰত দ্বিতীয় দিনাও 'অগ্নিপথ' আঁচনিৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে ৷ শুকুৰবাৰে প্ৰতিবাদকাৰীসকলে পুৱা ৬.৩০ বজাত নৰ্থ ইষ্ট ইষ্টাৰ্ণ ৰে'লৱেৰ বিহাৰৰ সোণপুৰ ৰে'ল সংমণ্ডলৰ অন্তৰ্গত মহিদি ৰে'ল ষ্টেশ্যনত ৰৈ থকা অৱস্থাত লোহিত এক্সপ্ৰেছত অগ্নি সংযোগ কৰে (Lohit Express Torched in Bihar)৷

প্ৰতিবাদকাৰীসকলে ৰে'লখনৰ পৰা যাত্ৰীসকলক নামিবলৈ নিৰ্দেশ দি অগ্নিসংযোগৰ ঘটনা সংঘটিত কৰে ৷ এই ভয়ংকৰ অগ্নিকাণ্ডত জম্মুৰ পৰা গুৱাহাটী অভিমুখী আহি থকা ৰে'লখনৰ চাৰিটাকৈ দবা দাওদাওকৈ জ্বলি চাৰখাৰ হয় ৷

lohit-express-torched-in-bihar

ঘটনাৰ লগে লগে আৰ পি এফ আৰু অগ্নি নিবাপক বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় ৷ উত্তৰ পূব সীমান্তৰ ৰে'লৱেৰ পৰা জনোৱা অনুসৰি এই আগ্নিকাণ্ডৰ ঘটনাত কোনো যাত্ৰী হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে ৷ ইফালে উত্তৰ প্ৰদেশৰ বালিয়াত ৰে'ল ষ্টেশ্যনত বিশাল জনসমাগমৰ সৃষ্টি হৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

উল্লেখ্য যে 'অগ্নিপথ' হৈছে সশস্ত্ৰ বাহিনীৰ নিযুক্তি প্ৰক্ৰিয়াত পৰিৱৰ্তন আনিবলৈ কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ প্ৰৱৰ্তন কৰা এক নিযুক্তি আঁচনি। 2022 চনৰ 16 জুনত কেন্দ্ৰই 'অগ্নিপথ' আঁচনিৰ জৰিয়তে নিযুক্তিৰ বাবে অগ্নিবীৰৰ উৰ্ধ্বতম বয়সৰ সীমা 21 বছৰৰ পৰা 23 বছৰলৈ বৃদ্ধি কৰে৷ ইয়াৰ পিছতে দেশজুৰি ব্যপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷

লগতে চাওক : Fire in Bangladesh : বাংলাদেশত অগ্নিকাণ্ডৰ ফলত 40 জনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.