ETV Bharat / bharat

Jawaharlal Nehru birth anniversary : পণ্ডিত নেহৰুলৈ প্ৰধানমন্ত্ৰীকে ধৰি দেশৰ নেতাসকলৰ শ্ৰদ্ধাঞ্জলি

author img

By ANI

Published : Nov 14, 2023, 12:42 PM IST

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । কংগ্ৰেছ নেতা ৰাহুল গান্ধী, ছোনিয়া গান্ধী আৰু এআইচিচিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেও শান্তিভানত পুষ্পাঞ্জলি জ্ঞাপন কৰে ।

Jawaharlal Nehru birth anniversary
পণ্ডিত নেহৰুলৈ প্ৰধানমন্ত্ৰীকে ধৰি দেশৰ নেতাসকলৰ শ্ৰদ্ধাঞ্জলি

নেশ্যনেল ডেস্ক,১৪ নৱেম্বৰ : আজি দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্ম জয়ন্তী । দেশজুৰি নেহৰুৰ জন্মদিনটো শিশু দিৱস হিচাপে উদযাপন কৰা হৈছে । ইফালে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক আজি দেশজুৰি শ্ৰদ্ধাজ্ঞলি জনোৱা হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও মঙলবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে এক্সৰ এটা পোষ্টত লিখিছে, "আমাৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুজীৰ জন্ম জয়ন্তীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি ।"

  • Tributes to our first Prime Minister Jawaharlal Nehru Ji on his birth anniversary.

    — Narendra Modi (@narendramodi) November 14, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইফালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও মঙলবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে পণ্ডিত জৱাহৰলাল নেহৰু হৈছে স্বাধীনতা, প্ৰগতি আৰু ন্যায়ৰ চিন্তা । ৰাহুল গান্ধীয়ে এক্সৰ পোষ্টত লিখিছে যে ভাৰতক আজি 'জৱাহৰ হিন্দ'ৰ মূল্যবোধৰ প্ৰয়োজন ।

  • पंडित जवाहर लाल नेहरू एक सोच हैं - स्वतंत्रता की, प्रगति की, न्याय की।

    भारत माता को आज अपने 'हिंद के जवाहर' के इन्हीं मूल्यों की ज़रूरत है, एक विचारधारा की तरह, हर दिल में। pic.twitter.com/0XiCBxDeiO

    — Rahul Gandhi (@RahulGandhi) November 14, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধী আৰু অন্যান্য কংগ্ৰেছ নেতাসকলেও প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্ম জয়ন্তীত ৰাষ্ট্ৰীয় ৰাজধানীৰ শান্তিভানত পুষ্পাঞ্জলি জ্ঞাপন কৰে । খাৰ্গেয়ে সামাজিক মাধ্যমৰ এটা পোষ্টত লিখিছে যে পণ্ডিত জৱাহৰলাল নেহৰুৱে ভাৰতক শূন্যৰ পৰা শীৰ্ষলৈ লৈ গৈছিল । আধুনিক ভাৰতৰ স্ৰষ্টা, গণতন্ত্ৰৰ নিৰ্ভীক অভিভাৱক আৰু সকলোৰে অনুপ্ৰেৰণাৰ উৎস বুলিও তেওঁ নেহৰুক সম্বোধন কৰে ।

  • “नागरिकता, देश की सेवा में होती है”

    ~ पंडित जवाहरलाल नेहरू

    भारत को शून्य से शिखर तक पहुँचाने वाले, आधुनिक भारत के निर्माता, लोकतंत्र के निर्भीक प्रहरी व हमारे प्रेरणास्रोत, पंडित जवाहरलाल नेहरू जी की जयंती पर विनम्र श्रद्धांजलि।

    उनके प्रगतिशील विचारों ने तमाम चुनौतियों के… pic.twitter.com/KOgYZ4zMj0

    — Mallikarjun Kharge (@kharge) November 14, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

কংগ্ৰেছৰ সভাপতিগৰাকীয়ে লগতে কৈছে যে তেওঁৰ প্ৰগতিশীল ধাৰণাসমূহে সকলো প্ৰত্যাহ্বানৰ স্বত্বেও ভাৰতৰ সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক বিকাশক উন্নত কৰিছিল আৰু দেশৰ জনসাধাৰণক কোনো বৈষম্য নোহোৱাকৈ আৰু সদায় দেশক প্ৰথম স্থান দিয়াৰ বাবে প্ৰতিটো মুহূৰ্তত একেলগে থাকিবলৈ উৎসাহিত কৰিছিল ।

উল্লেখ্য যে নেহৰুৰ জন্ম ১৮৮৯ চনৰ ১৪ নৱেম্বৰত উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত হৈছিল । ১৯৬৪ চনৰ ২৭ মে'ত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । নেহৰুৱে শিশুসকলক যথেষ্ট ভাল পাইছিল । যাৰ বাবে তেওঁৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে ১৪ নৱেম্বৰত শিশু দিৱস পালন কৰা হয় ।

লগতে পঢ়ক :India UK FTA: ব্ৰিটেইন ভ্ৰমণক লৈ আশাবাদী বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.