ETV Bharat / bharat

আহি আছে নিভাৰ : তামিলনাডুত সতৰ্কতা জাৰী ! - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

বতৰ বিজ্ঞান বিভাগে সম্ভাৱনা ব্যক্ত কৰা অনুসৰি বুধবাৰে বিয়লিৰ ভাগলৈ প্ৰৱল ধুমুহাৰ সৈতে ঘন্টাত প্ৰায় 120ৰ পৰা 130 কিঃমিঃ বেগত তামিলনাডুৰ পূৱ উপকূলত প্ৰৱেশ কৰিব নিভাৰ ঘূৰ্ণী বতাহে ৷ দক্ষিণ মণ্ডল ৰেলৱেয়ে 12খনকৈ ৰেলৰ চলাচল বাতিল কৰিছে ৷

Cyclone Nivar
Cyclone Nivar
author img

By

Published : Nov 25, 2020, 8:10 AM IST

Updated : Nov 25, 2020, 9:17 AM IST

নেশ্যনেল ডেস্ক, 25 নৱেম্বৰ : তামিলনাডুৰ পূৱ উপকূলত বুধবাৰে নিভাৰ ঘূৰ্ণি বতাহে প্ৰৱেশ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷ ৰাজ্যখন ভিন্ন স্থানত ইতিমধ্যে আৰম্ভ হৈছে প্ৰৱল বৃষ্টিপাত ৷ বতৰ বিজ্ঞান বিভাগে সম্ভাৱনা ব্যক্ত কৰা অনুসৰি বুধবাৰে বিয়লিৰ ভাগলৈ প্ৰৱল ধুমুহাৰ সৈতে ঘন্টাত প্ৰায় 120ৰ পৰা 130 কিঃমিঃ বেগত প্ৰৱেশ কৰিব নিভাৰ ঘূৰ্ণী বতাহ ৷ বতাহৰ গতিবেগ প্ৰতি ঘন্টাত 145 কিঃমিঃ পৰ্যন্ত হ’ব পাৰে বুলি জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই ৷ এই ঘূৰ্ণী বতাহ তামিলনাডু আৰু পণ্ডীচেৰী উপকূলৰ মাজৰ মামাল্লাপুৰম আৰু কাৰাইকালৰ মাজেৰে পাৰ হৈ যাব বুলি থাৱৰ কৰিছে বিশেষজ্ঞই ৷

তামিলনাডুৰ মুখ্যমন্ত্ৰী কে. পালানিস্বামীয়ে মঙলবাৰে কয় যে, এই দুুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ ইতিমধ্যে সাহায্য শিৱিৰ স্থাপন কৰা হৈছে আৰু প্ৰয়োজনীয় সকলো ব্যৱস্থাই গ্ৰহণ কৰা হৈছে ৷ তামিলনাডু চৰকাৰে বুধবাৰৰ দিনটোত বন্ধ ঘোষণা কৰিছে আৰু 7 খন জিলাৰ বাছ সেৱা বন্ধ কৰি দিয়া হৈছে ৷ অৱশ্যে জৰুৰীসেৱাৰ সৈতে জড়িত লোক সকলে ইযাৰ মাজতো কৰ্তব্য কৰি যাব ৷ পালানিস্বামীয়ে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মঙলবাৰে পুৱা তেওঁৰ সৈতে বাৰ্তালাপ কৰে আৰু কেন্দ্ৰৰ পৰা প্ৰয়োজনীয় সকলো সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে ৷

Cyclone Nivar
নিভাৰ আহি আছে

সংবাদ মাধ্যমক মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে, চৰকাৰে ইতিমধ্যে নিভাৰ দ্বাৰা প্ৰভাৱিত হ’ব পৰা 4,133 টা অঞ্চল চিনাক্ত কৰিছে আৰু জিলা উপায়ুক্তক সতৰ্ক হ’বলৈ নিৰ্দেশ প্ৰেৰণ কৰিছে ৷ 3,344 টা অঞ্চলত ইতিমধ্যে সাহায্য শিবিৰ স্থাপন কৰা হৈছে ৷ বৰ্তমানলৈকে 254 গৰাকী লোকক ইয়াত আশ্ৰয় দিয়া হৈছে ৷ কুডলোৰ, বিৰুধাচালাম, চিদাম্বৰম আৰু আৰিয়ালোৰ জিলাৰ লোকসকলক এই সাহায্য শিৱিৰত আশ্ৰয় দিয়া হৈছে ৷ সাহায্য শিৱিৰৰ লোক সকলক খাদ্য, বিচনা আৰু বিচনা চাদৰ যোগান ধৰাৰ লগতে শিশু সকলক গাখীৰো যোগান ধৰা হৈছে বুলি মুখ্যমন্ত্ৰী পালানিস্বামীয়ে জানিবলৈ দিছে ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, 14,232 গৰাকী মহিলাসহ 43,409 গৰাকী লোকক ঘূৰ্ণীবতাহৰ দ্বাৰা ক্ষতিগ্ৰস্ত লোকক সহায় আগবঢ়োৱাৰ বাবে নিয়োগ কৰা হৈছে ৷ পোহনীয়া জীৱ-জন্তুৰ চোৱা-চিতা আৰু খাদ্য যোগানৰ বাবে 8,871 গৰাকী লোক নিয়োগ কৰা হৈছে ৷

