নিউজ ডেস্ক, ১৮ জানুৱাৰী : বৰ্তমান সমগ্ৰ ভাৰত ৰামময় হৈ পৰিছে, অযোধ্যাৰ কথাটো বাদেই দিয়ক । এই সময়তে অযোধ্যাৰ চৰ্চাত স্থান লাভ কৰিছে কোকিলকণ্ঠী লতা মংগেশকাৰে । মীৰাটৰ গৌৰৱ শৰ্মা নামৰ ব্যক্তিগৰাকী হৈছে লতা মংগেশকাৰৰ এগৰাকীৰ একান্ত অনুৰাগী । তেওঁ লতা মংগেশকাৰৰ সৈতে সম্পৰ্কিত বহু স্মৃতি সংৰক্ষণ কৰি ৰাখিছে । আনহাতে, অযোধ্যাৰ সৈতে আধুনিক সময়ৰ নাইটিংগেল লতা মংগেশকাৰৰ এক সম্পৰ্ক আছে । ইফালে লতা মংগেশকাৰৰ সৈতে সম্পৰ্কিত প্ৰতিটো ঘটনা সংৰক্ষিত কৰাৰ বাবে মীৰাটৰ গৌৰৱ শৰ্মাই লিমকা বুক অব ৰেকৰ্ডছত স্থান লাভ কৰিছে ।
উল্লেখ্য যে তেওঁৰ সংগ্ৰহালয়ত লতা মংগেশকাৰৰ এটা বিশেষ গীত সংৰক্ষিত হৈ আছে, যিটো সহজতে ক'তো শুনিবলৈ পোৱা নাযায় । এই গীতটো ১৯৯০ চনত বিজেপিৰ জ্যেষ্ঠ নেতা এল কে আদৱানীৰ আহ্বানত লতাজীয়ে অযোধ্যা আৰু শ্ৰীৰামৰ বাবে গাইছিল । বিশেষকৈ ৰথযাত্ৰাৰ সময়ত কৰ সেৱকসকলক অনুপ্ৰাণিত কৰিবৰ বাবে এই গীতটো গাইছিল লতা মংগেশকাৰে ।
আনহাতে, অযোধ্যাৰ লগত থকা লতা মংগেশকাৰৰ স্মৃতি যুগমীয়া কৰিবৰ বাবে সৃষ্টি কৰা হৈছে লতা চক । অযোধ্যাৰ শ্ৰীৰাম মন্দিৰ ভ্ৰমণৰ বাবে অহা ভক্তসকলে এই লতা চকত এতিয়া চেলফি লোৱাত ব্যস্ত । প্ৰধানমন্ত্ৰী মোদী আৰু মুখ্যমন্ত্ৰী যোগী ইয়ালৈ আহিলে তেওঁলোকেও নিশ্চিতভাৱে লতা চকৰ মাজেৰে পাৰ হৈ যায় ।
এই পৰিৱেশৰ মাজতে নিজকে লতাৰ এগৰাকী ভক্ত বুলি দাবী কৰা মীৰাটৰ গৌৰৱ শৰ্মাই তেওঁৰ ৰাম ধ্বনি নামৰ সংগ্ৰহালয়ত এই চকটোৰ সৈতে সম্পৰ্কিত প্ৰতিটো তথ্য সংগ্ৰহ কৰি ৰাখিছে । ইয়াৰ উপৰি গৌৰৱে লতা চকৰ ওপৰত বিভিন্ন ভাষাত লিখা প্ৰবন্ধবোৰো সংগ্ৰহ কৰি গৈ আছে । এক কথাত ক'বলৈ গ'লে লতা চকৰ বিষয়ে গৌৰৱৰ ওচৰত যিমান তথ্য আছে, সেয়া আন কাৰোৰে ওচৰত নাই ।
ইটিভি ভাৰতৰ সৈতে হোৱা বাৰ্তালাপত গৌৰৱ শৰ্মাই কয় যে ভগৱান ৰামৰ সৈতে সম্পৰ্কিত সকলো চৰিত্ৰ ৰামায়ণ শংখলাত দেখা যাব । কিন্তু তাৰ বাহিৰেও কেৱল লতাৰ নামতো এটা চক আছে । যিয়ে ইয়ালৈ আহিব, নিশ্চিতভাৱে তেওঁ লতা চকলৈ যাব । বৃত্তিত শিক্ষক গৌৰৱে লগতে কয় যে তেওঁৰ ওচৰত এনে কিছু সামগ্ৰী আছে, যিবোৰ একেলগে ক'তো বিচাৰি পোৱা নাযায় । তেওঁৰ ওচৰত এটা ভিডিঅ' আছে যিটো ১৯৯২ চনত লতাজীয়ে কাৰ সেৱকসকলক উৎসাহিত কৰিবলৈ নিৰ্মাণ কৰিছিল । সেই সুন্দৰ গানটোৰ কথা হৈছে, 'মন কী তব তক শুনি জব তক ৰাম না আয়ে' ।
গৌৰৱ শৰ্মাই কয় যে ৰামায়ণ বৰ্তনীত যিবোৰ মন্দিৰ পুনৰ নিৰ্মাণ কৰা হৈছে, সেইবোৰ ৰামায়ণৰ সময়ৰ । কিন্তু আধুনিক সময়ত তাত কেৱল লতা মংগেশকাৰৰ নামহে পোৱা যায় । বাস্তুশাস্ত্ৰ মতে এখন 14 টন ওজনৰ বীণা স্থাপন কৰা হৈছে । এই বীণাৰ চাৰিওফালে ৯২ টা পদুম ফুলি থকা দেখা গৈছে । ৯২ টা পদুম মানে লতাজীৰ জীৱনকাল বুজাইছে । তেওঁ লতা মংগেশকাৰ সন্দৰ্ভত যিবোৰ সংগ্ৰহ কৰিছে তাৰ নাম দিয়া হৈছে ৰাম ধ্বনি ।
লগতে পঢ়ক :ৰাম মন্দিৰ স্মাৰক ডাক টিকট মুকলি প্ৰধানমন্ত্ৰী মোদীৰ