নেশ্যনেল ডেস্ক,5 আগষ্ট: জম্মু-কাশ্মীৰ আৰক্ষীৰ বৃহৎ সফলতা ৷ শুকুৰবাৰে শ্ৰীনগৰৰ নাটিপোৰাত অঞ্চলত অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে লস্কৰ-ই-তৈবাৰ সৈতে থকা তিনি লিংকমেনক ৷ জম্মু-কাশ্মীৰ আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, গ্ৰেপ্তাৰ কৰা তিনিওজনে শ্ৰীনগৰ চহৰত কূটাঘাতমূলক কাৰ্যকলাপৰ পৰিকল্পনা কৰি আছিল ৷ গ্ৰেপ্তাৰ কৰা তিনি লিংকমেন কেইটা বাৰামুলাৰ বুলবুল বাগৰ বাসিন্দা ইমৰান আহমেদ নাজাৰ, শ্ৰীনগৰৰ কামাৰৱাৰীৰ বাসিন্দা ৱাছিম আহমেদ মাট্টা আৰু বিজবেহাৰাৰ পাজালপোৰাৰ পৰা ৱাকেল আহমেদ ভাট বুলি জানিব পৰা গৈছে ৷ আনহাতে গ্ৰেপ্তাৰ কৰা তিনি লিংকমেনৰ পৰা আৰক্ষীয়ে 3 টা হেণ্ড গ্ৰেনেড, 10 জাঁই পিষ্টলৰ গুলী, AK-47ৰ 25 ৰাউণ্ড গুলী আৰু অন্যান্য আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে ৷
উল্লেখ্য যে, শ্ৰীনগৰ হানিবল নাটিপোৰাত অঞ্চলত লস্কৰ-ই-তৈবাৰ সৈতে জড়িত তিনি সন্ত্ৰাসবাদীৰ কাৰ্যকলাপৰ বিষয়ে গোপন তথ্য লাভ কৰিছিল আৰক্ষীয়ে ৷ এই গোপন তথ্যৰ ভিত্তিত শ্ৰীনগৰ আৰক্ষীয়ে অভিযান চলাই উক্ত অঞ্চলৰ পৰা তিনিওকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ গ্ৰেপ্তাৰ কৰা ৱেকেল আহমেদ ভাট পূৰ্বে সন্ত্ৰাসবাদী সংগঠন ইছলামিক ষ্টেট জম্মু আৰু কাশ্মীৰৰ চুমুকৈ ISJKৰ এজন সক্ৰিয় সন্ত্ৰাসবাদী আছিল ৷ পূৰ্বেও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৱেকেল আহমেদ ভাটক ৷ 2 বছৰ কাৰাবন্দী কটোৱা ৱেকেল আহমেদ ভাটে পুনৰ সন্ত্ৰাসবাদী সংগঠনৰ লগত জড়িত হৈছিল ৷
আৰক্ষীৰ আন এক তথ্য অনুসৰি তিনি সন্ত্ৰাসবাদীয়ে শ্ৰীনগৰ চহৰত কূটাঘাত কাৰ্যকলাপৰ বাবে TRF নামৰ নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠনৰ পৰা বিস্ফোৰক সামগ্ৰী আৰু মাৰাণাস্ত্ৰ সংগ্ৰহ কৰিছিল । ইতিমধ্যে তিনি আটকাধীন সন্ত্ৰাসবাদী কাৰ্যত সহযোগীক কৰাৰ বাবে চানাপোৰা আৰক্ষী থানাত বিস্ফোৰক আইনৰ ধাৰা ৩ আৰু ৪, অস্ত্ৰ আইনৰ ধাৰা ২৫ আৰু বে-আইনী কাৰ্যকলাপ আইনৰ ১৮, ২৩ আৰু ৩৯ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে ।
লগতে পঢ়ক:Cough syrup seized: প্ৰায় 3.50 কোটি টকাৰ ফেন্সিডাইল কফ চিৰাপ জব্দ