নেশ্যনেল ডেস্ক,২০ জুলাই : মহাৰাষ্ট্ৰৰ ৰায়গড় জিলাৰ খালাপুৰ তহচিলৰ ইৰ্শালৱাড়ী গাঁৱত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা । ভূমিস্খলনৰ ফলত এতিয়ালৈ ১৬ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । আনহাতে ১১৯ জন লোক বৰ্তমানো আৱদ্ধ হোৱাৰ আশংকা কৰা হৈছে । এনডিআৰএফ আৰু প্ৰশাসনৰ উদ্ধাৰকাৰী দলে অভিযান অব্যাহত ৰাখিছে । নিহতৰ পৰিয়াললৈ আৰ্থিক সাহায্য ঘোষণা কৰিছে চৰকাৰে ।
জানিব পৰা মতে ধাৰাষাৰ বৰষুণৰ পাছত অঞ্চলটোত ভূমিস্খলন আৰম্ভ হয় । ভূমিস্খলনৰ পাছতে অঞ্চলটোত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে । ইফালে খবৰ পোৱাৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে । মুখ্যমন্ত্ৰীগৰাকীৰ লগতে কেবিনেটৰ কেইবাগৰাকী মন্ত্ৰীও অঞ্চলটো পৰিদৰ্শন কৰে । মন্ত্ৰী উদয় সামন্ত, গিৰীশ মহাজন, দাদা ভুছে আৰু মহেশ বালদীও ইৰাচালৱাড়ী গাঁৱত উপস্থিত হৈছে ।
এনডিআৰএফৰ বিষয়াসকলে জনোৱা মতে ঘটনাস্থলীত দুটা দল উপস্থিত হৈছে । দল কেইটাই উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । আনহাতে এনডিআৰএফৰ আৰু দুটা দল ঘটনাস্থলীলৈ ৰাওনা হৈছে । ইফালে, ঘটনাটোৰ পাছত ৰায়গড় আৰক্ষীয়ে এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে । আৰক্ষীয়ে কয় যে তেওঁলোকে ঘটনাস্থলীৰ পৰা ২০ৰো অধিক লোকক উদ্ধাৰ কৰিছে কিন্তু ধ্বংসাৱশেষৰ তলত বহু লোক আৱদ্ধ হোৱাৰ আশংকা কৰা হৈছে ।
আৰক্ষী আৰু জিলা প্ৰশাসনৰ ১০০ৰো অধিক লোক উদ্ধাৰ অভিযানত জড়িত হৈ আছে । এনডিআৰএফৰ উপৰিও স্থানীয় লোক আৰু কিছুমান বেচৰকাৰী সংগঠনেও উদ্ধাৰ অভিযানত সহযোগিতা আগবঢ়াইছে ।
জানিব পৰা মতে চক গাঁৱৰ পৰা ৬ কিলোমিটাৰ দূৰৈত মৰ্বে বান্ধৰ ওপৰৰ পাহাৰীয়া অঞ্চলত জনজাতীয় গাঁওখন আছিল । ধাৰণা কৰা হৈছে যে ভূমিস্খলনৰ পাছত গাওঁখনৰ প্ৰায় ৯০ শতাংশ ধ্বংসাৱশেষৰ তলত পোত গৈছে । স্থানীয় লোকসকলে জনোৱা মতে বুধবাৰে নিশা ১০:৩০ বজাৰ পৰা ১১ বজাৰ ভিতৰত এই ভূমিস্খলন হৈছিল । গাঁওখনত ৫০ ৰ পৰা ৬০ টা জনজাতীয় পৰিয়াল আছিল । ৩০ ৰ পৰা ৪০ টা পৰিয়ালৰ বাসগৃহ এতিয়াও ধ্বংসাৱশেষৰ তলত আছে বুলি আশংকা কৰা হৈছে । ইফালে, ধাৰাষাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত উদ্ধাৰ আৰু সাহায্য অভিযানত বাধাৰ সৃষ্টি হৈছে ।
মুখ্যমন্ত্ৰী একনাথ সিন্দেয়ে ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লৈছে । কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক ঘটনাটোৰ বিষয়ে অৱগত কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে । মুখ্যমন্ত্ৰীয়ে মৃতকৰ পৰিয়ালক ৫ লাখ টকাৰ সাহায্য প্ৰদানৰো ঘোষণা কৰে । মুখ্যমন্ত্ৰীয়ে লগতে কয় যে আহতসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হ'ব আৰু দুখন হেলিকপ্টাৰ সাহায্যৰ কামৰ বাবে মোতায়েন কৰা হৈছে ।
লগতে পঢ়ক :Maharashtra landslide: মহাৰাষ্ট্ৰত ভয়ংকৰ ভূমিস্খলনত ৪ জনৰ মৃত্যু, আৱদ্ধ ১০০ৰো অধিক লোক