ETV Bharat / bharat

TM CM on Lankan Naval attacks : মোডী চৰকাৰৰ দিনত মাছমৰীয়াৰ ওপৰত বৃদ্ধি পাইছে শ্ৰীলংকা নৌসেনাৰ আক্ৰমণ

author img

By

Published : Aug 19, 2023, 11:26 AM IST

ভাৰতৰ মাছমৰীয়াসকলৰ ওপৰত শ্ৰীলংকাৰ নৌসেনাৰ আক্ৰমণ বৃদ্ধি পাইছে । বিজেপি চৰকাৰে মাছমৰীয়াসকলক সুৰক্ষা প্ৰদানত ব্যৰ্থ হৈছে । তামিলনাডুৰ মুখ্যমন্ত্ৰী তথা ডিএমকেৰ সভাপতি এম কে ষ্টেলিনৰ গুৰুতৰ অভিযোগ ।

TM CM on Lankan Naval attacks
মোডী চৰকাৰৰ দিনত মাছমৰীয়াৰ ওপৰত বৃদ্ধি পাইছে শ্ৰীলংকা নৌসেনাৰ আক্ৰমণ

নেশ্যনেল ডেস্ক,১৯ আগষ্ট : ভাৰতৰ মাছমৰীয়াৰ ওপৰত শ্ৰীলংকাৰ নৌসেনাৰ আক্ৰমণ অব্যাহত আছে । ২০১৪ চনত বিজেপি শাসনলৈ অহাৰ পাছত শ্ৰীলংকাৰ নৌসেনাৰ উচ্চপদস্থ বিষয়াসকলৰ অতপালি যথেষ্ট বৃদ্ধি পাইছে । এই অভিযোগ তামিলনাডুৰ মুখ্যমন্ত্ৰী তথা ডিএমকেৰ সভাপতি এম কে ষ্টেলিনৰ । মাছমৰীয়াসকলক সুৰক্ষা দিয়া বুলি দাবী কৰি আহিছে যদিও সেই দাবী নস্যাৎ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে পাল্ক ষ্ট্ৰেইটকে ধৰি ইয়াৰ আশে-পাশে চুবুৰীয়া দেশখনৰ নৌসেনাৰ আক্ৰমণ বৃদ্ধিহে পাইছে ।

উপকূলীয় ৰামনাথপুৰম জিলাৰ ৰামেশ্বৰমৰ ওচৰৰ মন্দপামত মাছমৰীয়া সন্মিলনত ভাষণ দি তেওঁ বিজেপিক প্ৰশ্ন কৰে মাছমৰীয়াসকলৰ দুৰ্দশা ৰক্ষা কৰিবলৈ ২০১৪ চনত মোডীয়ে দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ কি হ'ল ? তেওঁ লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰাক্তন নেত্ৰী সুষমা স্বৰাজে কাচ্চাথিভু উদ্ধাৰ কৰাৰ প্ৰতিশ্ৰুতিও স্মৰণ কৰে ।

তেওঁ অভিযোগ কৰা মতে চৰকাৰ সলনি হৈ বিজেপি আহিল যদিও মাছমৰীয়াসকলৰ ওপৰত অত্যাচাৰ বৃদ্ধি পাইছে । আক্ৰমণ, গ্ৰেপ্তাৰ আৰু কাৰাগাৰত বন্দী হোৱাৰ উপৰিও মাছমৰীয়াৰ অধিক জাহাজ জব্দ কৰিছে । শ্ৰীলংকা চৰকাৰৰ বাবে মাছ ধৰা জাল আৰু নাও ধ্বংস কৰাটো অভ্যাসগত হৈ পৰিছে বুলিও তেওঁ অভিযোগ কৰে । ২০১৪ চনত ৰামনাথপুৰমত অনুষ্ঠিত ৰেলীত মোডীয়ে কংগ্ৰেছ চৰকাৰৰ দুৰ্বলতাক দোষাৰোপ কৰিছিল কিন্তু বিজেপি শাসনৰ অধীনত ৯ বছৰত পৰিস্থিতি আৰু উন্নত হৈছে নেকি বুলি তেওঁ প্ৰশ্ন কৰে ।

ভাৰত চৰকাৰে শ্ৰীলংকাক অৰ্থনৈতিক সংকটৰ পৰা পুনৰুদ্ধাৰ কৰাত সহায় কৰা স্বত্বেও এই অত্যাচাৰ অব্যাহত আছে । তেওঁ দিয়া তথ্য অনুসৰি ২০২০ চনৰ পৰা ৪৮ টা আক্ৰমণ হৈছে আৰু ৬১৯ গৰাকী মাছমৰীয়াক গ্ৰেপ্তাৰ কৰা হৈছে । জব্দ কৰা ৮৩ খন জাহাজৰ ভিতৰত মাত্ৰ ১৬ খনহে মুকলি কৰি দিছে । এই বছৰত এতিয়ালৈ ৭৪ গৰাকী মাছমৰীয়াক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তাৰে ৫৯ গৰাকীক মুকলি কৰি দিয়া হৈছে । কিন্তু, ৬৭ খন জাহাজ এতিয়াও জব্দ কৰি থোৱা হৈছে ।

কাচ্চাথিভু উদ্ধাৰ কৰিলে মাছমৰীয়াসকলৰ দুৰ্দশাৰ এক স্থায়ী সমাধান হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে দাবী কৰে । ইফালে কেন্দ্ৰীয় চৰকাৰক ১৯৭৪ চনৰ ভাৰত আৰু শ্ৰীলংকাৰ চুক্তি বজাই ৰাখিবলৈ কলম্বোৰ সৈতে তৎক্ষণাৎ কূটনৈতিক সম্পৰ্ক আৰম্ভ কৰিবলৈ আহ্বান জনায় । যদি বিজেপি চৰকাৰে এই ক্ষেত্ৰত বিফল হয় তেনেহ'লে আগন্তুক লোকসভা নিৰ্বাচনত জয়ী হোৱা চৰকাৰে সেই দাবী পূৰণ কৰিবলৈ সক্ষম হ'ব ।

লগতে পঢ়ক :Mysterious blast in Kargil: লাডাখৰ কাৰ্গিলত ৰহস্যজনক বিস্ফোৰণ; নিহত ৩ আহত ১০

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.