ঘন্টাত প্ৰায় 120ৰ পৰা 130 কিঃমিঃ বেগত আহিব নিভাৰ

বতৰ বিজ্ঞান বিভাগে জনোৱা সম্ভাৱনা ব্যক্ত কৰিছে যে, জ্যোতিৰ্বিদ্যাৰ ঢৌতকৈ প্ৰায় 1 ৰ পৰা 1.5 মিটাৰ উচ্চতাত আহিব এই ঢৌ ৷ ইয়াৰ দ্বাৰা বিশেষকৈ প্ৰভাৱিত হ’ব তামিলনাডু আৰু পণ্ডীচেৰীৰ উত্তৰ উপকূলীয় জিলাসমূহৰ নিম্নস্তৰীয় অঞ্চল সমূহ ৷ এই অঞ্চলত সাগৰৰ পৰিস্থিতিও যথেষ্ট অস্থিৰ হোৱা পৰিলক্ষিত হৈছে ৷ মাছমৰীয়া সকলক মৎস্য চিকাৰৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱা হৈছে ৷ চেন্নাই, এন্ন’ৰ, কাট্টুপল্লী, কুডালোৰ, নাগাপট্টীনম, পণ্ডীচেৰী আৰু কাৰাইকালক বিপদ সংকুল হিচাপে চিহ্নিত কৰা হৈছে আৰু জাহাজসমূহৰ চলাচল সাময়িকভাৱে স্থগিত ৰখাৰ নিৰ্দেশ দিয়া হৈছে ৷ সৰু সৰু নৌকাবোৰো সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা হৈছে ৷

ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে চাৰিখন জাহাজ দুৰ্যোগকালীন পৰিস্থিতিৰ বাবে সাজু কৰি ৰাখিছে ৷ এই জাহাজ সমূহে মাছমৰীয়া আৰু বাণিজ্যিক জাহাজ সমূহক সহায় কৰিব ৷ ঘূৰ্ণীবতাহৰ প্ৰৱেশৰ পাচত বিভিন্ন উদ্ধাৰ অভিযানৰ বাবে দুখন হেলিকপ্টাৰ সাজু কৰি ৰখা হৈছে ৷ ৰাজ্য আৰু জিলা প্ৰশাসনক সহায় কৰাৰ বাবে 15 টা দুৰ্যোগ প্ৰশমন দল সাজু হৈ আছে ৷ চেন্নাইত পাঁচটা বান সাহায্য বাহিনী আৰু এটা চালকৰ দল মোতায়েন কৰা হৈছে ৷ নাভাল দেট্চমেন্ট নাগাপট্টিনম, ৰামেশ্বৰম আৰু আই এন এছ পাৰুণ্ডু অনাতাঁৰ কেন্দ্ৰত এটাকৈ বান সাহায্য বাহিনী সাজু হৈ আছে ৷ এইছ এ ডি আৰ ব্ৰিক্চৰ সৈতে বিশাখাপট্টনমৰ পৰা আই এন এছ জ্যোতিক মোতায়েন কৰা হৈছে ৷ ইয়াৰ লগতে তামিলনাডু আৰু পণ্ডীচেৰী প্ৰয়োজনানুসাৰে সহায় আগবঢ়াবলৈ চালকৰ দলো সাজু কৰি ৰখা হৈছে ৷

Cyclone Nivar
তামিলনাডুত সতৰ্কতা জাৰী

দক্ষিণ মণ্ডল ৰেলৱেয়ে 12খনকৈ ৰেলৰ চলাচল বাতিল কৰিছে ৷ চেন্নাইৰ পৰা যাত্ৰা কৰা চুবুৰবান ৰেলখনৰ চলাচল বুধবাৰে পুৱা 10 বজাৰ পৰা বাতিল কৰা হৈছে ৷ চেন্নাই এগম’ৰ-মাদুৰাই-চেন্নাই এগ ম’ৰ, চেন্নাই এগ ম’ৰ-কাৰাইক্কুডি-চেন্নাই এগ ম’ৰ, তিৰুনেভেলী-চেন্নাই এগ ম’ৰ-তিৰুনেভেলী, টুটিক’ৰিণ-চেন্নাই এগ ম’ৰ-টুটিক‘ৰিণ আৰু চেন্নাই এগ ম’ৰ-কন্যাকুমাৰী-চেন্নাই এগ ম’ৰ বিশেষ ৰেল কেইখনৰ চলাচল বাতিল কৰা হৈছে ৷

লগতে পঢ়ক : প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যুত শোক বাৰ্তা প্ৰেৰণ আলফা‌ স্বাধীনৰ

Last Updated : Nov 25, 2020, 9:17 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.